যোৰহাট চহৰৰ মাজমজিয়াত ছাত্ৰ নেতাক নৃশংস হত্যা

যোৰহাট চহৰৰ মাজমজিয়াত ছাত্ৰ নেতাক নৃশংস হত্যা

ৰঙিলী বাৰ্ত্তাসেৱা-  যোৰহাট চহৰৰ মাজমজিয়াত ছাত্ৰ নেতাক নৃশংস হত্যা।যোৰহাটৰ ট্রাক ষ্টেণ্ডৰ সমীপত সংঘটিত এই ঘটনা। এদল উন্মত্ত লোকৰ প্ৰহাৰত মৃত্যু ছাত্ৰনেতা অনিমেষ ভূঞাৰ।গোলাঘাটৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক অনিমেষ ভূঞা। ছাত্ৰনেতা অনিমেষ ভূঞাৰ ঘৰ খুমটাইত বুলি জানিব পৰা গৈছে।এক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি সাধাৰণ কথাতে ৫০জনতকৈ অধিক উন্মত্ত লোকে প্রহাৰ কৰিছিল ৩যুৱকক।সাংবাদিক মৃদুস্মন্ত বৰুৱা,আছুৰ প্ৰণয় দত্তকো আক্ৰমণ।গুৰুতৰভাৱে আহত তিনিওকে JMCHলৈ প্ৰেৰণ কৰা হয়।হাস্পতালত অনিমেষ ভূঞাক মৃত ঘোষণা কৰে।ঘটনা সন্দৰ্ভত জানিব পৰা মতে,দুৰ্ঘটনাটো মুঠেই গুৰুতৰ নাছিল।এজন বয়োজ্যেষ্ঠ ব্যক্তিয়ে সামান্য আঘাত পাইছিল।লোকজনক শুশ্ৰূষা কৰাৰ সময়তে তিনিওকে উন্মত্ত এদল লোকৰ দলবদ্ধ আক্ৰমণ।