‘মটৰ শ্ৰমিক কল্যাণ আঁচনি’ কাৰ্যকৰী কৰা,নানা ধৰণৰ কৰ,অত্যাধিক জৰিমনা আদায়ৰ বাবে হাৰাশাস্তি বন্ধৰ আহ্বান চৰকাৰক

‘মটৰ শ্ৰমিক কল্যাণ আঁচনি’ কাৰ্যকৰী কৰা,নানা ধৰণৰ কৰ,অত্যাধিক জৰিমনা আদায়ৰ বাবে হাৰাশাস্তি বন্ধৰ আহ্বান চৰকাৰক

ৰঙিলী বাৰ্ত্তাসেৱা-  মটৰ শ্ৰমিক সংগঠন সমূহে মটৰ শ্ৰমিকৰ কল্যাণ আঁচনি শীঘ্ৰে কাৰ্যকৰী কৰা,অত্যাধিক জৰিমনা প্ৰত্যাহাৰ কৰা,শ্ৰমিক বিৰোধী শ্ৰম সংহিতা প্ৰত্যাহাৰ,ক’ৰনা কালৰ সাহায্য সকলো মটৰ শ্ৰমিকক দিয়া আদি দাবী তথা কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু ফেডাৰেশ্বন সমূহে আহ্বান দিয়া,সৰ্বভাৰতীয় ধৰ্মঘটৰ প্ৰতি সমৰ্থন জনাই ২৮-২৯ মাৰ্চত ৪৮ ঘন্টীয় চকা বন্ধৰ আহ্বান দিয়ে৷অৱশ্যে এই বন্ধৰ সময়ত পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰী,গাখীৰ,বিজুলী,পানী যোগানৰ লগতে জৰুৰী আৰু অত্যাৱশ্যকীয় ব্যৱস্হা ৰেহাই দিয়ে৷আজি দিছপুৰ প্ৰেছ ক্লাবত সংবাদ মেল আয়োজন কৰি অসমৰ মটৰ শ্ৰমিক সংগঠন সমূহৰ যৌথ মঞ্চই এইদৰে সদৰী কৰে৷সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদৰ সাধাৰণ সম্পাদক এ ৰেজ্জাক আহমেদ,অসম পেট্ৰ’লিয়াম মজদুৰ ইউনিয়নৰ সাধাৰণ সম্পাদক ৰমেন দাস,অল ইন্দিয়া ৰোড ট্ৰেন্সপোৰ্ট ৱাৰ্কচ ফেডাৰেশ্বনৰ অসম ৰাজ্যিক কমিটীৰ সাধাৰণ সম্পাদক বীৰেন শৰ্মাই কয়-সমাজখনক গতিশীল কৰি ৰখা মটৰ শ্ৰমিকসকলক সকলাে দিশৰ পৰা বঞ্চিত কৰাৰ প্ৰৱণতা চৰকাৰে এৰিব পৰা নাই। এটা গুৰুত্বপূর্ণ বিভাগ উন্নত কৰিব লাগিলে চালক কৰ্মচাৰীক মানসিকভাৱে প্ৰস্তুত কৰি তােলাৰ ব্যৱস্থা এটা সক্রিয় কৰি ৰখাৰ বাবে কোনাে ধৰণৰ প্ৰয়াস সংশ্লিষ্ট বিভাগ তথা চৰকাৰৰ কাম-কাজত দেখা নাযায়।সৰু সৰু যানবাহন বৃদ্ধিৰ লগে লগে চালক কৰ্মচাৰীৰ সংখ্যা ও বৃদ্ধি হৈছে। ৰাজ্যখনৰ প্রায় ৮ লাখ মটৰ পৰিবহন শ্রমিক এই বিভাগত নিয়ােজিত হৈ ৰাইজ তথা চৰকাৰৰ সেৱা আগবঢ়াই আহিছে। ইয়াৰ ভিতৰত স্বনিয়ােজিত অর্থাৎ নিজেই নিজৰ বাহনত চালক- কৰ্মচাৰীৰ কাম কৰি জীৱন নির্বাহ কৰি অহা যুৱকৰ সংখ্যা কম নহয়। বিভিন্ন পর্যটন প্রতিষ্ঠানৰ জৰিয়তে যথেষ্ঠ সংখ্যক যুৱকে কর্মসংস্থানৰ লগতে চৰকাৰৰ পৰ্য্যাটন ক্ষেত্ৰখনক উন্নত কৰাৰ প্ৰয়াস কৰিছে। ইয়াৰ উপৰিও গুৱাহাটীকে ধৰি ৰাজ্যখনৰ চহৰ নগৰত সৰু ডাঙৰ বাহনেৰে যাত্রী ও মালবস্তু কঢ়িওৱাৰ উপৰিও আজিকালি বহুতে নিজৰ গধুৰ যানবাহন চলাই চৰকাৰক সেৱা দি আহিছে।এনে ক্ষেত্ৰত চৰকাৰে নানা ধৰণৰ আঁচনিৰ জৰিয়তে এই যুৱক সকলক পৰিবহন খণ্ডটোক উন্নত কৰাৰ বাবে জড়িত কৰাৰ আঁচনি আমাৰ লক্ষ্যত পৰা নাই। বহু আন্দোলনৰ পাছত পৰিবহন আৰু শ্রম বিভাগে কিছু উদ্যোগ লােৱাৰ ফলত চৰকাৰে বিগত বিধানসভাত ’মটৰ শ্রমিক কল্যাণ আঁচনি’এখন গৃহীত কৰা বুলি আমি জানিব পাৰিছিলোঁ।কিন্তু আজিলৈ কার্যকৰী কৰা নাই।বৰং ইয়াৰ বিপৰীতে বিভিন্ন জৰিমনাৰে চালক কৰ্মচাৰী আৰু সৰু সৰু মালিকসকলক হাৰাশাস্তি কৰাৰ লগতে চৰকাৰৰ খালি হৈ থকা ভঁৰাল টনকিয়াল কৰাৰহে প্রয়াস পৰিলক্ষিত হৈছে।বিগত ২ টাকৈ বছৰ ক’ৰনাৰ প্ৰভাৱৰ বাবে বেছিভাগ যানবাহনৰ চকা বন্ধ হৈ থাকিল। কিন্তু চৰকাৰে সঠিকভাৱে চালক-কর্মচাৰীক সামান্য সাহয্য দিয়াৰ প্রয়াস নকৰিলে, চৰকাৰে লক ডাউনৰ জৰিয়তে নিজেই বন্ধ ৰখা বাহন সমূহৰ পৰা বিভিন্ন কৰ ৰেহাই নিদিলে।বৰং গাড়ী চলিবলৈ আৰম্ভ কৰাৰ লগে লগে জৰিমনাসহ

বিভিন্ন কৰ বিভিন্ন ধৰণে হাৰাশাস্তি কৰাৰ আঁচনি হাতত ল’লে । বহুচালক কৰ্মচাৰীৰ ক্ষেত্ৰত বহু দুখজনক কাহিনী আমাৰ পৰিলক্ষিত হ’ল।