সুৰজিৎ একাডেমীত বিশ্ব পুতলা নাচ দিৱস

সুৰজিৎ একাডেমীত বিশ্ব পুতলা নাচ দিৱস

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰতি বছৰে ২১ মাৰ্চত গোটেই বিশ্বতে বিশ্ব পুতলা নাচ দিৱস উদযাপন কৰা হয়। এইবাৰ পুতলা নাচ দিৱসৰ উদ্দেশ্য হৈছে পুতলা নাচক গোলকীয় কলা হিচাপে পৰিচয় কৰোৱা আৰু বিশ্বৰ পুতলা নাচ শিল্পী সকলক সন্মান জনোৱা।ইউএনআইএমএ- ইউনিয়ন ইণ্টাৰনেচনেল ডে লা মাৰিওনেট নামৰ আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানে প্ৰথম বাৰৰ বাবে ২০০৩ চনত বিশ্ব পুতলা নাচ দিৱস উদযাপন কৰিছিল। বিশ্বৰ বিভিন্ন ঠাইত পুতলা নাচ দিৱস পালন কৰা হৈছে  । অসমতো প্ৰতি বছৰে সুৰজিৎ একাডেমীয়ে ২১ মাৰ্চত পুতলা নাচ দিৱস পালন কৰি আহিছে। হেৰাই যাবলৈ ধৰা অসমৰ কলাক প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অহৰহ চেষ্টা চলাই আছে। পুতলা নাচ দিৱস কাৰ্য্যক্ৰমত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ পৰা ৰাষ্ট্ৰীয় ৰিচাৰ্ছ টেগৰ স্কলাৰ প্ৰাপ্ত বিনীতা দেৱীয়ে বিশ্ব পুতলা নাচ সম্পৰ্কে ব্যাখ্যা দাঙি ধৰে। পুতলা নাচে সকলোকে মনোৰঞ্জন দিয়াৰ লগতে শিক্ষাৰ ক্ষেত্ৰতো যথেষ্ট গুৰুত্ব আছে। মানৱৰ দৈহিক মানসিক সকলো ক্ষেত্ৰতে বিকাশ ঘটাই পুতলা মাধ্যমেৰে। আজিৰ বিশ্ব পুতলা নাচ দিৱসত পুতলা নাচৰ শিল্পী প্ৰণৱ ৰাভা, হাৰ্দিক শৰ্মা, ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ পৰা জলপানি প্ৰাপ্ত হৃদয় জ্যোতি দাস, কৃষ্টি ৰাজবংশী, নিহাৰিকা কলিতা, ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ পৰা জলপানি প্ৰাপ্ত আৰু ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ উত্তৰ পূব মণ্ডল সাংস্কৃতিক কেন্দ্ৰৰ পৰা যুৱ শিল্পী বঁটা প্ৰাপ্ত ধ্ৰুৱ জ্যোতি কলিতা, কৰিশ্মিতা তালুকদাৰ, সীমা দেৱী  পুতলা নাচ পৰিৱেশন কৰে। অনুষ্ঠানত ভেণ্ট্ৰিলোকুইজম, সূতা পুতলা, লাঠি পুতলা, ছাঁ পুতলা, গ্লভ পুতলা, কাগজৰ পুতলা, ভেংকুৰালিছিম অনুষ্ঠানত পৰিৱেশন কৰা হয়। অনুষ্ঠানত সাংস্কৃতিক কৰ্মী, শিক্ষাবিদ, বিভিন্ন মহাবিদ্যালয়-বিশ্ববিদ্যাল়ৰপৰা অহা শিক্ষাৰ্থীয়ে বিশ্ব পুতলা নাচৰ দিন জোৰা কাৰ্য্যসূচীৰ সাংস্কৃতিক কাৰ্য্যক্ৰম উপভোগ কৰে।