অতৃপ্ত হৃদয় -হিমাদ্ৰী বৰকটকী

Pc News-Medical.net

অতৃপ্ত হৃদয় 

মোৰ অস্তিত্ব আৰু নীৰৱতাই
তোমাৰ প্ৰেমৰ সাক্ষী দিয়ে
জানানে তুমি !
তোমাৰ অন্তৰে মোক
সংগোপনে স্পৰ্শ কৰে….
তোমাৰ প্ৰেমৰ মাধুৰিমাই মোক
দিয়ে অনাবিল আনন্দৰ সঁফুৰা
তুমি সদায় মোৰ মণিকোঠাৰ
প্ৰেমৰ পূজাৰী, প্ৰাপ্তি – অপ্ৰাপ্তিৰ
ৰাতিৰ নিৰৱতাৰ প্ৰেমৰ লগৰী….
এই ৰিক্ত হৃদয়ত প্ৰেম দিলাহি উজাৰি
উপচাই পেলালা মোৰ বুকুৰ চোতালখনি
অস্থিৰ কৰি তোলে মোৰ হিয়াখনি
দোবাহুৰ মাজত মই চঞ্চল পুতলাটি
কিযে আনন্দৰ খলকনি….
তোমাৰ অভিমানী মনটোৱে মোক
কাষলে টানি আনে বাৰে বাৰে…
পোৱা – নোপোৱাৰ দোমোজাত
ভাগৰি পৰিছো মই…
তথাপিটো মই আশাত বন্দী
ফুলিবনে বাৰু কেতিয়াবা এই
অতৃপ্ত হৃদয়ত প্ৰেমৰ প্ৰতিমূৰ্ত্তি….

হিমাদ্ৰী বৰকটকী
নগাঁও