হেঙুলীয়া আকাশখনি- চুমিতা গগৈ

Pc Vecteezy

হেঙুলীয়া আকাশখনি

অস্ত বেলিটিয়ে কৈ যায়
বাস্তৱৰ বহু জীয়া কাহিনী
কোনোৱে উভটিছে সপোন সামৰি
কোনোৱে আকৌ ভাগৰিছে
জীৱন যুঁজৰ নাটৰ আঁত ধৰি।
ঘৰমুৱা পখীৰ কোলাহল
সজীৱ কৰি তুলিছে এই আৱেলি।
সুমথিৰা ৰঙৰ
আকাশৰ তলত বহি
অস্ত বেলিটিলৈ চাই কোনোৱে
নিজকে নিজে কৈছে
নতুন এটি ৰাতিপুঁৱাৰ লগত হ’ব
আকৌ নতুন যাত্রাৰ আৰম্ভণি।

চুমিতা গগৈ
অষ্টম শ্ৰেণী
ৰবিগাঁও মধ্য ইংৰাজী বিদ্যালয়
টীয়ক,যোৰহাট