কাংখিত দিন
জুই-ছাঁই-ধোঁৱা আৰ্তনাদৰ মাজেৰে
ককাহঁতে কঢ়িয়াই আনিছিল
এটা উজ্জ্বল দিনৰ সপোন।
কথা আছিল ৰাতিপুৱালেই
আমাৰ অধিকাৰবোৰ
হেঁপাহৰ সপোনবোৰ
আমাৰ আকাশ আৰু পথাৰ
আমাক উভতাই দিয়াৰ।
আৰু এদিন বগা চাহাববোৰে
কলাচাহাবক ৰাজদণ্ড দি যোৱাৰ পিছত
সিহঁতে হাতত চাবুক লৈ
আমাক শিকাই আছে
স্বাধীনতা, গণতন্ত্র আৰু উন্নয়নৰ পাঠ।
ক্রমশঃ আমি ৰূপান্তৰ হৈছো চাৰ্কাচৰ বাঘলৈ
এতিয়া-
আমি নিজৰ বুলি ক’ব নোৱাৰোঁ
কোনো এটা দিন অথবা ৰাতিক
এতিয়া চৌদিশে এন্ধাৰ
মাত মাতিলেই খেদি আছে
কলা হাত এখনে
দিল্লী-দিচপুৰৰ ক্ৰোধৰ জুইত জাহ যায়।
ৰ’দ বিচৰা প্ৰেমৰ মানুহ
বিদ্ৰোহীৰ লাওখোলাত জিৰণি লয়
মাতাল বুলেট
আজিও ভীষ্ম – দ্রোণহঁত নীৰৱ দৰ্শক হয়
দ্রৌপদীৰ বস্ত্ৰহৰণৰ
তাৰ মাজতে ৰ’দ ভালপোৱা এমখা মানুহ
ৰাজপথলৈ ওলাইছে
জনতাৰ পদ শব্দত কঁপি উঠিছে ৰাজপথ
পতাকাৰ জৰিত ফেহুঁজালি
চাই যাবা এদিন কেনেকৈ ৰ’দ বিচৰা
মানুহবোৰে কঢ়িয়াই আনে কাংখিত দিন।
প্ৰমোদ বৰা