লুটুমাত বিহু নৃত্য কৰ্মশালা

pc Xachipat.com

লুটুমাত বিহু নৃত্য কৰ্মশালা

ৰঙিলী বাৰ্ত্তাসেবা-   লুটুমা ব’হাগী উৎসৱৰ লগত সংগতি ৰাখি অঞ্চলটোৰ উঠি অহা প্ৰজন্ম সকলৰ প্ৰতিভা বিকাশ কৰাৰ লগতে উৎসাহিত কৰাৰ বাবে ২৫ মাৰ্চৰ পৰা ৫ এপ্ৰিললৈ আবেলি ৩ বজাৰ পৰা লুটুমা খেলপথাৰত এখনি বিহু-নৃত্য কৰ্মশালাৰ আয়োজন কৰা হৈছে ৷ উক্ত কৰ্মশালাত অভিজ্ঞ ঢুলীয়া আৰু নাচনীৰ দ্বাৰা উন্নতমানৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে৷ ইচ্ছুক ল’ৰা-ছোৱালীয়ে ভৰ্তি মাচুল দি আগতীয়াকৈ প্ৰ-পত্ৰ সংগ্ৰহ কৰি যোগদান কৰিবলৈ উদ্যোক্তাসকলে অনুৰোধ জনাইছে৷লগতে লুটুমা ব’হাগী উৎসৱৰ হৈ বন্দিতা নাথ, সম্পাদক, বিহু-নৃত্য কৰ্মাশালা, মোবাইল- ৯৮৬৪৮২১২০১,৮৬৩৮২৭৪৮৬১ত যোগাযোগ কৰিব পাৰে৷