অবৈধ প্ৰেমৰ পৰিণতিতেই যোৱা ২০ অক্টোবৰত সংঘটিত হৈছিল এই নাৰকীয় হত্যাকাণ্ড

pc Kasmir Media Service

 অবৈধ প্ৰেমৰ পৰিণতিতেই যোৱা ২০ অক্টোবৰত সংঘটিত হৈছিল এই নাৰকীয় হত্যাকাণ্ড

ৰঙিলী বাৰ্ত্তাসেৱা – যোৱা ২০ অক্টোবৰত অবৈধ প্ৰেমৰ পৰিণতিতেই সংঘটিত হৈছিল নাৰকীয় হত্যাকাণ্ড। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, দীর্ঘদিন ধৰি দেৱযানীয়ে অবৈধ প্ৰেমৰ সম্পৰ্ক বজাই ৰাখিছিল আন্তিমাৰ স্বামী সন্তোষ গুপ্তাৰ সৈতে। হত্যাকাৰী দেৱযানী দাসে কিদৰে আন্তিমা গুপ্তাক হত্যা কৰিছিল, গড়চুক আৰক্ষীৰ মাৰাথন জেৰাত পোহৰলৈ আহিছে তাৰ বিস্ফোৰক স্বীকাৰোক্তি। যোৱা ২০ অক্টোবৰৰ দিনা দেৱযানী আৰু আস্তিমাৰ দুয়োৰে স্বামী কামলৈ ওলাই যোৱাৰ পাছতেই দিনৰ প্ৰায় ১০.৪০ বজাত দেৱযানীৰ ভাৰাঘৰত প্ৰৱেশ কৰিছিল আন্তিমা গুপ্তা। দেৱযানীয়ে সন্তোষ গুপ্তাৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰি অহাক লৈ প্রথমে দুয়ো তর্কাতর্কিত লিপ্ত হয়। ইয়াৰ পাছত দুয়োৰে মাজত হোৱা খণ্ডযুদ্ধৰ পৰিণতিত দেৱযানীয়ে মছলা পিচিবলৈ ব্যৱহাৰ কৰা লোহাৰ মাৰিডালেৰে আন্তিমাক মূৰত প্ৰহাৰ কৰে। আন্তিমা অচেতন হৈ পৰাত দেৱযানীয়ে ডিঙি চেপি হত্যা কৰে। হত্যাকাণ্ডৰ পাছতে অতি পৰিকল্পিতভাৱে দেৱযানীয়ে আন্তিমাৰ মৃতদেহটো এটা পলিথিনত ভৰাই পাকঘৰৰ গেছৰ চিলিণ্ডাৰ ৰখা স্থানত লুকুৱাই থয়। দেৱযানীয়ে আন্তিমাক হত্যা কৰি অন্য ৰূপ দিবলৈ আন্তিমা গুপ্তাক অপহৰণ কৰা বুলি অন্তিমাৰ ম’বাইলৰ পৰা স্বামী সন্তোষ গুপ্তালৈ ৮০ লাখ টকা মুক্তিপণ বিচাৰে। বুধবাৰে বিয়লি সন্তোষ গুপ্তাই আন্তিমাৰ অপহৰণ সন্দৰ্ভত গড়চুক থানাত এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি আস্তিমাৰ ম’বাইল ফোন ট্ৰেক কৰি বৃহস্পতিবাৰে নিশা দেৱযানী দাসৰ পাকঘৰত আস্তিমাৰ মৃতদেহটো উদ্ধাৰ কৰে। আৰক্ষীয়ে নিশাই দেৱযানী দাস আৰু দেৱযানীৰ স্বামী দীপজ্যোতি দাসক আটক কৰি সোধ পোছ কৰাত আৰক্ষীৰ মাৰাথন জেৰাত অৱশেষত কালি নিশা দেৱযানীয়ে আন্তিমাক হত্যা কৰাৰ কথা স্বীকাৰ কৰে।