ভাৰতসহ ৪ দেশৰ বাবে হৰমুজ প্রণালী মুকলি কৰি দিলে ইৰানে

Pc A News 24x7

ভাৰতসহ ৪ দেশৰ বাবে হৰমুজ প্রণালী মুকলি কৰি দিলে ইৰানে

ৰঙিলী বাৰ্ত্তাসেৱা- পশ্চিম এছিয়াত ক্ৰমাৎ বৃদ্ধি পোৱা কৌশলগত উত্তেজনা আৰু হৰমুজ প্ৰণালীত জাহাজৰ চলাচলৰ ক্ষেত্ৰত আৰোপ কৰা কঠোৰ নিষেধাজ্ঞাৰ মাজতে ভাৰতৰ বাবে তেহৰাণৰ পৰা আহিছে এক ডাঙৰ কূটনৈতিক আৰু অৰ্থনৈতিক সকাহৰ খবৰ। হৰমুজ প্রণালীৰে ভাৰত, চীন, ইৰাক আৰু কাটাৰৰ বাণিজ্যিক জাহাজ চলাচলৰ ওপৰত বাহাল থকা সকলো বাধা- নিষেধ প্রত্যাহাৰ কৰিলে ইৰানৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানৰ চৰকাৰে। ইৰান সংসদৰ ৰাষ্ট্ৰীয় নিৰাপত্তা তথা বিদেশ নীতি সমিতিৰ উপাধ্যক্ষ আমীৰ হায়াত-মোগাড্ডমে বুধবাৰে এই ঘোষণা কৰি জনায় যে ভাৰত আৰু চীনৰ জাহাজসমূহে প্ৰণালী পাৰ হোৱাৰ সময়ত নির্দিষ্ট ট্রেনজিট ফী দিব লাগিব। কাটাৰৰ ক্ষেত্ৰত ট্রেনজিট ফী ৰেহাই দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। ভাৰত, চীন, কাটাৰৰ দৰেই ইৰাকৰ পণ্য আৰু তেলবাহী জাহাজসমূহক হৰমুজ প্রণালীৰে অবাধ যাতায়াতৰ সুযোগ দিয়া হ’লেও তেওঁলোকৰ ওপৰত মাচুল নিৰ্ধাৰণ কৰা হ’ব নে নাই সেই কথা এতিয়াও বিচাৰাধীন হৈ আছে। এই ৰেহাইৰ বিনিময়ত ভাৰতৰ পৰা অত্যাৱশ্যকীয় ঔষধৰ যোগান আৰু কূটনৈতিক সহযোগিতা নিশ্চিত কৰাৰ কৌশল গ্ৰহণ কৰিছে ইৰানে।