গুৱাহাটী চিৰিয়াখানাৰ পৰা আম্বানীৰ চিৰিয়াখানালৈ বন্য জন্তু লৈ যোৱাৰ বিৰুদ্ধে প্ৰতিবাদ

গুৱাহাটী চিৰিয়াখানাৰ পৰা আম্বানীৰ চিৰিয়াখানালৈ বন্য জন্তু লৈ যোৱাৰ বিৰুদ্ধে প্ৰতিবাদ

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী চিৰিয়াখানাৰ পৰা আম্বানীৰ চিৰিয়াখানালৈ বন্য জন্তু লৈ যোৱাৰ বিৰুদ্ধে আম আদমি পাৰ্টীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে গুজৰাটৰ জামনগৰত থকা গ্ৰীণ জুলজিকেল, ৰেছকিউ ৰিহেবিটেছন কিংডমলৈ অসম চৰকাৰে কেইবাটাও বন্য জন্তু অবৈধভাৱে পঠিয়াবলৈ চেষ্টা কৰি আছে।  আম আদমি পাৰ্টীৰ সদস্যসকলে চিৰিয়াখানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে আৰু তেওঁলোকক আৰক্ষীয়ে আটক কৰি চচলত কেইবাঘণ্টাও আবদ্ধ কৰি ৰাখে। চচলৰ পৰা মুক্ত হৈ সমন্বয়ক ডা৹ ভবেন চৌধুৰী ডাঙৰীয়াৰ নেতৃত্বত আপৰ সদস্যসকলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বাসগৃহলৈ যায় আৰু এখন আবেদন দাখিল কৰে। মুখ্য ন্যায়াধীশৰ হৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰেজিষ্টাৰাৰ আৰু মুখ্য ন্যায়াধীশৰ প্ৰিন্সিপাল ছেক্ৰেটেৰীয়ে দলটোক সাক্ষাৎ কৰি আবেদনখন গ্ৰহণ কৰি কয় যে বিষয়টো সোমবাৰে উচ্চ ন্যায়ালয়ৰ পি আই এল সমিতিলৈ প্ৰেৰণ কৰা হ’ব। বিষয়টো মুখ্য ন্যায়াধীশে গুৰুত্বসহকাৰে লোৱা বুলিও তেওঁলোকে সদৰি কৰে।