অদ্বিতীয় ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ নতুন চমক

অদ্বিতীয় ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ নতুন চমক, 

ৰেখা প্ৰকাশনে তিনিখনকৈ নতুন গ্ৰন্থ প্ৰকাশ কৰিলে 

বিহমাৰী,ৰঙিলী বাৰ্ত্তাসেৱা-  এছিয়া মহাদেশৰ ভিতৰতে সৰ্বাধিক গ্ৰন্থ প্ৰকাশ কৰি অভিলেখ সৃষ্টি কৰা অদ্বিতীয় ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ তিনিখনকৈ নতুন গ্ৰন্থ শেহতীয়াকৈ বজাৰত উপলব্ধ হৈছে। অসমীয়া সাহিত্য জগতৰ আটাইতকৈ জনপ্ৰিয় আৰু পৰিশ্ৰমী লেখক হিচাপে পৰিচিত ৰঞ্জু হাজৰিকাই প্ৰায় ৮০০ খন গ্ৰন্থ ৰচনা কৰি এক অনন্য ইতিহাস ৰচনা কৰিছে। অসমৰ আগশাৰীৰ প্ৰকাশন প্ৰতিষ্ঠান ৰেখা প্ৰকাশনে প্ৰকাশ কৰিছে গ্ৰন্থকেইখন। নতুনকৈ প্ৰকাশিত গ্ৰন্থকেইখন হৈছে ‘হিংস্ৰ বাসনা’, ‘দুধৰ্ষ কেৰণ’ আৰু ‘কুখ্যাত গণহত্যা আৰু প্ৰাকৃতিক দুৰ্ঘটনা’। প্ৰতিখন গ্ৰন্থতে লেখকৰ চিৰাচৰিত ৰহস্য, ৰোমাঞ্চ, থ্ৰিলাৰ আৰু সমাজৰ অন্ধকাৰ দিশৰ বাস্তৱ চিত্ৰণ ফুটি উঠিছে। উল্লেখযোগ্য যে ৰঞ্জু হাজৰিকাৰ গ্ৰন্থ মানেই পাঠকৰ বাবে এক নিচা। তেওঁৰ সহজ-সৰল ভাষা, টানটান কাহিনী আৰু শেষ মুহূৰ্তলৈকে ৰহস্য ধৰি ৰখাৰ কৌশলে পাঠকক আকৰ্ষিত কৰে। কিশোৰৰ পৰা বৃদ্ধলৈ সকলো শ্ৰেণীৰ পাঠকে তেওঁৰ গ্ৰন্থ ভাল পায়। এসময়ত যি সময়ত কিতাপ পঢ়াৰ অভ্যাস কমি আহিছিল, তেনে সময়তো ৰঞ্জু হাজৰিকাৰ গ্ৰন্থই অসমৰ হাজাৰ হাজাৰ পাঠকক কিতাপৰ প্ৰতি আকৰ্ষিত কৰি ৰাখিছে। ৰেখা প্ৰকাশনৰ স্বত্বাধিকাৰীয়ে জানিবলৈ দিয়া মতে, নতুন গ্ৰন্থকেইখনৰ প্ৰতি পাঠকৰ মাজত যথেষ্ট উৎসাহ দেখা গৈছে। ইতিমধ্যে বহু গ্ৰন্থপ্ৰেমীয়ে গ্ৰন্থকেইখন সংগ্ৰহ কৰিছে। অহা গুৱাহাটী গ্ৰন্থমেলাতো গ্ৰন্থকেইখন বিশেষভাৱে উপলব্ধ হ’ব। পূৰ্বৰ গ্ৰন্থসমূহৰ দৰে এই তিনিখন গ্ৰন্থয়ো পাঠক সমাজে আঁকোৱালি ল’ব বুলি লেখক আশাবাদী। গ্ৰন্থকেইখন সংগ্ৰহ কৰিব বিচৰা পাঠকে ৯৪৩৫১ ১৪২০৩ নম্বৰত যোগাযোগ কৰিব পাৰে।