অসম গ্ৰামীণ বিকাশ বেংক , গৰুখুটী শাখাৰ উদ্যোগত সানোৱাত বিশেষ বিত্তীয় সাক্ষৰতা শিবিৰ সম্পন্ন

অসম গ্ৰামীণ বিকাশ বেংক , গৰুখুটী শাখাৰ উদ্যোগত সানোৱাত বিশেষ বিত্তীয় সাক্ষৰতা শিবিৰ সম্পন্ন

ৰঙিলী বাৰ্ত্তাসেৱা-    ২৪ আগষ্ট , ২০২২ তাৰিখ বুধবাৰে দিনৰ ৩-০০ বজাত ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সানোৱা গাঁৱত নাবাৰ্ডৰ সহযোগত অসম গ্ৰামীণ বিকাশ বেংক , গৰুখুটী শাখাৰ সহযোগত এখনি বিশেষ বিত্তীয় স্বাক্ষৰতা সভা বিগত ইং ২০০৩ চনতে শতবৰ্ষ অতিক্ৰম কৰা ঐতিহ্যমণ্ডিত সানোৱা প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হৈ যায়। সানোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক ফখৰুদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সভা খনিৰ আঁত ধৰে গৰুখুটী শাখাৰ অধীনৰ ধলপুৰ ক্ষুদ্ৰ শাখাৰ কৰ্মচাৰী নজমল হুছেইনে। সভাত উপস্থিত সমবেত ৰাইজক উক্ত শাখাৰ শাখা পৰিচালক আমন সিঙে বেংকৰ খিলাপী ঋণ , পি এম জে জে বি ৱাই , পি এম এচ্ বি ৱাই , এ পি ৱাই , কৃষি ঋণ আৰু অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জৰিয়তে মহিলা আত্ম সহায়ক গোট বোৰক প্ৰদান কৰা চি চি ঋণ সম্পৰ্কত অবগত কৰে। অসম গ্ৰামীণ বিকাশ বেংক , গৰুখুটী শাখাৰ ভূতপূৰ্ব শাখা পৰিচালক প্ৰসন্ন ভট্টই সভাত বক্তব্য প্ৰদান কৰি ওপৰোল্লেখিত সকলো ঋণ আৰু খিলাপী ঋণ অনাদায় হৈ থাকিলে অঞ্চলৰ ৰাইজে ভোগ কৰিবলগা জীয়াতুৰ কথা উল্লেখ কৰি নতুন প্ৰজন্মই বেংকৰ পৰা ঋণ লাভ কৰিব লাগিলে খিলাপী ঋণ সমূহ আদায় দিয়াৰ ব্যবস্থা কৰিবলৈ উপস্থিত ৰাইজ তথা ঋণী সকলৰ প্ৰতি আহ্বান জনায়। লগতে প্ৰধানমন্ত্ৰী বীমা আঁচনি সমূহৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰাৰ ক্ষেত্ৰত বেংকে লোৱা পদক্ষেপক আদৰণী জনায়। উপস্থিত ৰাইজৰ তৰফৰ পৰা পিয়াৰ আলি , মোজাম্মিল হক ,গাঁওবুঢ়া কুতুবুদ্দিন আহমেদ , আৰিফুদ্দিন আহমেদ ,বেংক সখী মিনাৰা বেগম আৰু জীৱিকা সখী মিৰাদা বেগমে চমু বক্তব্য প্ৰদান কৰে। সভাত ৰাইজৰ সিদ্ধান্ত মৰ্মে পুণৰ আন এখনি বিশেষ বিত্তীয় সজাগতা সভা বহল ভিত্তিত অহা চেপ্তেম্বৰ মাহ ০৯ তাৰিখ শুক্ৰবাৰে দিনৰ ৩-০০ বজাত সানোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰি উক্ত সভাখনিৰ বহুল প্ৰচাৰ আৰু ৰাইজক আহ্বান জনাবলৈ গৰুখুটী শাখাৰ অধীনস্থ সানোৱা ক্ষুদ্ৰ শাখাৰ কৰ্মচাৰী চফিকুৰ ৰহমানক দায়িত্ব অৰ্পণ কৰা হয়। সভাত সানোৱা গাঁও সুৰক্ষা সমিতিৰ সম্পাদক মইনুল হকে শলাগৰ শৰাই আগবঢ়ায়।