ভালপোৱা – মেৰী বৰদলৈ

Pc StockCake

ভালপোৱা 

মেৰী বৰদলৈ ,নগাঁও,ফুলগুৰি

ঐ শুনাচোন
ভালপোৱা জানো
খেল,
চোতালে চোতালে যে
মেল৷
নকৰিবা চল
হুৰাহুৰে ব’ব তেজৰ
ঢল৷
ভালপোৱাৰ জোঁৱাৰ
এবাৰহে
বয়,
বাকীবোৰ নাটকীয় হৈ
ৰয়৷
অভিমান অভিযোগ তাতেই
পোখা মেলে
য’ত সঁচা প্ৰেমৰ মূল্য
নাথাকে…!!