খানাপাৰাত ‘বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্যৰ ইতিহাস’ গ্ৰন্থ উন্মোচন

খানাপাৰাত ‘বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্যৰ ইতিহাস’ গ্ৰন্থ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা-   গকুলানন্দ গীতিস্বামী কলাকৃষ্টি কেন্দ্ৰ আৰু বিষ্ণুপ্ৰিয়া মণিপুৰী যুৱ পৰিষদৰ যুটীয়া উদ্যোগত আজি খানাপাৰাৰ উদয়নগৰৰ শ্ৰীশ্ৰী গোবিন্দ মন্দিৰ সেৱাশ্রম কলাকৃষ্টি কেন্দ্রত বিষুপ্ৰিয়া মণিপুৰী শ্বহীদ কুমাৰী সুদেষা সিনহাৰ ২৭ সংখ্যক শ্বহীদ দিৱস উদ্‌যাপন হয়। আৰম্ভণিতে ভাষা শ্বহীদ কুমাৰী সুদেষ্ণা সিনহাৰ  স্থিৰ চিত্ৰত সামূহিকভাৱে বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰাৰ অন্তত অনুষ্ঠিত মুকলি সভাত বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি, সাহিত্যিক পেঞ্চনাৰ দিলস্ লক্ষ্মীন্দ্ৰ সিংহ ৰচিত গ্ৰন্থ ’বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্যৰ ইতিহাস’ উন্মোচন কৰি বহুভাষিক সাহিত্য মঞ্চ, অসমৰ প্ৰধান সম্পাদক দীপক শৰ্মাই কয়-নিজ মাতৃভাষাৰ বুৰঞ্জী জনাটো নিতান্তই প্ৰয়োজন। সকলো জাতি- জনজাতি- উপজাতিৰে বুৰঞ্জী প্ৰকাশ হ’ব লাগে। দিলস্ লক্ষ্মীন্দ্ৰ সিংহ ৰচিত বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্যৰ বুৰঞ্জী গ্ৰন্থখনি মাইলৰ খুঁটি হিচাপে বিবেচিত হ’ব।বিজন সিনহা আৰু প্ৰদীপ সিনহাই  আঁত ধৰা সভাত হাফলঙৰ গুণজুং চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ননীবাবু সিনহা, মিজোৰামৰ ৰুলচম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ প্ৰতাপ চন্দ্র সিংহ, কৰিমগঞ্জৰ কবি, লেখিকা সুচৰিতা সিনহা, চলচ্চিত্র পৰিচালক হীৰেন্দ্ৰ সিংহ, বিষ্ণুপ্ৰিয়া মণিপুৰী মহাসভাৰ উপ-সভাপতি শংখ সিংহ, ত্ৰিপুৰা প্ৰদেশ বিষ্ণুপ্ৰিয়া মণিপুৰী যুৱ পৰিষদৰ সভাপতি নিৰঞ্জন সিংহ, ত্ৰিপুৰাৰ সমাজসেৱী পৰিতোষ সিংহ, অসম প্ৰদেশ বিষ্ণুপ্ৰিয়া মণিপুৰী যুৱ পৰিষদৰ সভাপতি নৰেন্দ্ৰ সিংহ  বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰে।