আহিনৰ আগমন : অসমীয়া সমাজ, সংস্কৃতি আৰু প্ৰকৃতিৰ এক অপূৰ্ব দাপোণ –  প্ৰদীপ দাস

আহিনৰ আগমন : অসমীয়া সমাজ, সংস্কৃতি আৰু প্ৰকৃতিৰ এক অপূৰ্ব দাপোণ 

প্ৰদীপ দাস 
তিতাবৰ, যোৰহাট

অসমীয়া ঋতুচক্ৰত এক অনন্য আৰু তাৎপৰ্যপূৰ্ণ ঋতু হ’ল শৰৎ আৰু শৰতক জীৱন্ত কৰি তোলা মাহটোৱেই হ’ল আহিন। ব’হাগে যদি বসন্তৰ কুঁহিপাত আনে,‌ মাঘে যদি ভোগৰ তৃপ্তি দিয়ে, তেন্তে আহিনে কঢ়িয়াই আনে প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য, আধ্যাত্মিক ভাৱধাৰা আৰু আগন্তুক সোণালী দিনৰ আশা। ভাদৰ শেষত যেতিয়া বৰষুণৰ প্ৰকোপ ক্ৰমাৎ কমিবলৈ ধৰে, তেতিয়া প্ৰকৃতিয়ে সলনি কৰে নিজৰ সাজ। আকাশ মুকলি হয়, ডাৱৰৰ ফাঁকেৰে অহা কোমল ৰ’দে ভূমি চুমে, নদীৰ পাৰ কঁহুৱা ফুলৰ অৱস্থিতত শুভ্ৰ হৈ উঠে আৰু পুৱাৰ বতাহত শেৱালিৰ মৃদু সুবাস বিয়পি পৰে। আহিনৰ কুঁৱলী আৰু নিয়ৰৰ টোপালবোৰে মনলৈ এক অনাবিল প্ৰশান্তি কঢ়িয়াই আনে আৰু কোলাহলপূৰ্ণ জীৱনৰ তিক্ততা আঁতৰাই এক নিৰ্মল, শান্ত আৰু স্নিগ্ধ অনুভূতি জগাই তোলে। সেয়েহে আহিন কেৱল এটা মাহ নহয়, ই অসমীয়া সমাজ, সংস্কৃতি আৰু প্ৰকৃতিৰ মাজত থকা নিবিড় সম্পৰ্কৰ এক জীৱন্ত প্ৰতিছবি।

অসমীয়া সৌৰ বৰ্ষপঞ্জী অনুসৰি আহিন হৈছে বছৰটোৰ ষষ্ঠটো মাহ। ইংৰাজী কেলেণ্ডাৰৰ সাধাৰণতে ছেপ্টেম্বৰ মাহৰ মাজভাগৰ পৰা অক্টোবৰ মাহৰ মাজভাগলৈকে এই সময়ছোৱা বিস্তৃত হৈ থাকে। জ্যোতিৰ্বিজ্ঞানৰ দৃষ্টিৰে চালে দেখা যায় যে আহিন মাহৰ পূৰ্ণিমা তিথিত চন্দ্ৰই ‘অশ্বিনী’ নক্ষত্ৰত অৱস্থান কৰে বাবেই এই মাহটোৰ নাম ‘আহিন’ বা ‘আশ্বিন’ ৰখা হৈছে। ভাৰতীয় পৰম্পৰাত এই মাহটোক শৰৎ ঋতুৰ দ্বিতীয়টো মাহ হিচাপে গণ্য কৰা হয়। ভৌগোলিকভাৱে এই সময়ত মৌচুমী বায়ুয়ে লাহে লাহে বিদায় লয় আৰু বতাহত আৰ্দ্ৰতা কমিবলৈ ধৰে। দিনৰ উত্তাপ কিছু পৰিমাণে থাকলেও ৰাতিৰ ভাগলৈ এক মৃদু শীতল বতাহে শীতকালৰ আগজাননী দিয়ে। এই সময়ত বৰষুণৰ পৰিমাণ আশাতীতভাৱে কমি যায় আৰু বতাহজাক শুকান হ’বলৈ ধৰে, যিয়ে প্ৰকৃতিৰ লগতে মানুহৰ দৈনন্দিন জীৱনযাত্ৰালৈ এক সহজ পৰিৱেশ কঢ়িয়াই আনে।

আহিনৰ আগমনৰ আটাইতকৈ আকৰ্ষণীয় দিশটো হৈছে ইয়াৰ নৈসৰ্গিক সৌন্দৰ্য। প্ৰকৃতিয়ে বাৰিষাৰ বোকা-পানী জোকাৰি এক নতুন পৰিষ্কাৰ সাজ পৰিধান কৰে। আহিনৰ পুৱা মানেই চোতালত সিঁচৰিত হৈ থকা শুকুলা শেৱালি ফুলৰ এক শুভ্ৰ দলিচা। নিয়ৰসনা দুবৰিৰ বুকুত খহি পৰা কমলা থাৰিৰ এই সৰু সৰু ফুলবোৰে সমগ্ৰ পৰিৱেশটো পৱিত্ৰ সুবাসেৰে সুবাসিত কৰি তোলে। চোতালৰ শেৱালিজোপাই যেন নিৰৱে ঘোষণা কৰে আহিনৰ পবিত্ৰ উপস্থিতি। আইতাহঁতে বা সৰু সৰু ল’ৰা-ছোৱালীবিলাকে পুৱাই উঠি শেৱালি ফুল বুটলি মালা গঁথাৰ দৃশ্য অসমৰ গ্ৰাম্য জীৱনৰ এখন চিৰপৰিচিত ছবি। অন্যহাতে নৈৰ পাৰবোৰ এই সময়ত বগা কঁহুৱা ফুলেৰে উপচি পৰে। বতাহত হালি-জালি থকা কঁহুৱা বনৰ শুকুলা ফুলবোৰে যেন আকাশৰ শুকুলা মেঘবোৰক মত্যলৈ নমাই আনে। বৰ্ষাৰ ক’লা মেঘ ফালি আকাশখন গাঢ় নীলা হৈ পৰে। তাত সিঁচৰিত হৈ থাকে সৰু সৰু তুলাৰ দৰে শুকুলা মেঘৰ টুকুৰাবোৰ, যাক ‘শৰতৰ মেঘ’ বা ‘ভেলা মেঘ’ বুলি কোৱা হয়। এই মেঘবোৰে কোনো ধৰণৰ ধুমুহা বা বৰষুণৰ ভাবুকি নিদিয়ে, বৰঞ্চ আকাশখনক এখন ধুনীয়া কেনভাছলৈ ৰূপান্তৰিত কৰে।‌‌ কবি আৰু শিল্পীসকলৰ বাবে আহিনৰ কঁহুৱা এক চিৰন্তন প্ৰেৰণাৰ উৎস। নৈৰ বুকুত নাও চলাই যোৱা নাবিকজনৰ বাবেও কঁহুৱাই এক শান্ত আৰু নিৰাপদ যাত্ৰাৰ সংকেত দিয়ে। নিশালৈ লাহে লাহে নিয়ৰ পৰিবলৈ আৰম্ভ কৰে। পুৱাৰ ভাগত ঘাঁহনিত মুকুতা মণিৰ দৰে জিলিকি থকা নিয়ৰৰ টোপাল আৰু দূৰৈৰ পথাৰত ওলমি থকা পাতল কুঁৱলীয়ে প্ৰকৃতিৰ এক ৰহস্যময় আৰু শান্ত ৰূপ দাঙি ধৰে।

আহিন মাহক কেন্দ্ৰ কৰি অসমীয়া লোকসংস্কৃতিত বহুতো পৰম্পৰা, লোকবিশ্বাস, লোকাচাৰ আৰু উৎসৱ-পাৰ্বন গঢ় লৈ উঠিছে। এইবোৰে অসমীয়া সমাজৰ গভীৰ জীৱনবোধ আৰু প্ৰকৃতিৰ সৈতে থকা সম্পৰ্কক প্ৰতিফলিত কৰে। বিশেষকৈ আহিন মাহত পুৰণি ধান, চাউল, মাহ আদি ৰ’দত শুকুৱাই ভঁৰাল ঘৰটো চাফ-চিকুণ কৰাৰ পৰম্পৰা আছে। বিশ্বাস কৰা হয় যে আহিন মাহত ঘৰ-দুৱাৰ চাফা কৰিলে ঘৰলৈ লক্ষ্মী দেৱীৰ আগমন ঘটে। আহিনৰ পূৰ্ণিমা তিথিত ‘লক্ষ্মী পূজা’ পালন কৰা হয়, য’ত সৌভাগ্য আৰু ধন-ধান্যৰ দেৱী লক্ষ্মীক আৰাধনা কৰা হয়। লোকবিশ্বাস অনুসাৰি এই নিশা দেৱী লক্ষ্মীয়ে পৃথিৱী ভ্ৰমণ কৰে আৰু কোনে সাৰে থাকি তেওঁক প্ৰাৰ্থনা কৰিছে তাক লক্ষ্য কৰে। সেইবাবে ইয়াক ‘কোজাগৰী’ (কো জাগৰ্তি – অৰ্থাৎ কোন সাৰে আছে) পূৰ্ণিমা বুলিও কোৱা হয়।

আহিন মাহটো উৎসৱৰ মাহ। এই মাহতে ধৰ্মীয় উল্লাস আৰু জাতীয় পৰম্পৰাৰ এক সুন্দৰ সমন্বয় দেখিবলৈ পোৱা যায়। আহিন মাহত উদযাপিত আটাইতকৈ ডাঙৰ ধৰ্মীয় আৰু সামাজিক উৎসৱ হৈছে শৰৎকালীন দুৰ্গাপূজা। দেৱী দুৰ্গাৰ মহিষাসুৰ মৰ্দিনী ৰূপক এই সময়ত আৰাধনা কৰা হয়। গাঁও, চহৰ, নগৰ – সমগ্ৰ পৰিৱেশ ধূপ-ধূনা, শংখ-ঘণ্টা আৰু ডবা-কাঁহৰ শব্দই মুখৰিত কৰি তোলে। নতুন সাজ-পোছাক পিন্ধি আবাল-বৃদ্ধ-বনিতা সকলোৱে পূজাৰ মণ্ডপলৈ যায়। দুৰ্গাপূজাই সমাজৰ সকলো শ্ৰেণীৰ মানুহৰ মাজত একতা, ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰ বাৰ্তা কঢ়িয়াই আনে। পাৰ্বত্য অঞ্চলৰ পৰা আৰম্ভ কৰি ভৈয়ামলৈকে সকলোতে এই উৎসৱৰ এক উখল-মাখল পৰিৱেশ সৃষ্টি হয়। অন্যহাতে আহিন মাহত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ জন্ম জয়ন্তী বৰ আদৰ আৰু উলাহেৰে নামঘৰ আৰু সত্ৰসমূহত উৎযাপন কৰা হয়। এই অনুষ্ঠানবোৰে মানুহক আধ্যাত্মিক শান্তি দিয়াৰ লগতে সামাজিক বান্ধোনো শক্তিশালী কৰে। নামঘৰ অসমীয়া সমাজত কেৱল উপাসনাৰ স্থান নহয়। ই আলোচনা, মিলন, সাংস্কৃতিক চৰ্চা আৰু সামাজিক সহযোগিতাৰো কেন্দ্ৰ। ভক্তি, শৃংখলা আৰু সমূহীয়া অংশগ্ৰহণৰ মাজেৰে ইয়াত যি পৰিৱেশ সৃষ্টি হয়, সেয়া অসমীয়া সমাজৰ ঐতিহ্য আৰু মূল্যবোধৰ এক সুন্দৰ প্ৰকাশ।

আহিন মাহৰ শেষৰ দিনটোক সংক্ৰান্তি বুলি কোৱা হয়। এই দিনটো সমগ্ৰ অসমীয়া সমাজৰ বাবে অতি গুৰুত্বপূৰ্ণ, কিয়নো ইয়াৰ পিছৰ দিনটোৰ পৰাই কাতি মাহ আৰম্ভ হয় আৰু এই দিনাই কাতি বিহু পালন কৰা হয়। ঘৰৰ চোতালত তুলসী ভেটিটো চাফ-চিকুণ কৰি তাত তুলসী ৰোপণ কৰা হয় আৰু সাঁজ লাগিয়েই তুলসীৰ তলত চাকি জ্বলাই প্ৰাৰ্থনা কৰা হয়। বিশ্বাস কৰা হয় যে তুলসীৰ প্ৰাৰ্থনাই ঘৰখনলৈ শান্তি কঢ়িয়াই আনে। সংক্ৰান্তিৰ দিনা পথাৰলৈ গৈ ধান গছৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। এই সময়ত ধানৰ গাত যাতে কোনো ধৰণৰ ‘গান্ধী পোক’ বা আন বেমাৰ নহয়, তাৰ বাবে চকু ৰখা হয় আৰু ভগৱানৰ আশীষ বিচাৰি এগছি বন্তি প্ৰজ্বলন কৰা হয়।

অসমীয়া সমাজ জীৱনত আহিনৰ প্ৰভাৱ:

অসমীয়া সমাজ জীৱন মূলত কৃষিভিত্তিক। কৃষকৰ জীৱনৰ সৈতে আহিন মাহৰ সম্পৰ্ক অতি নিবিড়। আহিন মাহটো অসমৰ খেতিয়কসকলৰ বাবে একে সময়তে আশা, আনন্দ আৰু কিছু পৰিমাণে উদ্বেগ বা অভাৱৰো সন্ধিক্ষণ। বাৰিষাৰ পানী আঁতৰি যোৱাৰ লগে লগে পথাৰত ধান গছবোৰে পূৰ্ণতা লাভ কৰিবলৈ ধৰে। সেউজীয়া ধাননিৰ মাজত কৃষকে ভৱিষ্যতৰ সপোন দেখে। খৰাং, বানপানী আৰু গাৰ ঘাম মচি পৰিশ্ৰম কৰা খেতিদৰাৰ চিৰ যৌৱনা সেউজীয়া ৰূপ দেখি কৃষকৰ দুচকু তৃপ্ত হয়। এই সেউজীয়া ৰং কেৱল প্ৰাকৃতিক সৌন্দৰ্য নহয়, ইয়াৰ সৈতে জড়িত হৈ থাকে এটা পৰিয়ালৰ জীৱিকা, ভৱিষ্যতৰ সপোন আৰু কৃষকৰ অক্লান্ত শ্ৰমৰ ফচল। আহিনৰ এই কৃষিনিৰ্ভৰ পৰিৱেশে অসমীয়া সমাজৰ সামূহিক জীৱনকো প্ৰভাৱিত কৰে। গাঁৱৰ জীৱনত পথাৰ, গৰু, নদী, পুখুৰী আৰু ঋতুচক্ৰ— এই সকলোবোৰ ইটো সিটোৰ সৈতে সংযুক্ত। কৃষকৰ কাম-কাজৰ পৰা আৰম্ভ কৰি ঘৰুৱা জীৱনলৈকে ঋতুৰ প্ৰভাৱ অনুভূত হয়। প্ৰকৃতিৰ অৱস্থা অনুসৰিয়েই বহু কামৰ সময় নিৰ্ধাৰিত হয়। এইদৰে আহিনে আমাক মনত পেলাই দিয়ে যে অসমীয়া সমাজৰ শিপা মাটিৰ সৈতে কিমান গভীৰভাৱে সংলগ্ন। আনহাতে, আহিন মাহটো হ’ল এনে এটা সময় যেতিয়া পূৰ্বৰ বছৰৰ ভঁৰালৰ ধান প্ৰায় শেষ হৈ আহে। নতুন ধান ওলাবলৈ এতিয়াও বহুত সময় বাকী থাকে। সেইবাবে এই সময়ছোৱাত গাঁও অঞ্চলত আৰ্থিক অনাটনে দেখা দিয়ে। সেয়ে এই সময়ছোৱাত মানুহ মিতব্যয়ী হ’বলৈ শিকে।

সাহিত্য, সংগীত আৰু শিল্পকলাত আহিনৰ ছাঁ:

অসমীয়া সাহিত্য আৰু গীত-মাতত আহিনৰ এক সুকীয়া স্থান আছে। আহিনৰ সৌন্দৰ্যই কবি, সাহিত্যিক আৰু গীতিকাৰসকলক যুগে যুগে আকৰ্ষিত কৰি আহিছে। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পৰা আৰম্ভ কৰি ড° ভূপেন হাজৰিকালৈকে সকলোৱে শৰৎ আৰু আহিনৰ সৌন্দৰ্য নিজৰ সৃষ্টিৰাজিত তুলি ধৰিছে। ভূপেন হাজৰিকাৰ কন্ঠৰ “কঁহুৱা বন মোৰ অশান্ত মন…” আদি গীতে আহিনৰ প্ৰকৃতি আৰু মানুহৰ মনৰ অনুভূতিক অমৰ কৰি ৰাখিছে। আধুনিক অসমীয়া কবিতাত আহিন হ’ল বিৰহ আৰু মিলনৰ এক অপূৰ্ব মিশ্ৰণ। কঁহুৱাৰ শুভ্ৰতাই মন ফৰকাল কৰাৰ বিপৰীতে লাহে লাহে সৰি পৰা শেৱালিয়ে বুকুত এক ক্ষন্তেকীয়া উদাসীনতা বা জীৱনৰ ক্ষণভংগতাৰ কথাও সোঁৱৰাই দিয়ে। বহুতো ছুটি গল্প আৰু উপন্যাসত আহিনৰ পথাৰ আৰু কাতি বিহুৰ সৰল অথচ কৰুণ ছবিখন অতি সুন্দৰভাৱে চিত্ৰিত কৰা হৈছে।

আহিন কেৱল এটা মাহ বা ঋতুচক্ৰৰ এটা অংশই নহয়, ই হ’ল অসমীয়া জীৱনবোধৰ এক গভীৰ পাঠশালা। আহিনে আমাক শিকায় যে ধুমুহা আৰু বৰষুণৰ ক’লা ডাৱৰ সদায় আকাশত নাথাকে। আহিনৰ বুকুত আছে প্ৰকৃতিৰ স্নিগ্ধতা, কৃষকৰ আশা, সমাজৰ মিলন, সংস্কৃতিৰ ঐতিহ্য আৰু মানুহৰ অন্তৰৰ কোমল অনুভূতি। বৰষুণৰ পৰা নিৰ্মলতালৈ, ব্যস্ততাৰ পৰা প্ৰশান্তিলৈ আৰু শ্ৰমৰ পৰা আশালৈ যোৱাৰ এক যাত্ৰা। ইয়াৰ সৌন্দৰ্য বাহ্যিক দৃশ্যত যিমান, তাৰ অন্তৰ্নিহিত অৰ্থতো সিমানেই গভীৰ। অসমীয়া সমাজৰ জীৱনবোধ, সাংস্কৃতিক পৰম্পৰা আৰু প্ৰকৃতি-নিৰ্ভৰ অস্তিত্বক একেলগে প্ৰতিফলিত কৰাৰ বাবেই আহিন সঁচাকৈয়ে অসমীয়া সমাজ, সংস্কৃতি আৰু প্ৰকৃতিৰ এক অপূৰ্ব দাপোণ। কিন্তু সাম্প্ৰতিক সময়ত আধুনিকতাৰ অবাধ বিস্তাৰ, বনাঞ্চল ধ্বংস, দুৰ্যোগ, প্ৰদূষণ আৰু জলবায়ু পৰিৱৰ্তনে ঋতুৰ স্বাভাৱিক ছন্দত প্ৰভাৱ পেলাইছে। অনিয়মীয়া বৰষুণ, অস্বাভাৱিক উষ্ণতা বা বানপানীৰ দৰে সমস্যাই কৃষিজীৱনকো অনিশ্চিত কৰি তুলিছে। প্ৰকৃতিৰ ৰূপ উপভোগ কৰাৰ অধিকাৰ যেনেকৈ আমাৰ আছে, তেনেকৈ তাক সুৰক্ষিত ৰখাৰ দায়িত্বও আমাৰে। পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত ব্যক্তিগত সচেতনতা আৰু সামাজিক উদ্যোগ দুয়োটাই প্ৰয়োজনীয়। আহিনে আচলতে মানুহ আৰু প্ৰকৃতিৰ মাজৰ সেই চিৰন্তন সম্পৰ্কটোক আমাৰ সন্মুখত মুকলি কৰে। কৃষকৰ ঘাম, পথাৰৰ শস্য, নদীৰ সোঁত, গছৰ সেউজীয়া, চৰাইৰ মাত আৰু ঋতুৰ পৰিৱৰ্তন— এই সকলোবোৰ মিলিহে জীৱনৰ সামগ্ৰিক ছবি এখন গঢ় লৈ উঠে। এই ছবিৰ পৰা কোনো এটা উপাদান আঁতৰাই দিলে তাৰ পূৰ্ণতা নষ্ট হয়। সেয়েহে আহিনক উপলব্ধি কৰা মানে কেৱল শৰতৰ সৌন্দৰ্য উপভোগ কৰা নহয়, নিজৰ মাটি, মানুহ আৰু ঐতিহ্যৰ সৈতে থকা সম্পৰ্ককো অন্তৰৰ পৰা অনুভৱ কৰা।