আয়ুর্বেদিক চিকিৎসা সন্থাৰ যষ্ঠ বিশ্ব আয়ুর্বেদ দিৱস আৰু ধন্বন্তৰি দিৱস উদযাপন

Pc- Hindustan times

আয়ুর্বেদিক চিকিৎসা সন্থাৰ যষ্ঠ বিশ্ব আয়ুর্বেদ দিৱস আৰু ধন্বন্তৰি দিৱস উদযাপন

ৰঙিলী বাৰ্ত্তাসেৱা– ২ নৱেম্বৰত আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিৰ প্ৰচাৰ আৰু উত্তৰণৰ লক্ষ্যৰে নতুনকৈ  গঠন কৰা আয়ুর্বেদিক চিকিৎসা সন্থাই যষ্ঠ বিশ্ব আয়ুর্বেদ দিৱস আৰু ধন্বন্তৰি দিৱস উদযাপনৰ আয়োজন কৰিছে।সন্থাৰ সভাপতি ডাঃ অৰবিন্দ দাস আৰু  সাধাৰণ সম্পাদক ডাঃ বিষ্ণু চৌধুৰীয়ে জানিবলৈ দিয়া মতে দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়ুর্বেদ চিকিৎসা শিবিৰ আৰু সজাগতা সভা অনুষ্ঠিত কৰা হ’ব। তেনেদৰে কামৰূপ জিলা ভিত্তিত চাংসাৰিৰ কাষৰীয়া ডোৰাকহৰাৰ ভিতৰখোলা এম ই বিদ্যালয়ত দিৱসৰ কাৰ্যসূচী উদ্যাপন কৰা হ’ব৷ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা, সন্মানীয় অতিথি হিচাপে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী, কামৰূপ জিলাৰ উপায়ুক্ত, অতিৰিক্ত উপাযুক্ত (স্বাস্থ্য), কামৰূপ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক, জিলা প্রাথমিক শিক্ষা বিষয়া উপস্থিত থাকিব।