তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ কৰ্মচাৰীৰ বিয়োগত শোক 

তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ কৰ্মচাৰীৰ বিয়োগত শোক 

দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা- তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী গীৰেণ কলিতাৰ আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন অৱস্থাত আকস্মিক বিয়োগ ঘটে। মাত্র ৪০ বছৰ বয়সতে মৃত্যুক সাৱটি লোৱা নলবাৰীৰ ঘগ্ৰাপাৰৰ নিবাসী কলিতাই মৃত্যুৰ সময়ত পিতৃ- মাতৃ, পত্নী আৰু তিনিটা সন্তান ইহ সংসাৰত এৰি থৈ যায়। ১৯৮২ চনৰ ২২ ফেব্ৰুৱাৰীত জন্মগ্রহণ কৰা গীৰেণ কলিতাই ২০১৯ চনত তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ বঙাইগাঁও জিলা কাৰ্যালয়ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাবে যোগদান কৰিছিল ৷ 

আজি কলিতাৰ মৃতদেহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা সঞ্চালকালয়ৰ মুখ্য কাৰ্যালয়লৈ অনা হয়। সঞ্চালকালয়ৰ বিষয়া–কৰ্মচাৰীসকলে শৱদেহত শেষ শ্ৰদ্ধা যঁচাৰ লগতে সঞ্চালকৰ সভাপতিত্বত অনুষ্ঠিত শোকসভাত মৃতকৰ আত্মাৰ সদ্‌গতিৰ বাবে এক মিনিট মৌন প্রার্থনা জনোৱাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ৷