তুমি আকৌ আহিবা – চাহিল ইছলাম

তুমি আকৌ আহিবা

– চাহিল ইছলাম

আহিবাচোন আকৌ জোনাকৰ সান্নিধ্যত
নিশাবোৰ সজাই তুলিবলৈ..
আকৌ চিয়াঁহী হৈ মোৰ ডায়েৰী খনৰ
উকাবোৰ মচি পেলাবা..
উপন্যাসৰ চৰিত্ৰ হৈ আহি
আকৌ চিনাকি হ’বাচোন মোৰ লগত ..
আকৌ কেতিয়াবা
মই লিখা কবিতাৰ ছন্দ হৈ ৰৈ যাবা ।

তুমি আকৌ আহিবাচোন প্ৰেয়সীৰ
সাজযোৰ পিন্ধি ..
আকৌ বৰষুণ হৈ নামি হৃদয়খন
জীপাল কৰি তুলিবা ।
তোমাক লৈ ৰচা কল্পনাবোৰ
শুনিব আহিবাচোন আকৌ ,
আকৌ সপোন হৈ আহি মোৰ
কাষত শুই যাবা ..
আকৌ আহিবাচোন হাস্নাহানাৰ
সুবাস হৈ
আকৌ অস্ত সূৰুযৰ ৰং হৈ
বিয়পি পৰিবা..
তুমি আকৌ আহিবা
তুমি তুমি হৈ আহিবা ..