বোকাখাতৰ আমটেঙাত ‘ইমাৰজেন্সী’ৰ শ্বুটিং

বোকাখাতৰ আমটেঙাত ‘ইমাৰজেন্সী’ৰ শ্বুটিং

ৰঙিলী বাৰ্ত্তাসেৱা-  বোকাখাতৰ আমটেঙাত কংগনা ৰানাৱতৰ চিনেমাৰ শ্বুটিং। বোকাখাতৰ নিকৰিৰ পাছত বলীউদৰ অভিনেত্ৰীগৰাকী এইবাৰ শ্বুটিঙত ব্যস্ত বোকাখাতৰ আমটেঙাত। অসমত চলি আছে কংগনাৰ ‘ইমাৰজেন্সী’ ছবিৰ শ্বুটিং। বিগত কিছুদিন ধৰি অসমতে বাহৰ পাতি আছে বলীউদৰ অভিনেত্ৰীগৰাকী। ১৯৭৭ চনৰ বাংলাদেশৰ ছেট নিৰ্মাণ কৰা হৈছে আমটেঙাত। আমটেঙাৰ প্ৰতিখন দোকানতে আঁৰি দিয়া হৈছে বাংলা ভাষাৰ চাইনব’ৰ্ড। ‘ইমাৰজেন্সী’ৰ শ্বুটিঙৰ বাবে সজাই তোলা হৈছে দোকানসমূহ। পুৱা ৫ বজাৰ পৰাই কংগনা ৰানাৱত আৰু ‘ইমাৰজেন্সী’ৰ টীমে শ্বুটিং আৰম্ভ কৰিছে বোকাখাতৰ আমটেঙা বজাৰত।