ভাৰতত ১২,৮৩০ জন লোক নতুনকৈ কৰʼনাত সংক্ৰমিত 

Pc- The Conversation

ভাৰতত ১২,৮৩০ জন লোক নতুনকৈ কৰʼনাত সংক্ৰমিত 

ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ১২,৮৩০ জন লোক নতুনকৈ কৰʼনাত সংক্ৰমিত হৈছে।ভাৰতত কৰʼনা সংক্ৰমণৰ ফলত নতুনকৈ ৪৪৬ জন লোকৰ মৃত্যু হৈছে। ১৪,৬৬৭ জন লোক নতুনকৈ কৰʼনা সংক্ৰমণৰ পৰা সুস্থ হৈ উঠিছে। দেশৰ মুঠ কৰʼনাত সংক্ৰমিত হোৱা লোকৰ সংখ্যা হৈছে ৩,৪২,৭৩,৩০০ জন। ৪,৮,১৮৬ জন লোকৰ বৰ্তমানলৈ ভাৰতত কৰʼনা সংক্ৰমণৰ ফলত মৃত্যু হৈছে।