পুনৰবাৰ মৃত্যুদূতৰ ৰূপত আহিছে কৰ’নাৰ নতুন প্ৰজাতি

pc the Guardian

পুনৰবাৰ মৃত্যুদূতৰ ৰূপত আহিছে কৰ’নাৰ নতুন প্ৰজাতি

ৰঙিলী বাৰ্ত্তাসেৱা-  কৰ’নাৰ নতুন ভেৰিয়েন্টক লৈ সমগ্ৰ বিশ্ব আতংকিত হৈ পৰিছে।নতুন অ’মিক্ৰন ভেৰিয়েন্টক ডেল্টাতকৈ অধিক সংক্ৰামক বুলি কোৱা হৈছে।ইখনৰ পৰা সিখন দেশলৈ বিয়পিছে নতুন প্ৰজাতিৰ ভাইৰাছ ‘অমিক্ৰণ’।নতুন ক’ভিড সংক্রমণৰ বাবে যাতায়াতৰ সন্দৰ্ভত চৰকাৰৰ নতুন নিৰ্দেশনা।অ’মিক্ৰনৰ এনে আতংকৰ মাজতে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে অহা ১৫ ডিচেম্বৰৰ পৰা স্বাভাৱিক ৰূপত আন্তৰ্জাতিক বিমান সেৱা আৰম্ভ হোৱাৰ কথা আছিল যদিও সেয়া পুনৰ বিবেচনাৰ কথা ঘোষণা কৰিছে।অহা ১ ডিচেম্বৰৰ পৰা নতুন ক’ভিড বিধি প্ৰযোজ্য কৰিবলৈ আগবাঢ়িছে কেন্দ্ৰীয় চৰকাৰে।আন্তঃৰাষ্ট্রীয় যাতায়াতৰ ক্ষেত্রত চৰকাৰৰ নতুন নিৰ্দেশনা।কেন্দ্রীয় স্বাস্থ্যমন্ত্রীয়ে এই সন্দৰ্ভত প্রকাশ কৰিছে নতুন নিৰ্দেশনা।অহা ১ ডিচেম্বৰৰ পৰা বিদেশৰ পৰা সকলো যাত্ৰীয়ে বিগত ১৪ দিনৰ ট্ৰেভেল হিষ্ট্ৰী জমা দিব লাগিব।তদুপৰি, বিদেশৰ পৰা অহা যাত্ৰীসকলে আৰটি-পিচিআৰ টেষ্টৰ ৰিপ’ৰ্ট জমা দিব লাগিব।যাত্ৰীসকলে কেন্দ্ৰৰ এয়াৰ সুবিধা প’ৰ্টেলত এখন ছেল্ফ ডিক্লাৰেশ্যন ফৰ্ম পূৰণ কৰি সকলো তথ্য জমা দিব লাগিব।যাত্ৰা কৰাৰ ৭২ ঘন্টাৰ পূৰ্বে কৰা আৰটি-পিচিআৰ টেষ্টহে গ্ৰহণযোগ্য হ’ব।এইক্ষেত্ৰত কোনোৱে ভুৱা ৰিপ’ৰ্ট জমা দিলে সেই যাত্ৰীৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ কৰা হ’ব।পৰীক্ষাত নিগেটিভ ৰিজাল্ট অহা যাত্রীকহে যাত্রাৰ সুবিধা দিয়া হ’ব।পজিটিভ ফল ওলোৱা সকলক ৭ দিনৰ বাবে হোম কোৱাৰেণ্টাইনত ৰখা হ’ব।৮ দিনৰ পিছত পুনৰ তেওঁলোকৰ ক’ভিড পৰীক্ষা কৰা হ’ব।নিগেটিভ আহিলেও তেওঁলোকক পৰ্যবেক্ষণত ৰখা হ’ব।