বিদ্যাৰ অধিষ্ঠাত্রী দেৱী সৰস্বতী
ভাৰতীয় দেৱ -দেৱী বোৰৰ ভিতৰত সৰস্বতী দেৱী অন্যতম। মাঘ মাহৰ শুক্লা পঞ্চমী তিথিত বিদ্যাৰ অধিষ্ঠাত্রী দেৱী সৰস্বতীৰ পূজা পালন কৰা হয়। এই দিনটো ছাত্র -ছাত্রী সকলৰ বাবে বিশেষ দিন। এই দিনটোতে নিদিষ্ট বিধি অনুসৰি বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আদি বিভিন্ন শিক্ষা প্রতিষ্ঠান আৰু ব্যক্তিগত বাসগৃহসমূহত ভক্তগণে সমূহীয়াভাৱে আৰু ব্যক্তিগতভাৱে এই পূজা পালন কৰে। তেওঁক পূজা-সেৱা কৰি তুষ্ট কৰিব পাৰিলেই জ্ঞান আহৰণ কৰিব পাৰি বুলি ভবা হয়। বিশ্বাস কৰা হয় যে মাঘ মাহৰ শুক্ল পক্ষৰ পঞ্চম দিনা জ্ঞান আৰু বাগ -দেৱী সৰস্বতী ব্ৰহ্মাৰ মুখৰ পৰা নামি আহিছিল। এই দিনটো দেৱী সৰস্বতীৰ উপাসনাত উৎসগিত হৈছিল। ইয়াৰ বাবে, বসন্ত পঞ্চমীত প্ৰতি বছৰে সৰস্বতী পূজাৰ আয়োজন কৰা হয়। বিদ্যা আৰু জ্ঞান কামনা কৰি এই সৰস্বতী পূজা কৰা হয় যদিও ইয়াৰ মাজেৰে মিলা -প্ৰীতি , শান্তি, একতা আৰু ভাতৃত্ববোধ আদি গুণৰাজিৰ বিকাশ হয়।
ৰাজলক্ষ্মী বৰঠাকুৰ
দেৱৰাজ ৰয় মহাবিদ্যালয় গোলাঘাট