বটদ্ৰৱা কাণ্ডৰ অন্যতম মূল অভিযুক্ত চফিকুল ইছলামক গ্ৰেপ্তাৰ

বটদ্ৰৱা কাণ্ডৰ অন্যতম মূল অভিযুক্ত চফিকুল ইছলামক গ্ৰেপ্তাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  বটদ্ৰৱা কাণ্ডৰ অন্যতম মূল অভিযুক্ত চফিকুল ইছলামক নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। চলিত বৰ্ষৰ ২১ মে’ত জ্বলাই দিছিল বটদ্ৰৱা আৰক্ষী থানা। থানা জ্বলোৱাৰ সময়ত পেট্ৰ’ল যোগান ধৰিছিল ধৃত চফিকুল ইছলামে।  ঘটনা সংঘটিত হোৱাৰ পৰাই কেৰালাত আত্মগোপন কৰি আছিল চফিকুল ইছলামে। আৰক্ষীয়ে মঙলবাৰে নিশা মৈৰাবাৰীৰ পৰা চফিকুল ইছলামক গ্ৰেপ্তাৰ কৰে। মুঠ ২৪ জন অভিযুক্তৰ চার্জশ্বিট দাখিল কৰিছিল নগাঁও আৰক্ষীয়ে। ইয়াৰে মুঠ ১২ জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষী।১২ জনকৈ অভিযুক্ত এতিয়াও পলাতক অৱস্থতাত আছে।আৰক্ষী থানা জ্বলোৱা মূল অভিযুক্ত মজিদা খাতুনকো গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ নগাঁও আৰক্ষী।আৰক্ষীৰ জিম্মাত দুৰ্ঘটনাত মৃত্যু হৈছিল আস্বিকুল ইছলাম নামৰ আন এক অভিযুক্তৰ।