বিহাৰৰ গণতন্ত্র বচাও, অৰাজকতা হটাও পদযাত্ৰাত মুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- গণতান্ত্রিক প্রতিষ্ঠানসমূহক দুৰ্বল কৰা আৰু গণতান্ত্রিক প্রক্রিয়াত ব্যাঘাত জন্মাবলৈ বিচৰা অপশক্তিসমূহৰ পৰা গণতন্ত্রক সুৰক্ষিত কৰি ৰখাৰ লক্ষ্যৰে দেশজুৰি বিজেপিয়ে আৰম্ভ কৰা ‘গণতন্ত্র বচাও, অৰাজকতা হটাও’ প্ৰতিবাদী সমদল কাৰ্যসূচীৰ অংশ হিচাপে বিহাৰৰ পূৰ্ণিয়াত এক প্রতিবাদী পদযাত্রাত অংশগ্রহণ কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই। এই কাৰ্যসূচীৰ সমান্তৰালকৈ অনুষ্ঠিত সভাত অংশ লৈ মুখ্যমন্ত্রী ড° শৰ্মাই বিৰোধী কংগ্ৰেছৰ শেহতীয়া কার্যকলাপক তীব্র ভাষাৰে সমালোচনা কৰে। সভাত ভাষণ দি মুখ্যমন্ত্ৰীয়ে কয়- কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গেৰ বাসগৃহত ম’ক পার্লিয়ামেন্ট অনুষ্ঠিত কৰিলে আৰু ইয়াত প্রধানমন্ত্রী হ’ল ৰাহুল গান্ধী। ইয়াৰ পৰাই স্পষ্ট হ’ল যে ম’ক পার্লিয়ামেণ্টত ৰাহুল গান্ধী প্রধানমন্ত্রী হ’ব আৰু সংসদত নৰেন্দ্ৰ মোদী প্রধানমন্ত্রী হ’ব। কংগ্রেছে যিমান ইচ্ছা সিমান ম’ক পার্লিয়ামেন্ট কৰক, কিন্তু বিজেপিয়ে দেশক বিশ্বগুৰু কৰাৰ বাবে কাম কৰিব। কংগ্ৰেছ নেতা ৰাহুল গান্ধীক কটাক্ষ কৰি মুখ্যমন্ত্ৰীয়ে পুনৰ কয়- আমেৰিকাত ড’নাল্ড ট্রাম্পে নিৰ্বাচনত হৰাৰ পিছত পুৱাৰ ভাগতে ৰাহুল গান্ধীক ফোন কৰি ক’লে যে ভোট চুৰিৰ বিষয়টো কিদৰে আমেৰিকাত উত্থাপন কৰিব পাৰি তাক জনাওক। ৰাহুল গান্ধীয়ে পৰাজিত হোৱা নেতাৰ এক মডেলত পৰিণত হৈছে। নিৰ্বাচনত হাৰি ৰাইজৰ ওচৰলৈ নোযোৱা কংগ্রেছে ইভিএমক গালি পাৰি থাকে। ইভিএমৰ পেটৰ পৰাই সাংসদ হোৱা ৰাহুল গান্ধীয়ে ইভিএমকে গালি পাৰে। যেতিয়ালৈ দেশত সনাতন ধর্ম থাকিব, তেতিয়ালৈ দেশত বিজেপি চলি থাকিব, নৰেন্দ্ৰ মোদী চলি থাকিব- এই কথা ৰাহুল গান্ধীয়ে বুজি পোৱা উচিত। ৰাহুল গান্ধীক আক্ৰমণৰ লক্ষ্য লৈ মুখ্যমন্ত্ৰী ড° শৰ্মাই কয়, বাবৰ, ঔৰংজেৱৰ দৰে অনুপ্ৰৱেশকাৰীক চিনাক্তকৰণ আৰু ভোটাৰ তালিকাৰ পৰা অনুপ্ৰৱেশকাৰীৰ নাম কৰ্তন কৰা প্ৰক্ৰিয়াৰ বিৰোধিতা কৰি অনুপ্ৰৱেশকাৰীসকলক সুৰক্ষা দিয়াৰ চেষ্টা চলাইছে কংগ্ৰেছে । নিৰ্বাচনত পৰাজয়ৰ পাছত ৰাহুল গান্ধীয়ে কান্দিছে ৷ চিন্তা নকৰিব ৰাহুল গান্ধী, আমি আপোনাক বাংলাদেশলৈ পঠিয়াই দিম ৷ তেওঁ কয়, এছআইআৰৰ দ্বাৰা ভোটাৰ তালিকাৰ পৰা অনুপ্ৰৱেশকাৰীৰ নাম কৰ্তন কৰা হৈছে ৷ তেনেস্থলত এই প্ৰক্ৰিয়াটো ভোট চুৰি নে দিল চুৰি ? অনুপ্ৰৱেশকাৰীৰ নাম কৰ্তনৰ বাবে মন বেয়া, কান্দিছে ৷ ৰাহুল গান্ধীয়ে ভাৰতত নিৰ্বাচন জিকিব নোৱাৰে, সেয়ে ৰাহুলক বাংলাদেশত নিৰ্বাচন খেলিবলৈ পঠিয়াম ৷ তেতিয়া আমাৰ তেওঁলৈ আশীৰ্বাদ থাকিব ৷ ইভিএমৰ প্ৰসংগত মুখ্যমন্ত্ৰী শৰ্মাই কয়,”যেতিয়া কংগ্ৰেছে একেটা ইভিএমেৰে জিক আহে, তেতিয়া সেয়া ভোট চুৰি নহয়। ৰাহুল গান্ধী, প্ৰিয়ংকা ভাদ্ৰাই নিৰ্বাচনত জয়ী হয়, তেতিয়া সেয়া ভোট চুৰি নহয় । কেৰালা আৰু তেলেংগানাত চৰকাৰ গঠন কৰিলে ভোট চুৰি নহয়, কিন্তু বিজেপিয়ে জিকিলেই ভোট চুৰি হৈ যায় । ৰাহুল গান্ধীয়ে দুয়োখন হাতেৰে লাডু লৈ চলিব বিচাৰে । অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়,”ৰাহুল গান্ধীয়ে ভগৱান ৰামৰ শৰণাপন্ন হ’ব লাগে। যদি ৰাহুল গান্ধী কাইলৈ পুৱাই ৰাম মন্দিৰলৈ যায়, তেন্তে দেশৰ দহ লাখ সনাতনী লোকে হয়তো তেওঁক ভোট দিয়াৰ কথা চিন্তা কৰিব পাৰে।
