মহাবীৰ লাচিত
মোৰ দেশৰ মহাবীৰ, লাচিত বৰফুকন,
লাচিত নাম শুনি শত্ৰুৰ কম্পন।
দেহৰ কথা নাভাবি দেশক কৰিছিল ৰক্ষা,
লাচিতৰ মহান ইতিহাস এবাৰ চোৱা।
কোন অতীতৰ এইজন আছিল ৰণুৱা,
উজাগৰে লাচিতে দেশক, কৰিছিল ৰক্ষা।
লাচিতৰ নাম আছে অসমীয়াৰ তেজে তেজে,
লাচিতৰ নাম আছে অসমীয়াৰ হৃদয়ে হৃদয়ে।
লুইতৰ সোঁতত যেন সোণালী পোহৰ,
শৰাইঘাটত লাচিতৰ স্মৃতি এতিয়াও অমৰ।
শৰাইঘাটৰ মহাৰণৰ কথা শুনিছানে তুমি,
মনত পৰিছেনে সেই যুগমীয়া স্মৃতি।
বৰ লুইতৰ বুকুত লাচিতে যুদ্ধ কৰিছিল,
মোগলক লাচিতে অসমীয়াৰ বল দেখাইছিল।
কৈছিলা দেশতকৈ মোমাই ডাঙৰ নহয়,
তোমাৰ বাবে আমাৰ নিশ্চিত আছিল জয়।
অসীম সাহসেৰে মোগলক জিনিলা,
অসমী আইক তুমি লাচিত! ৰক্ষা কৰিলা।
তুমি বিনে লাচিত! অসম আধৰুৱা,
মোগল সৈন্যক তুমি পৰাস্ত কৰিলা ।
অসমীয়াক সাহসৰ কত বাণী কৈছিলা,
অসমীয়াক লাচিত তুমি! সাহস দিছিলা।
নৰিয়া শৰীৰেও তুমি যুদ্ধ কৰিছিলা,
অসমীয়া সেনাক মনোবলৰ ধল বোৱালা।
লাচিত তোমাক জনালোঁ শত-কৌটি প্রণাম,
ইতিহাসত সোণালী আখৰে অমৰ তোমাৰ নাম ৷
-নিতিষ্মান দাস, অষ্টম শ্রেণী