মুক্ৰৰ হিংসাত্মক ঘটনাৰ তদন্তৰ দায়িত্ব চি বি আইক

ৰঙিলী বাৰ্ত্তাসেৱা-  পশ্চিম কাৰ্বি আংলঙৰ অসম-মেঘালয় সীমান্তৰ মুক্ৰত সংঘটিত ঘটনাৰ তদন্তৰ দায়িত্ব চি বি আইক অপৰ্ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে৷ নতুন দিল্লীৰ অসম হাউছত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ আনহাতে, উক্ত ঘটনাৰ সন্দৰ্ভত প্ৰাক্তন ন্যায়াধীশ ৰুমী ফুকনৰ নেতৃত্বত গঠিত আয়োগক ন্যায়িক তদন্তৰ ভাৰ অৰ্পণ কৰিছে কেবিনেটে৷ প্ৰথমবাৰৰ বাবে ৰাজ্যৰ বাহিৰত অনুষ্ঠিত এই কেবিনেট বৈঠকৰ অন্তত  সাংবাদিকৰ আগত মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কয় যে আজিৰ কেবিনেটে সীমান্তত সংঘটিত ঘটনাক গৰিহণা দিয়াৰ লগতে দুঃখ প্ৰকাশ কৰিছে৷ যিহেতু দুখন ৰাজ্যৰ মাজত এই ঘটনা সংঘটিত হৈছে সেয়েহে কেবিনেটে এই ঘটনাৰ তদন্তৰ ভাৰ চি বি আইক অৰ্পণ কৰাৰ সিদ্ধান্ত লৈছে৷ একেদৰে ন্যায়িক তদন্তৰ ভাৰ প্ৰাক্তন ন্যায়াধীশ ৰুমী ফুকনক প্ৰদান কৰিছে৷ ফুকনে ৬০ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব লাগিব৷ ইফালে, সীমান্তত যাতে এনেধৰণৰ ঘটনা পুনৰ সংঘটিত নহয় তাৰ বাবে ৰাজ্য চৰকাৰখনে পদক্ষেপ গ্ৰহণ কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে আৰক্ষী আৰু বন বিভাগক সীমান্তত এনে ঘটনা প্ৰতিৰোধৰ বাবে এখন এছ অ’ পি প্ৰস্তুত কৰাৰ নিৰ্দেশ দিয়া হৈছে৷