বকুলৰ বিয়া- কৌশল্যা বৰা

p.c DNA India

হাস্যৰসিক গল্প,

বকুলৰ বিয়া

হয় হয়, আটায়ে সন্মতি জনাঁলে। কাৰণ প্ৰায় তিনি বছৰেই হ’লহি কৰোণা মহামাৰীৰ বাবে গাঁওখনত একো এটা সকাম, বিয়া পতা হোৱা নাই। তেনেই নিমাও-মাও হৈছে গাঁওখন। বিয়াখন হ’লে সকলোৰে আনন্দ লাগিব। তাতে বয়সে ভাটি দিয়া পুতেকটোৰ বিয়াখন পাতি দিব নোৱাৰি বকুলি বুঢ়ীৰ মনতো বৰ দুখ হৈ আছে। সকলোৱে টেপা-জোৰা দি ধৰিলে হয়তো সি এইবাৰ মান্তি হ’বগৈ পাৰে। দিনৰ কাম সামৰি বাঁহী, পেঁপা বজাই, দেহ-বিচাৰৰ গীত গাই গধূলি হলে ঘৰলৈ উলটি অহা বকুল সকলোৰে মৰমৰ। সেয়ে, বিয়াৰ কথাটো ওলোৱাৰ লগে লগেই বুঢ়া-ঠেৰা আটাইৰে আনন্দত গা-মন দাং খালে। পৰৰ সুখত সুখী পৰৰ দুখত দুখী, কাৰো প্ৰতি অন্তৰত পাপ-বুদ্ধি নথকা বকুলক দুধকণ্ঠ বালকৰ পৰা আশীৰোৰ্ধৰজনলৈকে সকলোৱে ভাল পায়। গতিকে গাঁৱৰ মানুহ হামৰাও কাঢ়ি উঠিল বকুলৰ বিয়ালৈ।গাঁৱৰ খেতিৰ খবৰ ল’বলৈ আহি যোৰহাটত থকা ‘মনভাল’ দাইটিয়ে তেওঁৰ ঘৰতে বন কৰা সোনপাহীৰ সতে বকুলৰ বিয়াৰ কথা কৈ গৈছিল। কিন্তু মাকনী বুঢ়ীৰ কাৰণে পুতেকৰ বিয়াখন পতাতো লাপি-লুপা কথা নহয়। বিয়াখন বুলিলে বিয়াখন নহয়। পিছে মাউখে উটিলে গুৰি পৰুৱাৰ মৰণ নাই। গাঁৱৰ সকলোৱে ভাগে ভাগে দায়িত্ব ল’লে। খাবলৈ থোৱাৰে গুড়, কোমল চাউল, ভাতৰ চাউল, বাৰীৰ শাক-পাচলি, খৰি-খেৰ সকলোৱে চাহিনী কাটি গোটাবলৈ সাজু হ’ল। কোনো কোনোৱে কন্যাৰ কাৰণে বজাৰৰ গঢ়ণা,কাপোৰৰো গাত ল’লে। আজি মাকনী বুঢ়ীৰ ঘৰত মানুহ গোট খাব। ডাঙৰ সমস্যা টো হ’ল- বকুলক বিয়া পাতিবলৈ মান্তি কৰোৱাটোহে। ছোৱালীৰ নাম শুনিলেই সি সাত জাপ মাৰে, এতিয়া বিয়া পাতি কন্যা অনাটো তাৰ বাবে ভাবিব নোৱাৰা কথা। বৰ ভয় কৰে সি ছোৱালীলৈ। নকৰিবনো কিয়? হাতে-বজাৰে, দোকানে-পোহাৰে সি ছোৱালীৰ পৰা কমখন গালি-ধমকি খাইছেনে–!ছোৱালী বুলিলে তাৰ কিবা খেলি-মেলিখন লাগে।তাৰ মৰমৰ খুৰীয়েক, পেহীয়েক, বায়েক, ভনীয়েক, বৰমাক,নবৌয়েকহঁতৰ দৰে দেখোন আজি-কালিৰ মাইকী মানুহবোৰ নহয়।থিতাতে দেখি সি চিনিব নোৱাৰে- সধবা নে বিধবা, ছোৱালী নে বোৱাৰী, ল’ৰা নে ছোৱালী-!! ফুট পাথেদি আহি থাকোঁতে -“ভাইটি অকণমান চাবা দেই” বুলি চাইড বিচাৰোঁতে কত দিন সি ধমকি খায়হে পাছত গম পাই সেই জনী ছোৱালী হে। কাৰোবাক আকৌ মৰমতে গাড়ীত নিজৰ চিতটো এৰি-“ভণ্টি ইয়াতে বহা-” বুলি কৈ ধমকি খায়হে সি গম পাই সেই জনী ভণ্টি নহয় –খুৰীদেউ হে। সিদিনা ৰাতিপুৱাৰ কথাটো মনত পৰিলে তাৰ গাটো জিকাৰ খাই উঠে।— ঠগীৰাম গাঁৱৰ চহকী লোক। চাকৰি-বাকৰি, বেহা-বেপাৰ দেখাত একো নাই। কিন্তু বছৰছেৰেকৰ পৰা সি কোটিপতি।কিমান ডাঙৰ বিয়া পাতিলে পুতেকৰ আৰু বিয়াৰ ভোজ খাবলৈ যাওঁতে ন-ছোৱালীজনীকতো সি ঠিকেই দেখিছিল। ইমান ধুনীয়া মানুহ থাকেনে-! সি আচৰিত হৈছিল। গ’ল কথা গুছিল।সিদিনা ব্ৰহ্মপুৱাতে বকুলে গৰুহাল এড়াল দিবলৈ যাওঁতে নাইট চুপাৰৰ পৰা নামি আহি থকা ল’ৰাদুটাক সি চিনি পালে- এইহাল ঠগী দাইদ’ৰে ল’ৰা। -“কি অ’ মিণ্টু! ককাই-ভাই হালেই পুৱাই পুৱাই ক’ৰ পৰা ওলালিহি?” আই ঔ! কিনো নুসুধিব লগীয়া কথাটো সি সুধিলে।
-“এই ছাইক’টোৰ চকু নাই নেকি?” -বুলি চকু পকাই ধৰাটো ঠগীৰামৰ বোৱাৰীয়েক হে। মিণ্টুৰ ঘৈণীয়েক।ছাইক’ মানে কি সি নুবুজিলেও তাইৰ চকু মুখৰ ভাষাতে সি সেমেনা-সেমেনি কৰি নিজৰ বাটেৰে আগবাঢ়িল। দুখ পালেও পিছ মূহুর্ততে সি কথাবোৰ পাহৰি পেলায়। মনত কিন্তু ভয় এটাই বাহ বান্ধে।
—–যদু দাইটিৰ ঘৰত ৰং দি থাকোঁতে যদু দাইটিৰ পুতেকে চোলা-কাপোৰজোৰ চ’লা-ফ’লা কৰি বিচাৰি থাকোঁতে সি শুনিলে মুগা ৰঙৰ কুৰুটা-পায়জামাদুটা বিচাৰি পোৱা নাই।
-“কেলে কআইদ’ সেইজোৰ কালি নবৌৱে পিন্ধি যোৱা দেখিছিলোঁ নহয়-।” হওঁতে কথাটো সঁচা। কালি নবৌয়েকেও মুগাৰঙৰ কুৰ্টি পায়জামাই পিন্ধিছিল।
-“চৰ এটা দিম অ’ এইটো। তোৰ আৰু আন কাম নাই-? ”
নবৌৰ আকৌ কি হ’ল! সি দেখিছিলে বাবেহে ক’লে। অজলা ল’ৰাটোলৈ পেটতে মৰম ৰাখি খুড়ীদেউৱে ক’লে-
-“ঐ! তোৰ মুখখনেনো হকে-বিহকে লপ্- লপাই নাথাকিলে নহয়নে?। সি একো নুবুজিলে। বাদ দিলে এইবোৰ। ——-_বিয়া ঘৰত কইনাবোৰ দেখে সাইলাখ অপেশ্বৰী। কিন্তু পাছত সি চিনিব নোৱাৰে। কণ্ঠী মাষ্টৰক এদিন সি সুধিয়েই পেলালে-“দাইদ’! ৰাজুৰ আগৰজনী মানুহ নহয় নেকি? ” সন্মুখতে থকা বোৱাৰীয়েকে চকু ঘোপা কৰি তাক যিহে ভেকাহি মাৰিলে শুনি তাৰ তেনেই নাৰ-কমনি লাগিল। গাওঁবুঢ়াৰ বোৱাৰীয়েকে বেলি দুপৰীয়া পায়জামা পিন্ধি দাঁতোন মাৰি থকা দেখাৰে পৰা তাৰ মনত নগৈ ন-টা কথা অহা-যোৱা চলে। কি হ’ব তাৰ ঘৰতো যদি তেনে হয়-! অৱশ্যে সাজে-কাপোৰে শুৱনি, কামিলা মানুহ এজনী তাক নলগাও নহয়। মাকজনীৰ হাতৰ বন কাঢ়ি ল’বলৈকে লাগে। সাতে-সোতৰে ভাবি ডাঙৰৰ কথা মানি চলা বকুলে সিৰফুটাসকলৰ পৰামৰ্শ মতেই বিয়াত সন্মতি জনালে। কণবাপু দেউৱে ৰাশি-জোৰা চালে। ৰাজ-জোৰা,উন্নতিৰ যোগ আছে। বিয়াৰ দিনা উদুলি-মুদুলি মাকনী বুঢ়ীৰ পদূলি।পুৱাৰ পৰাই আলহীৰ আহ-যাহ। মনি দাইদ’ৰ পুতেক উপেনও আহিছে সোনকালে। সি বকুলৰ লগত কথা পতাত ব্যস্ত। মাকনীয়ে ভালেই পাইছে। উপেনে বকুলক অলপ কথা শিকাব-বুজাব পাৰিব তেও। কোনোবা ডিলাৰত কাম কৰা উপেন থাকে যোৰহাটৰ এটা সৰু ভাড়া ঘৰত। বকুলক বৈবাহিক জীৱনৰ বাবে হিতোপদেশ দি থাকোঁতেই সি নিজৰ বিয়াৰ পাছৰ তিতা-টেঙা-জ্বলা সোপাকে প্ৰাণখুলি উজাৰিলে।-“গম পাবি বুজিছ, টাউনত থকা ছোৱালী বিয়া পাতি। মই তেনেই চকুৰে সৰিয়হ ফুল দেখি গৈছো বুইছ। ৰন্ধা-বঢ়া, ধোৱা-পখলা কৰিতো গেৰেজলে যাওৱেই। তাতে আকৌ আজি বোলে নখ পলিচ্, কাইলৈ বোলে ঠোঁট পলিচ্, পৰহিলৈ বোলে শাৰী-মেখেলাই জোঁট-পোট্ খাই ,গতিকে চুৰিদাৰ লাগে —আৰু দিব নোৱাৰিলে–ভাত লঘোণ– তাৰোপৰি চৈধ্য গোষ্ঠী উদ্ধাৰি গালি —! বুইছ বকুল, এতিয়া হে ভাবো , দাং বৰলাৰ জীৱনেই ভাল আছিল অ’–!
সন্ধ্যা বিয়া ঘৰত হুলস্থুল। বকুল নাই। চাৰিওফালে বিচৰা-বিচৰি। নাই মানে ক’তোয়েই নাই। মাকনী বুঢ়ী কান্দোনত ভাগি পৰিছে। ঢুলীয়াৰ হাত, বিয়া নামে ৰজন-জনাই থকা বিয়া ঘৰ ক্ষন্তেকতে নিমাও-মাও হ’ল।
কিছু দিনৰ পাছত ভনীজোৱায়েকে লগ পালে ডিলাৰত কাম কৰি থকা বকুলক। লুকাবলৈ সুবিধা নাপালে বকুলে। হুমুনিয়াহ এটা কাঢ়ি তেনেই সৰু ল’ৰা এটাৰ দৰে ক’লে বকুলে–“ঘৰলে আৰু নেযাওঁ জোৱাই। আকৌ মানুহবোৰে মোক ধৰি-বান্ধি বিয়া পাতি দিব—-“।

 

কৌশল্যা বৰা