সাংস্কৃতিক মঞ্চ অসমৰ ‘লোকনৃত্য কৰ্মশালা’

pc awaz the voice

সাংস্কৃতিক মঞ্চ অসমৰ ‘লোকনৃত্য কৰ্মশালা’

ৰঙিলী বাৰ্ত্তাসেৱা-  সামাজিক,সাংস্কৃতিক অনুষ্ঠান ‘সাংস্কৃতিক মঞ্চ,অসম’ৰ উদ্যোগত আৰু ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ “উত্তৰ পূব ক্ষেত্ৰ সাংস্কৃতিক কেন্দ্ৰ,ডিমাপুৰ’ৰ সহযোগত ১-৮ এপ্ৰিলত ত্ৰয়োদশ বৰ্ষৰ বাবে লোকনৃত্য কৰ্মশালাখন পাঞ্জাবাৰেস্থিত শিল্পগ্ৰামত অনুষ্ঠিত হ’ব৷বিহু নাচ,বিহু নাম আৰু বিহু ঢোলৰ প্ৰশিক্ষণ দিবলগীয়া কৰ্মশালাখনিত মুখ্য উপদেষ্টা ৰূপে থাকিব বিশিষ্ট অভিনেতা তথা সাংস্কৃতিক মঞ্চৰ সভাপতি প্ৰাঞ্জল শইকীয়া আৰু বিহু বিশেষজ্ঞ ড° অনিল শইকীয়া৷কৰ্মশালাখনি পৰিচালনা কৰিব মঞ্চৰ সম্পাদক দীপজ্যোতি হাজৰিকাই৷মুখ্য প্ৰশিক্ষক ৰূপে উপস্হিত থাকিব বিহু সম্ৰাজ্ঞী সংগীতা কাকতি,পাহাৰী বৰুৱা,পম্পী হাজৰিকা আৰু জ্যেষ্ঠ বিহুৱা পংকজ বৰা,সীমান্ত তামুলী,বাপুজী কোঁৱৰ,পিতি বৰা,নুৰ আলী,নীলাশ্ৰী লাহন,কৰবী দাস৷ইয়াৰ উপৰিও প্ৰশিক্ষক ৰূপে থাকিব কুশল পামেগাম,নৱজ্যোতি গগৈ,অনামিকা স্বৰ্গীয়াৰী,চন্দামিতা বৰ্মন,অনিতা বৰা,মনোৰঞ্জন দাস,সন্দিপ গগৈ,নয়নমণি বৰা৷কৰ্মশালাখনিত প্ৰায় বাৰ গৰাকী প্ৰাক্তন বিহু সম্ৰাজ্ঞী আৰু জ্যেষ্ঠ বিহুৱা,বিহুৱতীয়ে অতিথি প্ৰশিক্ষক ৰূপে উপস্হিত থাকিব৷কৰ্মশালাখনিৰ ৮ এপ্ৰিলত সামৰণি অনুষ্ঠানত ’বৰহমথুৰি শিল্পী বঁটা ২০২২’ মৰনোত্তৰভাৱে আগবঢ়োৱা হ’ব তেজপুৰৰ প্ৰয়াত তৰুণ বৰা ওজাক৷ইয়াৰ উপৰিও সামৰণি অনুষ্ঠানত এইবছৰ কৰ্মশালাৰ শ্ৰেষ্ঠ ছাত্ৰ ছাত্ৰী আৰু প্ৰশিক্ষক প্ৰশিক্ষিকাৰ বঁটা প্ৰদান কৰা হ’ব৷কৰ্মশালাখনিৰ নামভৰ্তিৰ প্ৰপত্ৰ ইতিমধ্যেই শিল্পগ্ৰামত বিতৰণ কৰি থকা হৈছে৷উল্লেখ্য,সাংস্কৃতিক মঞ্চ অসমে অহা বছৰ ৰূপালী জয়ন্তী বৰ্ষ উদ্‌যাপন কৰিব৷ইয়াৰ লগত সংগতি ৰাখি ২০২৩ বৰ্ষটোত বছৰজোৰা সামাজিক আৰু সাংস্কৃতিক কাৰ্যসূচী হাতত ল’ব বুলি মঞ্চৰ সম্পাদক দীপজ্যোতি হাজৰিকাই জানিবলৈ দিছে৷