কথাই কথাই ৰামৰ নাম লোৱা বি জে পিৰ নেতাসকল আজি নিমাত কিয়ঃভূপেন বৰা  

কথাই কথাই ৰামৰ নাম লোৱা বি জে পিৰ নেতাসকল আজি নিমাত কিয়ঃভূপেন বৰা  

ৰঙিলী বাৰ্ত্তাসেৱা-   অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উত্তৰাখণ্ডত ১১ ফেব্ৰুৱাৰীৰ এখন নির্বাচনী সভাত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ পিতৃ – পৰিচয়ক লৈ প্ৰশ্ন উত্থাপন কৰি এগৰাকী মাতৃ হিচাপে ছোনিয়া গান্ধী আৰু ভাৰতৰত্ন , ভূতপূর্ব প্রধানমন্ত্রী ৰাজীৱ গান্ধীক উদ্দেশ্যি অতি নিম্ন স্তৰৰ আৰু শালীনতাৰ সকলো সীমা চেৰাই গৈ কৰা চূড়ান্ত অপমানৰ প্ৰতিবাদত আজি এঘণ্টাৰ বাবে গুৱাহাটীৰ ৰাজীৱ ভৱন চৌহদত অসম প্রদেশ কংগ্ৰেছ কমিটীয়ে ’মৌন ব্ৰত’ কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰদেশ কংগ্ৰেছৰ বিভিন্ন পৰ্যায়ৰ নেতা , সাংসদ , প্রাক্তন সাংসদকে ধৰি প্ৰায় শতাধিক কৰ্মীয়ে এই  ’মৌনব্রত’ কাৰ্যসূচীত ভাগ লৈ এগৰাকী মুখ্যমন্ত্ৰীৰ এনে নির্লজ্জ আৰু অতি নীচ মানসিকতাক ধিক্কাৰ দিয়ে । সভাপতি ভূপেন কুমাৰ বৰা , সাংসদ ৰিপুন বৰা , প্রাক্তন সাংসদ দ্বিজেন শর্মা , প্রাক্তন মন্ত্রী শৰৎ বৰকটকী ,শৈলেন বৰা ,ৰাজু শৰ্মা ,নৃপেন ঠাকুৰীয়া , বালিকা পেণ্ড , মীৰা বৰঠাকুৰ ,মনজিৎ মহন্ত ,মেহদী আলম বৰা ,কুশল শৰ্মা ,গোলাপ শইকীয়া ,দিলীপ শর্মা ,দীপ বায়ন ,অভিজিৎ মজুমদাৰ ,স্বপন দাস ,কংকন দাস ,আনোৱাৰ হুছেইন ,অৰুণ তিৱাৰী ,মনোজ ভাগৱতী , ভৱানী কলিতাৰ উপৰি মহিলা কংগ্ৰেছ , সেবাদল , এন এছ ইউ আই , যুৱ কংগ্ৰেছৰ প্ৰায় শতাধিক কংগ্ৰেছ নেতা – কৰ্মীয়ে এঘণ্টা ধৰি মৌনতা অৱলম্বন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিকৃষ্ট বক্তব্যৰ তীব্র প্রতিবাদ সাব্যস্ত কৰে ।’মৌন ব্রত’ ভংগ কৰি সভাপতি ভূপেন বৰাই সাংবাদিকৰ আগত কয়- ‘ এগৰাকী মুখ্যমন্ত্ৰীৰ মুখত এনে নিকৃষ্ট স্তৰৰ বক্তব্য আজিলৈকে কোনোৱে শুনা নাই আৰু কোনোবাই নিজৰ পদ – মর্যাদাক এনেকৈ নিলাম কৰিব পাৰে বুলিও আমি ভবা নাছিলোঁ । মুখ্যমন্ত্ৰীগৰাকীৰ বক্তব্য আৰু ৰাজহুৱা আচৰণক ধিক্কাৰ দিবলৈ আমি ভাষা বিচাৰি পোৱা নাই বাবেই এইদৰে মৌন হৈ আমি কংগ্ৰেছ পৰিয়ালে প্রতিবাদ সাব্যস্ত কৰিছোঁ । বৰাই আৰু কয়- ‘ শোওঁতে , খাওঁতে , ৰাজনীতি কৰোঁতে কেৱল ভগৱান ৰামৰ নাম উচ্চাৰণ কৰি থকা বি জে পি দল আৰু তেওঁলোকৰে এগৰাকী দায়িত্বশীল মুখ্যমন্ত্ৰীৰ মুখেৰে ইমান অশ্ৰাৱ্য , ইমান অশালীন মন্তব্য কেনেকৈ ওলাব পাৰে তাকে ভাবি আমাৰ লগতে আজি ৰাইজো হতভম্ব হৈ পৰিছে । আমি বি জে পিৰ কেন্দ্ৰীয় নেতৃত্বক দাবী জনাইছোঁ এই সম্পৰ্কত তেওঁলোকৰ দলীয় স্থিতি ৰাইজক জনাওক । তেওঁ কয় – ‘ কৌৰৱৰ বিৰুদ্ধে অস্ত্র তুলি ল’বলৈ অমান্তি হোৱা অৰ্জুনক শ্ৰীকৃষ্ণই বুজনি দিছিল যে ৰাজসভাত দ্রৌপদীৰ বস্ত্ৰ হৰণ কৰি তেওঁলোকে মহাপাপ কৰিছে । গতিকে দুষ্টক দমন কৰি ধৰ্ম – ৰাজ প্রতিষ্ঠা কৰিবলৈ তুমি অস্ত্ৰ ল’বই লাগিব । আজি ভগৱান শ্রীকৃষ্ণ বা ৰামচন্দ্ৰৰ একমাত্র ভক্ত বুলি জাহিৰ কৰি ফুৰা বি জে পিৰ মহা মহা নেতাসকলে এগৰাকী মাতৃৰ বস্ত্ৰহৰণ তুল্য অপৰাধ কৰা তেওঁলোকৰ দলৰ মুখ্যমন্ত্ৰীজনৰ ক্ষেত্ৰত কি দিহা কৰে সেয়া চাবলৈ আমি এতিয়া অপেক্ষা কৰিম । ‘ সাংসদ ৰিপুণ বৰায়ো ড° হিমন্ত বিশ্ব শৰ্মাৰ অভব্য আৰু নিৰ্লজ্জ আচৰণক তীব্র ভাষাৰে ধিক্কাৰ দি সাংবাদিকৰ আগত বক্তব্য দাঙি ধৰে ।