দৃষ্টি ফাউণ্ডেশ্যনৰ উদ্যমী কৰ্মসংস্কৃতিৰ

দৃষ্টি ফাউণ্ডেশ্যনৰ উদ্যমী কৰ্মসংস্কৃতিৰ

আদিলুৰ ৰহমান,টুকটুকী ,ৰঙিলী বাৰ্ত্তাসেৱা-  “দৃষ্টি ফাউণ্ডেশ্যন” শীৰ্ষক এটি ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক সংগঠনৰ উদ্যোগত “স্বাৱলম্বন গ্ৰাম্য প্ৰয়োজনীয়তাৰ হকে এক সঁহাৰি” শীৰ্ষক কাৰ্যসূচীৰ অগ্ৰগতি পৰিদৰ্শন কৰিবলৈ নগাঁও জিলাৰ চকলাঘাট আৰু দেওধৰ গাঁৱত উপস্থিত হল কেন লুইছ নামৰ এজন আমেৰিকান ব্যক্তি। দৃষ্টি ফাউণ্ডেশ্যনৰ সৈতে একেলগে কাম কৰি অহা আমেৰিকা যুক্তৰাষ্ট্ৰৰ গ্ৰেটাৰ ইমপেক্ট নামৰ এটি সংস্থাৰ চি ই অ(বিষয়ববীয়া) কেন লুইছে অঞ্চল দুটিৰ কেইবাটাও মহিলা উদ্যোগী গোটৰ উৎপাদিত সামগ্ৰী সমূহ প্ৰত্যক্ষ কৰি গোটৰ মহিলা আৰু পৰামৰ্শদাতা সমিতিৰ লগত মত বিনিময় কৰে। কেন লুইছে গোট সমূহৰ মহিলা সকলক সীমিত ধন, সময় আৰু পৰিশ্ৰমৰ বিনিময়ত শ্ৰেষ্ঠ উৎপাদন কৰি অধিক লাভবান হবপৰা প্ৰেৰণাদায়ক বক্তব্য প্ৰদান কৰে। উল্লেখ্য যে, ২০২০ চনৰ পৰা নগাঁও জিলাৰ পাখিমৰীয়া উন্নয়ন খণ্ডৰ দেওধৰ পঞ্চায়তৰ ৬ খন গাঁও, দলংঘাট উন্নয়ন খণ্ড পাঁচ খন গাঁও আৰু কঠিয়াতলী উন্নয়ন খণ্ড চাৰিখন গাঁৱৰ মহিলাসকলে কৌশল বিকাশ, উদ্যোগীকৰণ, স্থায়ী উন্নয়নৰ লক্ষ্যৰে আৰম্ভ কৰা কাৰ্যসূচীৰ জড়িয়তে ইতিমধ্যে অঞ্চলসমূহত গঢ় লৈ উঠা মহিলা উদ্যোগী গোট সমূহে প্ৰশিক্ষণ গ্ৰহণ কৰি বিভিন্ন আচাৰ, জাম, জেলি, পিঠা, জলপান, কাঠফুলা আদি খাদ্যসামগ্ৰী থলুৱা বস্ত্ৰ, ধূপকাঠি, পানী মেটেকাৰে প্ৰস্তুত কৰা সামগ্ৰী আদি উৎপাদনৰ লগতে ব্যৱসায়ীক ভিত্তিত হাঁহ কুকুৰা পালন কৰি লাভাম্বিত হৈছে। আজি কেন লুইছৰ লগতে দৃষ্ট মেনেজিং ডাইৰেক্টৰ সত্যেন মিশ্ৰ, উত্তৰ-পূৰ্বাঞ্চলৰ মূৰব্বী বিষয়া পৰাগধৰ কোঁৱৰে অঞ্চলটোৰ মহিলা উদ্যোগী গোটসমূহৰ উৎপাদিত বিভিন্ন সামগ্ৰী প্ৰত্যক্ষ কৰি প্ৰসংশা কৰে।