জোনাকী লগ্নত ভাগৰুৱা এন্ধাৰে জিৰাইছে
পুলিন ডেকা
জোনাকী লগ্নত ভাগৰুৱা এন্ধাৰে জিৰাইছে
তোমাৰ কবিতাত হেৰুওৱা দিনৰ উশাহে
শাঁত পেলোৱা ক্ষণত সময়বোৰ অকলশৰীয়া
আছিল ; অথচ গানৰ সুললিত সপোনত এতিয়াও
নিঠৰ হৈ আছে লাজুকী ছাঁ
মোৰ তন্ময়তাত বহু এন্ধাৰে জিৰাইছে
ৰণক্লান্ত ঘামত সোঁৱৰণীৰ এমুঠি উলাহৰ সমীৰণ
অবাটে যোৱা মানুহবোৰ উভতি আহিব বুলি
তলসৰা শেৱালীয়ে সপোন নেদেখা বাটত
এতিয়াও পোহৰৰ আজন্ম পথছোৱা জিলিকি উঠা নাই
দুখৰ সমভাগী হ’ব নোৱাৰা ভৰ দুপৰীয়া এটাই
পাহাৰৰ নামনিৰ ছাঁত জিৰাইছে
কাৰ ছাঁত মই বাৰু জিৰাম ?
কোলাহলৰ নিথৰ শব্দত খুৱেই নিঃসঙ্গ
ছাঁ-পোহৰৰ অলেখ ঢৌ
আৰু ভাস্কৰ্যৰ শীতলতম দৃষ্টি
প্রতিবাৰে কিয় বাৰু উজুতি খাওঁ উৰণীয়া
প্ৰতিধ্বনিৰ শেষ প্ৰান্তৰত, যাৰ ছাঁৰ বোকোচাত
বহু শতাব্দীৰ গৰিমা থমকি ৰৈছে সেউজ চাঁৱনিত
সাক্ষীৰ ৰূপত থকা বট বীক্ষডালে সাম্যৰ খোজত
ছাঁ বিচাৰিছে, তলসৰা পাতৰ গুঞ্জনত বহু আস্থাহীনতাৰ
বিপৰীতে গতিময় সময়েও জিৰাইছে
এন্ধাৰৰ লগ্ন বিচাৰি কাণমুণি সন্ধিয়াই জিৰাইছে
পোহৰে এৰি অহা দিনৰ অৰণ্যত।