আই বিনাপাণি-নিতিষ্মান দাস

Pc News18

আই বিনাপাণি

সমস্ত জগতৰ তুমিয়েই, জ্ঞানৰ প্ৰকাশ,
সকলো ভকতৰ তুমিয়েই, বিশাল আকাশ।
শিশুসৱৰ মনত বোৱাই দিয়া, জ্ঞানৰ বতাহ,
তুমি আই বিনাপাণি, জীৱনৰ উশাহ ।
বিনাপাণি আই তোমাক সকলোৱে ভজে,
জ্ঞানৰ সৰগ যেন, তোমাৰ চৰণতেই আছে।
অন্ধ জীৱনক তুমি আলোকময় কৰা,
আমাক মুক্ত কৰা তুমি, অজ্ঞানতাৰ পৰা।
বাকদেৱী, হংসগামিনী, জ্ঞানদায়িনী,
সকলোৰে বাবে, একেই আই তুমি।
হংস আই বিনাপাণি ! তোমাৰ বাহন,
হাস্যমুখে প্রকাশে তোমাৰ বদন।
কত শিক্ষাৰ্থীৰ তুমিয়েই জীৱন,
সকলোৰে তুমি আই, পৰম ৰতন।
পৰম দেৱী তুমি, জ্ঞান সংগীতৰ ,
পৰম দেৱী তুমি সকলোৰে পৰাণৰ৷
নিৰক্ষৰজনক তুমিয়েই কৰা জ্ঞানী !
দুখী জীৱনো তুমি, কৰা সুখী !
মোহনীয় তোমাৰ দুটি নয়ন,
প্ৰকাশে তোমাৰ কিৰণময় চৰণ।
বিশ্বৰ ভৱিষ্যত আই, তোমাৰেই হাতত,
সকলোৰে সু-মতি তোমাৰেই নামত।
সকলোকে আই তুমি, আশীৰ্বাদ কৰিবা,
সকলোকে তুমি, কৰিবা কৃপা।
জনালোঁ প্ৰণিপাত তোমাক, শত-কৌটি বাৰ,
আলোকময় কৰি ৰাখা ইহ সংসাৰ।

-নিতিষ্মান দাস
অষ্টম শ্রেণী