এক আলোকপাত
ঐতিহ্য পূৰ্ণ কাকডোঙা নৈৰ প্ৰাকৃতিক সৌন্দৰ্য
শংকৰ দেৱ, দেৰগাঁও
প্ৰকৃতিৰ বুকুত বৈ যোৱা অসংখ্য সৰু-বৰ নৈ আছে, যাৰ এক নিজস্ব নিজস্ব ৰূপ, বৈশিষ্ট্য আৰু পৰিচয় আছে। কোনোবাখন নৈ ইতিহাসৰ সাক্ষী, কোনোবাখন জীৱন-জীৱিকাৰ আধাৰ, আকৌ কোনোবাখন নৈৰ সৈতে জড়িত হৈ থাকে এখন অঞ্চলৰ লোক সংস্কৃতি আৰু পৰম্পৰা। তেনে এক চিনাকি আৰু আপোন নৈ হৈছে কাকডোঙা। অসমৰ যোৰহাট আৰু গোলাঘাট জিলাৰ সীমামূৰীয়া অঞ্চলৰ মাজেৰে বৈ যোৱা কাকডোঙা নৈ কেৱল এখন নৈ বুলি ক’লেই নহ’ব, ই এই অঞ্চলৰ মানুহৰ জীৱন-যাত্ৰাৰ এক অবিচ্ছেদ্য অংশ।
নৈপাৰৰ গাঁওবোৰৰ পৰিৱেশো সৌন্দৰ্যৰ এক গুৰুত্বপূৰ্ণ অংশ। কোনোবা ঠাইত বাঁহৰ জোপোহা, কোনোবা ঠাইত ভীমকলৰ বাৰী, কোনোবা ঠাইত তামোল-পাণৰ বাৰী, আকৌ কোনোবা ঠাইত ধানৰ ভঁৰাল, গোহালি আৰু পৰম্পৰাগত বাঁহ-বেতৰ ঘৰ। এই সকলোবোৰ মিলি গঢ়ি তোলে অসমীয়া গাঁৱৰ এক পৰম্পৰাগত চিনাকি ছবি। পুৱাৰ কোমল ৰ’দত নৈৰ পাৰৰ গছৰ পাতত জিলিকি থকা নিয়ৰৰ টোপাল, বাঁহনিৰ মাজেৰে বৈ অহা মৃদু বতাহ আৰু নৈৰ পানীৰ কলকল শব্দই যিকোনো প্ৰকৃতিপ্ৰেমীৰ মন মুহি পেলায়।
এই নৈৰ দুয়োপাৰৰ প্ৰাকৃতিক দৃশ্য সঁচাকৈয়ে প্ৰতিটো ঋতু অনুযায়ীয়েই বৰ মনোমোহা। ঋতু সলনি হোৱাৰ লগে লগে নৈখনৰ ৰূপো সলনি হয়। বাৰিষাৰ দিনত পানীৰে পৰিপূৰ্ণ হৈ নৈখনে এক সজীৱ ৰূপ লয়। নৈৰ দুয়োপাৰে থকা সেউজীয়া পথাৰ, গছ-গছনি আৰু গাঁৱৰ পৰিৱেশে চৌদিশে এক শান্ত-সমাহিত সৌন্দৰ্যৰ সৃষ্টি কৰে। ঠিক সেইদৰে শৰৎকাল আহিলে পথাৰৰ ধানৰ সোণোৱালী আভা আৰু নৈপাৰৰ বালিচৰত ফুলা বগা কঁহুৱাই যেন প্ৰকৃতিক নতুন সাজেৰে সজাই তোলে। সেইদৰে ঋতুৰ সলনিৰ সৈতে এই নৈৰ পাৰত ভিন্ন প্ৰজাতিৰ চৰাই-চিৰিকটিৰ উপস্থিতিও চকুত পৰে। বিশেষকৈ বগলী, কণামুছৰি, মাছৰোকা, বৰটোকোলা আদি বিভিন্ন জলচৰ আৰু নৈপৰীয়া চৰাইয়ে নৈখনৰ পৰিৱেশক অধিক সজীৱ কৰি তোলে। পুৱাৰ ভাগত চৰাইৰ মাত আৰু নৈৰ পানীৰ মৃদু শব্দ একেলগে মিলি সৃষ্টি কৰা পৰিৱেশৰ মাজত গ্ৰাম্য অসমৰ এক নিৰ্মল ছবি বিচাৰি পোৱা যায়।
এই নৈৰ সৈতে জড়িত হৈ আছে বহু মানুহৰ জীৱন-জীৱিকাও। নৈখনৰ বুকুত এতিয়াও দেখা যায় মাছমৰীয়াৰ নাও। কোনোবাই জাল পেলাই মাছ ধৰে, কোনোবাই পল’ লৈ নৈৰ পানীত নামি পৰে। নৈৰ পানীৰ সৈতে তেওঁলোকৰ সম্পৰ্ক কেৱল জীৱিকাৰেই নহয়, ই যেন পুৰুষানুক্ৰমে চলি অহা এক জীৱন-পদ্ধতি।
এই নৈৰ আন এক বিশেষ পৰিচয় হৈছে ইয়াৰ বৰালি মাছ। কাকডোঙাৰ বৰালি মাছ স্থানীয় ৰাইজৰ মাজত অতিকৈ জনপ্ৰিয়। নৈৰ স্বাভাৱিক পৰিৱেশত পোৱা এই মাছক লৈ বহু পৰিয়ালৰ খাদ্যাভ্যাস আৰু মাছমৰা জীৱনৰ সৈতে এক আন্তৰিক সম্পৰ্ক গঢ় লৈ উঠিছে। নৈৰ পৰা ধৰা সতেজ বৰালি মাছৰ সোৱাদৰ কথা নৈপৰীয়া মানুহৰ মুখত প্ৰায়ে শুনিবলৈ পোৱা যায়। সেয়েহে কাকডোঙাৰ বৰালি মাছ এতিয়া কেৱল এবিধ মাছেই নহয়, ই এই অঞ্চলৰ নৈকেন্দ্ৰিক জীৱন আৰু থলুৱা খাদ্য-সংস্কৃতিৰো এক চিনাকি অংশ।
গধূলিৰ সময়ত এই নৈৰ ৰূপ আকৌ সলনি হয়। পশ্চিম আকাশত বেলি লহিয়াই যোৱাৰ সময়ত নৈৰ পানীত পৰি থকা ৰঙচুৱা আভা, নৈপাৰৰ গছ-গছনিৰ ছাঁ আৰু ঘৰমুৱা চৰাইৰ জাকে এক বিৰল দৃশ্যৰ সৃষ্টি কৰি নৈখনৰ এক জীৱন্ত ছবি ডাঙি ধৰে । দূৰৰ কোনোবা নামঘৰৰ পৰা ভাঁহি অহা নাম-প্ৰসংগৰ ধ্বনি আৰু নৈৰ কলকল শব্দ একেলগে মিলিলে সৃষ্টি হয় এক অপূৰ্ব গ্ৰাম্য পৰিৱেশ।
এই নৈৰ সৈতে কৃষিজীৱী মানুহৰো গভীৰ সম্পৰ্ক আছে। নৈৰ পানী আৰু নৈপাৰৰ মাটিয়ে অঞ্চলটোৰ কৃষিকাৰ্যত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। বাৰিষাৰ পিছত পথাৰ সেউজীয়া হৈ উঠে আৰু ধান পকিবলৈ ধৰিলে সেই একেখন পথাৰেই সোণোৱালী হৈ পৰে। কৃষকৰ কষ্ট, পথাৰৰ সেউজীয়া আৰু নৈৰ পানী—এই তিনিও যেন ইজনে সিজনৰ পৰিপূৰক।
অৱশ্যে বৰ্তমান সময়ত এনে প্ৰাকৃতিক সম্পদ সংৰক্ষণ কৰাটো অতি জৰুৰী হৈ পৰিছে। নৈত পেলোৱা আৱৰ্জনা, পানী প্ৰদূষণ, নৈপাৰৰ গছ-গছনি ধ্বংস, অত্যধিক মাছ ধৰা আদি বিভিন্ন কাৰকে নৈৰ স্বাভাৱিক পৰিৱেশলৈ ভাবুকি কঢ়িয়াই আনিব পাৰে। নৈ এখন কেৱল পানীৰ ধাৰা বুলি ক’লেই নহ’ব, ইয়াৰ সৈতে জড়িত হৈ থাকে মানুহ, মাটি, কৃষি, মাছ, চৰাই, গছ-গছনি আৰু বহু পুৰণি লোক পৰম্পৰা।
সেয়ে কাকডোঙা নৈক সুন্দৰ কৰি ৰখাৰ দায়িত্ব কেৱল চৰকাৰ বা কোনো এটা সংস্থাৰেই নহয়। নৈপাৰৰ প্ৰতিজন বাসিন্দা, স্থানীয় দল-সংগঠন, যুৱসমাজ আৰু সচেতন নাগৰিকে নৈখন পৰিষ্কাৰ-পৰিচ্ছন্ন আৰু প্ৰদূষণমুক্ত কৰি ৰখাৰ ক্ষেত্ৰত আগভাগ ল’ব লাগিব। নৈৰ বুকুৰ মাছ, বিশেষকৈ জনপ্ৰিয় বৰালি মাছৰ স্বাভাৱিক বিচৰণ আৰু প্ৰজননৰ পৰিৱেশ অক্ষুণ্ণ ৰখাৰ প্ৰতিও গুৰুত্ব দিব লাগিব।
আচলতে কাকডোঙা নৈৰ সৌন্দৰ্য কেৱল চকুৰে দেখা দৃশ্যৰ মাজতেই সীমাবদ্ধ নহয়, ইয়াৰ সৌন্দৰ্য নিহিত হৈ আছে নৈপাৰৰ মানুহৰ হাঁহি-কান্দোনত, কৃষকৰ পথাৰত, মাছমৰীয়াৰ জালত, নাওৰ বঠাত, বাঁহনিৰ সোঁ-সোঁৱনি শব্দত, কঁহুৱাৰ বগা ফুলত আৰু গাঁৱৰ সৰল জীৱন-যাপনৰ মাজত। নৈখনৰ সৈতে জড়িত হৈ আছে অতীতৰ বহু স্মৃতি আৰু বৰ্তমানৰ বহু মানুহৰ জীৱিকা।
সেয়েহে কাকডোঙা নৈক কেৱল এখন নৈ হিচাপে চালেই নহ’ব, ই এই অঞ্চলৰ প্ৰকৃতি, ঐতিহ্য, লোক জীৱন আৰু সংস্কৃতিৰ এক জীৱন্ত প্ৰতিচ্ছবি। সময়ৰ সোঁতত বহু কথা সলনি হ’লেও কাকডোঙাৰ বুকুৰে বৈ থকা পানীৰ ধাৰাই যেন আজিও কৈ যায়—প্ৰকৃতিৰ সৈতে মানুহৰ সম্পৰ্ক যিমান গভীৰ, সেই সম্পৰ্ক সংৰক্ষণ কৰাটোও সিমানেই আমাৰ কৰ্তব্য।
কাকডোঙা বৈ থাকক, ইয়াৰ দুয়োপাৰৰ সেউজীয়া পথাৰ সেউজীয়া হৈ থাকক, কঁহুৱাৰ ফুলে শৰৎৰ আগমন জনাই থাকক আৰু নৈখনৰ বুকুত থলুৱা মাছৰ বিচৰণ অব্যাহত থাকক—এইয়াই হ’ব কাকডোঙা নৈৰ প্ৰতি আমাৰ প্ৰকৃত সন্মান।
