লাভলীনাক অতিৰিক্ত আৰক্ষী অধীক্ষক পদলৈ পদোন্নতি 

লাভলীনাক অতিৰিক্ত আৰক্ষী অধীক্ষক পদলৈ পদোন্নতি 

ৰঙিলী বাৰ্ত্তাসেৱা- শেহতীয়াকৈ জাপানত অনুষ্ঠিত এছিয়ান গেমছ ২০২৬ত স্বৰ্ণ পদক লাভ কৰা অসমকন্যা লাভলীনা বৰগোহাঁইক চৰকাৰে বিশেষ উপহাৰ দিলে । এছিয়ান গেমছৰ মহিলাৰ ৭৫ কেজি বক্সিং শাখাত স্বর্ণপদক অৰ্জন কৰি দেশ তথা অসমলৈ গৌৰৱ কঢ়িয়াই অনা অসম কন্যা লাভলীনা বৰগোহাঁইক লোকসেৱা ভৱনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই উষ্ম অভিনন্দন জ্ঞাপন কৰে।  এই গৌৰৱময় সাফল্যৰ স্বীকৃতিস্বৰূপে মুখ্যমন্ত্রী ড° শর্মাই ‘স্বর্ণকন্যা’ক ৰাজ্য চৰকাৰৰ সংহত ক্রীড়া নীতিৰ আধাৰত ৫০ লাখ টকাৰ এখন চেক প্রদান কৰাৰ লগতে তেওঁক অতিৰিক্ত আৰক্ষী অধীক্ষক পদলৈ পদোন্নতি দিয়া হ’ব বুলি ঘোষণা কৰে। গোলাঘাটৰ জীয়ৰী লাভলীনা গুৱাহাটীত আহি উপস্থিত হোৱাৰ কিছু সময়ৰ পিছতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁ কাৰ্যালয়ত খেলুৱৈগৰাকীক এই উপহাৰ প্ৰদান কৰে । লাভলীনাৰ ক্ৰীড়া প্রতিভা, কঠোৰ পৰিশ্ৰম, অধ্যৱসায় আৰু অদম্য মনোবলৰ প্ৰশংসা কৰি তেওঁৰ উজ্জ্বল ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে মুখ্যমন্ত্রী ড° শর্মাই।

তেওঁ কয় যে লাভলীনাৰ এই স্বর্ণিল সাফল্য কেৱল অসমৰ বাবেই নহয়, সমগ্র দেশৰ বাবেই এক গৌৰৱৰ বিষয়। আন্তঃৰাষ্ট্ৰীয় ক্রীড়াক্ষেত্ৰত লাভলীনাই অসমৰ নাম উজলাই আহিছে আৰু তেওঁৰ সফলতাই ৰাজ্যৰ নৱপ্ৰজন্মক ক্ৰীড়াৰ ক্ষেত্ৰত নতুন সপোন দেখিবলৈ তথা সেই সপোন বাস্তৱায়িত কৰাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিবলৈ অনুপ্রাণিত কৰিব।  আনহাতে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে সামাজিক মাধ্যমৰ এটা পোষ্টত লিখিছে, “জাপানত অনুষ্ঠিত এছিয়ান গেমছৰ মহিলাৰ ৭৫ কিঃগ্ৰাঃ বক্সিং শাখাত স্বৰ্ণ পদক অৰ্জন কৰি দেশ তথা অসমলৈ গৌৰৱ কঢ়িয়াই অনা অসম জীয়ৰী লাভলীনা বৰগোহাঁইক আজি লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উষ্ম অভিনন্দন জ্ঞাপন কৰে । লাভলীনা বৰগোহাঁইৰ এই ঐতিহাসিক সাফল্যৰ স্বীকৃতিস্বৰূপে মুখ্যমন্ত্ৰীয়ে তেওঁক ৫০ লাখ টকাৰ এখন চেক প্ৰদান কৰি উজ্জ্বল ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে । বিশ্ব বক্সিঙত অসম সন্তানৰ আধিপত্য অব্যাহত থাকক ।  এই গৌৰৱময় ক্ষণত ক্রীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্রী বিশ্বজিৎ দৈমাৰী, অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰৰ উপৰি লাভলীনাৰ পিতৃ টিকেন বৰগোহাঁই, মাতৃ মামণি বৰগোহাঁইৰ লগতে বায়েকদ্বয় লিমা বৰগোহাঁই, লিজা বৰগোহাঁই আৰু পৰিয়ালৰ অন্যান্য লোকসকল উপস্থিত থাকে।