লোকসভাত বাতিল হ’ল বহু বিতৰ্কিত ৩ খন কৃষি আইন

Pc india Today

লোকসভাত বাতিল হ’ল বহু বিতৰ্কিত ৩ খন কৃষি আইন

ৰঙিলী বাৰ্ত্তাসেৱা-  অৱশেষত কৃষকৰ জয়।লোকসভাত বাতিল হ’ল বহু বিতৰ্কিত ৩ খন কৃষি আইন।লোকসভাত কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক গৃহীত৷কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে উত্থাপন কৰিছিল কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক।ধ্বনি ভোটত গৃহীত হয় কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক।কৃষি আইন প্ৰত্যাহাৰ হোৱাৰ লগে লগে সদনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।বিৰোধীয়ে ইয়াৰ ওপৰত আলোচনা হোৱা বিচাৰিছিল।বিৰোধীৰ হুলুস্থুলৰ বাবে লোকসভা আৰু ৰাজ্যসভা দুয়ো সদনৰ কাম-কাজ স্থগিত কৰিও ৰখা হয়।কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক গৃহীত হোৱাৰ লগে লগে সদনৰ কাম কাজ মঙলবাৰ ২বজালৈ স্থগিত কৰা হয়।