এটা চিলিণ্ডাৰ আৰু এখন যুদ্ধ
শচীন্দ্ৰ কুমাৰ দাস,পলাশবাৰী
একুৰা গেছৰ জুই
নজ্বলিলে স্তব্ধ ৰান্ধনী শাল,
শুকাই জিভাৰ সোৱাদ।
পাৰিশ্ৰামিক মাহেকত সাঁচি যাওঁ,
জানোছা পেটত গামোচাখন জোৰকৈ বান্ধিব নালাগে!
আজিয়ো ৰৈছোঁ অপেক্ষাত,
গছ জোপাই মোৰ ঘামৰ টোপাল কেইটা সৰিব দিয়া নাই ,
ওচৰৰ চিলিণ্ডাৰ বোৰে
মূৰ ডাঙি চাইছে এক হুমুনিয়াহ কাঢ়ি,
ৰৈছোঁ মই, ৰৈছে আৰু বহুতেও…
প্ৰাপ্তিৰ শেষ হাঁহি মাৰিব পাৰোনে
সন্দেহ।
