অক্টোবৰ মাহৰ তাৎপৰ্য – মঞ্জুষা শৰ্মা

Pc- adobe Stock

অক্টোবৰ মাহৰ তাৎপৰ্য 

মৰমৰ অকণিহঁত তোমালোকে নিশ্চয় দিনটোৰ কথাবোৰ শুবৰ সময়ত মনতে এবাৰ উনুকিয়াই লোৱা নহয়নে বাৰু ? গোটেই দিনটোত কি কি কৰিলা বা কিবা মনত ৰাখিব লগীয়া ঘটনা ঘটিল নেকি ইত্যাদি ইত্যাদি | আগতে আমাক আমাৰ মা- দেউতায়ে এনেদৰে মনত পেলাবলৈ কয় | তেনে কৰিলে হেনো স্মৃতি শক্তি বৃদ্ধি পায় |সেয়ে তোমালোকেও কৰা বুলি মই ধৰি লৈছোঁ | যদি নকৰা তেন্তে আজিৰ পৰা কৰিবা দেই | আজি মই তোমালোকক এই অক্টোবৰ মাহটোৰ কথাহে মনত পেলাই দিবলৈ ওলাইছোঁ | এই মাহটোৰ কি কি বিশেষত্ব আছিল তাক এবাৰ পুনৰ চাও আহা |
১ অক্টোবৰ বিশ্ব
ৰক্তদান দিৱস : ৰক্ত দান মহান দান | আমি সকলোৱেই জানো যে সুৰক্ষিত আৰু প্ৰয়োজনীয় ৰক্তৰ অভাৱত আজিও ভাৰতবৰ্ষত বহুতো লোকৰ মৃত্যু হয় | অন্যহাতে পেশাদাৰী ৰক্তদাতাৰ ৰক্তই বহুতো লোকক বিভিন্ন ৰোগত ৰুগীয়া কৰি তোলে | সেয়েহে ১৯৯৮ চনত উচ্চতম ন্যায়ালয়ে ভাৰতবৰ্ষত পেশাদাৰী ৰক্তদান বন্ধ কৰি দিছে | বিশ্ব স্বাস্থ্য সংস্থাই ২০২০ চনৰ ভিতৰত বিশ্বৰ সকলো ৰাষ্ট্ৰকে এশ শতাংশ স্বেচ্ছীয় ৰক্তদান কৰিবলৈ অনুৰোধ জনোৱাৰ পিছতো বিশ্বৰ মাত্ৰ ৬২ খন দেশেহে এই কথাষাৰ মানি লৈছে |
২ অক্টোবৰ : জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধী আৰু লাল বাহাদুৰ শাস্ত্ৰীৰ জন্ম দিন |
১০ অক্টোবৰ : বিশ্ব মানসিক স্বাস্থ্য দিৱস | শাৰীৰিক স্বাস্থ্যৰ দৰে মানসিক স্বাস্থ্যও মানৱ জীৱনৰ এটি অংগ | এজন ব্যক্তি মানসিক ভাৱে সুষ্ঠ নহ’লে ব্যক্তিজনে কোনো কামতেই সফলতা লাভ কৰিব নোৱাৰে |
১২ অক্টোবৰৰ পৰা ১৫ অক্টোবৰলৈকে আমাৰ অতি আনন্দৰ দুৰ্গা পূজা | য’ত গাড়ী , বেলুন ,পেঁপাৰ মাতে মন ভৰি থাকে |
১৫ অক্টোবৰ: বিশ্ব ছাত্ৰ দিৱস অৰ্থাৎ মিছাইল মেন আব্দুল কালামৰ জন্ম দিন | আব্দুল কালামৰ সম্পূৰ্ণ নাম হৈছে আবুল পাকিৰ জয়নাল আবেদীন আব্দুল কালাম | ১৯৩১ চনৰ ১৫ অক্টোবৰত তামিলনাডুৰ ৰামেশ্বৰমত কালামদেৱে জন্ম গ্ৰহণ কৰিছিল | ২০১৫ চনৰ ২৭ জুলাইত শ্বিলঙৰ ‘ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠানত ‘ অংশ গ্ৰহণ কৰি ভাষণ দি থাকোতেই মৃত্যুক আকোঁৱালি লৈছিল |
১৬ অক্টোবৰ : বিশ্ব খাদ্য দিৱস | খাদ্য সুৰক্ষা , সমস্যা তথা পুষ্টিকৰ আহাৰৰ পৰা আঁতৰত থকা অনাহাৰী লোক সকলৰ প্ৰতি সহমৰ্মিতা প্ৰকাশেই এই দিৱসৰ মূল লক্ষ্য | ৰাষ্ট্ৰ সংঘৰ উদ্যোগত ১৯৮১ চনৰ পৰা সমগ্ৰ বিশ্বই এই দিৱস পালন কৰি আহিছে |
১৭ অক্টোবৰ : আন্ত:ৰাষ্ট্ৰীয় দৰিদ্ৰতা দূৰীকৰণ দিৱস | এই দিৱসৰ লক্ষ্যই হৈছে – দৰিদ্ৰ লোকৰ বিকাশ তথা উন্নতিৰ কাৰণে চিন্তা চৰ্চ্চা কৰা | ফ্ৰান্সৰ পেৰিচত ১৯৮৭ চনৰ এই দিনটোত ১লাখ জনসাধাৰণ একত্ৰিত হৈ সেই সময়ত দৰিদ্ৰতা আৰু অনাহাৰত মৃত্যু বৰণ কৰা সকলৰ আত্মাৰ সদ্গতিৰ বাবে প্ৰাৰ্থনা কৰিছিল |
১৮ অক্টোবৰ : কাতি বিহু | এই বিহুত তুলসীৰ তলত চাকি জ্বলোৱাৰ লগতে খেতি পথাৰতো বন্তি জ্বলাই পোক পৰুৱাৰ পৰা শস্য ৰক্ষা কৰাৰ পৰম্পৰা অতীজৰ পৰাই চলি আহিছে |
২০ অক্টোবৰ : ধনৰ অধিস্থাত্ৰী দেৱী লক্ষ্মী দেৱীৰ পূজা |
২০ অক্টোবৰ : বিশ্ব ক্ষুধা সূচক দিৱস | পৃথিৱীত খাদ্যৰ অভাৱ নাই যদিও গোটেই পৃথিৱীত ৮১ কোটি ১০লাখ মানুহ খাবলৈ নাপোৱাকৈয়ে আছে | ইয়াৰ এভাগ লোক অৰ্থাৎ ২১ কোটি ২৬ লাখ লোক আমাৰ দেশতেই আছে |
২২ অক্টোবৰ : কৃষক দিৱস। প্ৰাক্তন প্ৰধানমন্ত্ৰী চৰণ সিং ৰ জন্ম দিনটো কৃষক দিৱস হিচাপে পালন কৰা হয়।
২৪ অক্টোবৰ : ৰাষ্ট্ৰ সংঘ দিৱস : ১৯৪৫ চনৰ ২৪ অক্টোবৰত বিশ্বৰ ৫০ খন দেশ লগ হৈ ৰাষ্ট্ৰ সংঘ প্ৰতিষ্ঠা কৰিছিল | ইয়াৰ পতাকাখন পাতল সেউজীয়া ৰঙৰ | এই পতাকাখনৰ মাজত থকা পৃথিৱীৰ মেৰুকেন্দ্ৰী মানচিত্ৰখনক শান্তিৰ প্ৰতীক চিহ্নটি দুডাল জলফাই গছৰ ঠাৰিয়ে ধৰি ৰাখে |
২৫ অক্টোবৰ : বিশ্ব শান্তি দিৱস | বিশ্বত চলি থকা অশান্তি জৰ্জৰিত পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাষ্ট্ৰ সংঘই এই দিৱস পালন কৰি বিশ্বত শান্তি প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰি আহিছে |
২৫ অক্টোবৰ : কিতাপৰ দিন | ১৯১৫ চনৰ ২৫ অক্টোবৰত জন্ম গ্ৰহণ কৰা একেধাৰে নাট্যকাৰ , সাহিত্যিক , ৰাজনীতিবিদ লক্ষ্যধৰ চৌধুৰী দেৱৰ জন্ম দিন | ২০০৮ চনৰ ১৮ আগষ্টত মৃত্যু বৰণ কৰা এইজনা মহান ব্যক্তিৰ জন্ম দিনটো কিতাপৰ দিন হিচাপে সমগ্ৰ দেশবাসীয়ে পালন কৰে |
২৯ অক্টোবৰ : বিশ্ব ষ্টোক দিৱস | ষ্টোক ৰোগ মানে হঠাতে হোৱা বা লগে লগে হোৱা | এই ৰোগে মানুহজনৰ কোনো এটা অংশ বা অংগ অকামিলা কৰি পেলায় | এই ৰোগে কিছুমানৰ জীৱন দুৰ্বিষহ কৰি তোলে আৰু বহুতৰ প্ৰাণ হানিও হয় | সেয়েহে ২০০৬ চনৰ ২৯ অক্টোবৰৰ পৰা ‘ৱল্ড ষ্টোক ‘ নামৰ এটি অনুষ্ঠানৰ জৰিয়তে বিশ্ব স্বাস্থ্য সংস্থা , চিকিৎসা , বেচৰকাৰী সংস্থা সমূহে বিশ্ব জুৰি সজাগতা অনাৰ প্ৰয়াসেৰে এই দিৱস পালন কৰিবলৈ লৈছে |
৩১ অক্টোবৰ : ৰাষ্ট্ৰীয় সংকল্প দিৱস | ভাৰতৰ সৰ্বপ্ৰথম তথা বৰ্তমানলৈকে একমাত্ৰ মহিলা প্ৰধান মন্ত্ৰী হিচাপে পৰিগণিত হৈ থকা প্ৰয়াত ইন্দিৰা গান্ধীৰ মৃত্যু দিনটোৱেই হৈছে ৩১ অক্টেবৰ | ১৯৮৪ চনৰ ৩১ অক্টোবৰৰ দিনা কৰ্মৰত অৱস্থাতে নিজ আৱাসতে আততায়ীৰ হাতত গুলীবিদ্ধ হৈ মৃত্যুক আকোৱালি ল’ব লগা হৈছিল | সেয়ে তেখেতৰ মৃত্যুৰ দিনটো সংকল্প দিৱস হিচাপে পালন কৰা হয় |
এতিয়া দেখিলানে অক্টোবৰ মাহটোযে কিমান প্ৰয়োজনীয় কথাৰে পূৰ্ণহৈ শেষ হৈছে | এনেদৰে যদি আমি প্ৰতিটো মাহৰ জানিব লগীয়া ঘটনা বা দিৱসবোৰ মাহটোৰ শেষত লিখি যাওঁ তেন্তে ই আমাৰ বাবে অতি উত্তম হ’ব নহয়নে বাৰু ? কাৰণ এনে কৰাৰ ফলত আমাৰ স্মৃতিশক্তি বৃদ্ধি পোৱাৰ লগতে কেতিয়াবা পাহৰি গ’লেও লিখনিটো চাই পুনৰ মনত পেলাব পাৰিম | আজিলৈ ইমানতে সামৰিলো দেই |

মঞ্জুষা শৰ্মা