ভাৰতত নতুনকৈ ১৬হেজাৰ লোক কৰ’নাত সংক্ৰমিত

PC- FCW

ভাৰতত নতুনকৈ ১৬হেজাৰ লোক কৰ’নাত সংক্ৰমিত

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতত যোৱা ২৪ঘণ্টাত নতুনকৈ ১৬,১৫৬ জন লোক কৰ’নাত সংক্ৰমিত হৈছে। যোৱা ২৪ ঘণ্টাত ৭৩৩ জন লোকৰ মৃত্যু হৈছে। ভাৰতত নতুনকৈ কৰ’নাত সংক্ৰমিত হোৱা লোক সকলৰ ভিতৰত কেৰেলাত ৯,৪৪৫ জন লোক সংক্ৰমিত হৈছে। আৰু ৬২২ জন লোকৰ মৃত্যু হৈছে।কৰʼনাৰ পৰা ১৭,০০০ ৰো অধিক লোক নতুনকৈ সুস্থ হৈ উঠিছে। মুঠ কৰʼনাৰ পৰা সুস্থ হৈ উঠা লোকৰ সংখ্যা হৈছে ৩৩,৬১৪,৪৩৪ জন। ভাৰতত বৰ্তমান ১,৬০,৯৮৯ টা সক্ৰিয় ঘটনা আছে।