“শিক্ষক সংকটত ভুগি থকা কেটলা আদৰ্শ বিদ্যালয়লৈ আশাৰ বতৰা”
বিহমাৰী,ৰঙিলী বাৰ্ত্তাসেৱা- শিক্ষক আৰু কৰ্মচাৰীৰ তীব্ৰ সংকটৰ মাজতো বিহালীৰ কেটলা চাহ বাগিচা আদৰ্শ বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে বিশ্বনাথ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (DIET) আৰু বিহালী স্নাতক মহাবিদ্যালয়ে। বিদ্যালয়খনত ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে প্ৰায় ৩০০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে। কিন্তু অতি পৰিতাপৰ বিষয় যে অধ্যক্ষসহ মাত্ৰ পাঁচগৰাকী শিক্ষকেৰে বিদ্যালয়খন চলি আছে। ইয়াৰ উপৰি বিদ্যালয়ত কোনো কেৰাণী বা কাৰ্যালয় সহায়কো নাই। ইয়াৰ মাজতে বিদ্যালয়ৰ পাঁচগৰাকী শিক্ষকৰ ভিতৰত দুগৰাকীয়ে BLO আৰু আন দুগৰাকীয়ে লোকপিয়লৰ দায়িত্বত নিয়োজিত হৈ থকাৰ ফলত নিয়মীয়া পাঠদানত যথেষ্ট ব্যাঘাত জন্মিছে। সীমিত শিক্ষক-শিক্ষয়িত্ৰীৰে শৈক্ষিক পৰিৱেশ অব্যাহত ৰখাটো কঠিন হৈ পৰিছে। এনে প্ৰতিকূল পৰিস্থিতিত বিশ্বনাথ DIET-ৰ পাঁচগৰাকী B.Ed. প্ৰশিক্ষাৰ্থীক এমাহৰ Practice Teaching আৰু চাৰি মাহৰ Internship-ৰ বাবে বিদ্যালয়খনলৈ প্ৰেৰণ কৰা হৈছে। একেদৰে বিহালী স্নাতক মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ পঞ্চম ষাণ্মাসিকৰ ছাত্ৰ-ছাত্ৰীসকলকো এমাহৰ Practice Teaching-ৰ বাবে প্ৰেৰণ কৰা হৈছে। এই প্ৰশিক্ষাৰ্থীসকলৰ পাঠদানৰ জৰিয়তে বিদ্যালয়খনৰ প্ৰায় ৩০০ গৰাকী শিক্ষাৰ্থীয়ে অতিৰিক্ত শৈক্ষিক সহায় লাভ কৰাৰ লগতে নিয়মীয়া পাঠদানৰ ক্ষেত্ৰতো যথেষ্ট সকাহ পাব বুলি আশা কৰা হৈছে। শিক্ষক সংকটৰ ফলত সৃষ্টি হোৱা শৈক্ষিক সমস্যা হ্ৰাস কৰাত এই পদক্ষেপে ইতিবাচক ভূমিকা গ্ৰহণ কৰিব। শিক্ষা আৰু প্ৰশিক্ষণৰ প্ৰতিষ্ঠানসমূহে নিজৰ প্ৰশিক্ষাৰ্থীক এনে বিদ্যালয়ত ব্যৱহাৰিক অভিজ্ঞতাৰ সুযোগ দিয়াৰ লগতে শিক্ষক সংকটৰ সময়ত বিদ্যালয়ৰ কাষত থিয় দিয়াটো এক প্ৰশংসনীয় পদক্ষেপ। এই মহৎ পদক্ষেপৰ বাবে বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ বিজিত ৰয়ে DIET-ৰ অধ্যক্ষ ড° চন্দন ভূঞা আৰু প্ৰবক্তা মনীষা বৈশ্যৰ লগতে বিহালী স্নাতক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰমেন বৰা আৰু শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপক ড° বিজয় মণ্ডললৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে।
