গােসাইগাঁও আৰু তামুলপুৰ বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ কেইবাখনাে নির্বাচনী প্রচাৰ সভাত মুখ্যমন্ত্ৰীৰ অংশগ্রহণ

Pc- Facebook

গােসাইগাঁও আৰু তামুলপুৰ বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ কেইবাখনাে নির্বাচনী প্রচাৰ সভাত মুখ্যমন্ত্ৰীৰ অংশগ্রহণ

ৰঙিলী বাৰ্ত্তাসেৱা-  মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গােসাইগাঁও বিধানসভা সমষ্টিৰ উপ-নির্বাচনৰ ইউপিপিএল দলৰ প্রার্থী জিৰণ বসুমতাৰী আৰু তামুলপুৰ বিধান সভা সমষ্টিৰ উপ-নির্বাচনৰ মিত্রজোঁট ইউপিপিএল দলৰ প্রার্থী জলেন দৈমাৰীৰ সমৰ্থনত কাছিয়াবাৰীৰ আৰনাই খেলপথাৰ, হাতীধূৰাৰ দিংদিঙা শ্রীনগৰ সত্ৰ, শুক্লাই চেৰফাঙৰ ঔবাৰী, লক্ষীনাৰায়ণপুৰৰ আঙাৰকাটাত আয়ােজিত ৪ খন বিশাল নির্বাচনী সভাত অংশগ্রহণ কৰি বিজেপি, অগপ আৰু ইউ পি পি এলৰ মিত্ৰজোঁটৰ প্রার্থী দুগৰাকীক বিপুল ভােটত জয়যুক্ত কৰাৰ বাবে সমষ্টিবাসী জনসাধাৰণক আহ্বান জনায়।জনাকীর্ণ নির্বাচনী সভাকেইখনত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে মিত্রজোঁটৰ বৰ্তমানৰ দিছপুৰৰ শাসনত থকা চৰকাৰখনে গােসাইগাঁও আৰু তামুলপুৰ বিধান সভা সমষ্টিৰ উন্নয়নক এক নতুন স্তৰলৈ লৈ যাব। গাখীৰ নিদিয়া গৰুক ঘাঁহ খুৱাই লাভ নাই, ঠিক তেনেদৰে বিৰােধী দলৰ প্রার্থীক ভােট দিও লাভ নাই বুলি মুখ্যমন্ত্রীয়ে কয়। ভাষণ প্রসংগত তেওঁ কয় যে “অৰুণােদয়’ আঁচনিৰ অধীনত গােসাইগাঁও বিধান সভা সমষ্টিৰ হিতাধিকাৰীৰ সংখ্যা বর্তমানৰ ১৭ হাজাৰৰ পৰা ২৭ হাজাৰলৈ বৃদ্ধি কৰা হ’ব। তদুপৰি কাছিয়াবাৰী অঞ্চলত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাম আগন্তুক বৰ্ষৰ এপ্রিল মাহৰ আগতেই আৰম্ভ কৰা হ’ব। যমদুৱাৰত সােণকোষ নদীৰ গৰাখহনীয়া প্রতিৰােধৰ কাম নৱেম্বৰ মাহতে আৰম্ভ কৰা হ’ব। অঞ্চলটোত এখন ৩০ খন বিছনাযুক্ত হাস্পতাল স্থাপন কৰাৰ উপৰি কাছিয়াবাৰীত এটা নতুন উন্নয়নখণ্ড স্থাপন কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে অলপতে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘােষণা কৰা ৰাইমনাৰ দাঁতিকাষৰীয়া অঞ্চলৰ গাঁৱসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে চৰকাৰে বিশেষ পেকেজ ঘােষণা কৰিব। আনহাতে হাতীধূৰাৰ দিংদিঙা শ্রীনগৰ সত্ৰত আয়ােজিত আন এখন নির্বাচনী সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বর্তমান বিজেপি মিত্রজোঁটৰ চৰকাৰখনে শাসনভাৰ লােৱাৰে পৰা জনসাধাৰণৰ আশা-আকাংক্ষা পূৰণৰ দিশত চৰকাখনে ঐকান্তিকতাৰে পদক্ষেপ লৈ আছে। ৰাজ্যখনৰ ১ লাখ শিক্ষিত নিৱনুৱা যুৱক-যুৱতীক স্বচ্ছতাৰে চৰকাৰী চাকৰিত নিয়ােগ কৰাৰ বাবে চৰকাৰখনে পদক্ষেপ লৈ আছে। মাইক্রফাইনেন্সৰ ঋণ গ্রহণ কৰা মহিলাসকললৈ ঋণ ৰেহাইৰ প্রক্রিয়া নৱেম্বৰ মাহৰ পৰা আৰম্ভ হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। ভাষণ প্রসংগত মুখ্যমন্ত্ৰীয়ে কয় যে তামাৰহাট আৰু হাতীধূৰা অঞ্চলৰ বিদ্যুৎ সৰবৰাহৰ ব্যৱস্থা উন্নত কৰি তােলা হ’ব। বৃহত্তৰ তামাৰহাট অঞ্চলৰ জনসাধাৰণৰ স্বাস্থ্য সেৱা উন্নত কৰাৰ বাবে তামাৰহাট ক্ষুদ্র প্রাথমিক স্বাস্থ কেন্দ্ৰখন উন্নীত কৰা হ’ব। তামাৰহাট অঞ্চলৰ খহনীয়া সমস্যা বিজ্ঞান সন্মতভাৱে সমাধানৰ পদক্ষেপ লােৱা হ’ব। বৃহত্তৰ তামাৰহাত অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলৰ সুবিধার্থে চৰকাৰে অঞ্চলটোত এখন বিজ্ঞান মহাবিদ্যালয় স্থাপন কৰিব। অঞ্চলটোৰ পথ যােগাযােগ ব্যৱস্থা উন্নত কৰাৰ বাবে চৰকাৰে ক্ষীপ্র পদক্ষেপ ল’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। দিংদিঙা শ্রীনগৰ সত্ৰত অনুষ্ঠিত নির্বাচনী সভাৰ পূর্বে মুখ্যমন্ত্রী ড° শৰ্মাই ঐতিহাসিক ৰামৰাইকূটী সত্ৰৰ এক উল্লেখযােগ্য শাখা সত্ৰ দিংদিঙা শ্রীনগৰ সত্ৰ দৰ্শন কৰি ৰাজ্যবাসীৰ কুশল-মংগল কামনা কৰি সেৱা লয়।আনহাতে তামুলপুৰ সমষ্টিৰ শুক্লাই চেৰফাঙৰ ঔবাৰীত আয়ােজিত আন এখন নির্বাচনী সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে গাখীৰ নিদিয়া গৰুক খাঁহ খুৱাই লাভ নাই। সেয়েহে তামুলপুৰ সমষ্টিৰ উপ-নির্বাচনত বিৰােধীদলৰ প্রার্থী গণেশ কছাৰীক নিজৰ বহুমূলীয়া ভােট দি ভােট নষ্ট নকৰিবলৈ জনসাধাৰণৰ প্রতি আহ্বান জনায়। চৰকাৰী আঁচনিৰ নামত অসমত দুখীয়া মানুহৰ ওপৰত চলা অত্যাচাৰ বন্ধ হ’বই লাগিব বুলি মন্তব্য কৰি তামুলপুৰ সমষ্টিৰ একাংশ সুলভ মূল্যৰ দোকানৰ গৰাকীয়ে চাউল বিতৰণৰ ক্ষেত্ৰত গ্ৰাহকৰ পৰা অতিৰিক্ত ধন সংগ্রহ কৰা বুলি ৰাইজে তােলা অভিযােগ সন্দৰ্ভত আজিৰ ভিতৰতে বুজ লৈ বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে যােগান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু বিটিআৰৰ উপ-মুখ্যকাৰ্যবাহী সদস্য গােবিন্দ বসুমতাৰীক মুখ্যমন্ত্ৰীয়ে কয়। ভাষণ প্রসংগত মুখ্যমন্ত্ৰীয়ে লগতে কয় যে বিটিআৰৰ শান্তি চুক্তিৰ পাছত বিটিআৰবাসীয়ে এতিয়া ইয়াৰ সুফল লাভ কৰাৰ প্রক্রিয়া আৰম্ভ হৈছে। বিগত পাঁচ মাহৰ ভিতৰতে বৃহত্তৰ তামুলপুৰবাসীয়ে নতুন চৰকাৰৰ পৰা কেইবাটাও উল্লেখযােগ্য উপহাৰ লাভ কৰিবলৈ সক্ষম হৈছে। তামুলপুৰবাসীয়ে নতুন জিলা,নতুন চিকিৎসা মহাবিদ্যালয়, পাগলাদিয়া নদীৰ ওপৰত দুখন নতুন দলং, বাইহাটা চাৰিআলিৰ পৰা বগীমাটিলৈ দুইলেন যুক্ত পথৰ লেখীয়া বহুতাে উল্লেখযােগ্য আন্তঃগাঁথনিমূলক প্রকল্প লাভ কৰিবলৈ সক্ষম হৈছে বুলিও তেওঁ কয়। ভাষণ প্রসংগত মুখ্যমন্ত্ৰীয়ে ঔবাৰীত এখন নতুন ষ্টেডিয়াম স্থাপনৰ বাবে ৰাজ্য চৰকাৰে ১০ কোটি টকা প্রদান কৰিব বুলি কয়। অৰুণােদয়’ আঁচনিৰ অধীনত সমষ্টিটোৰ বৰ্তমানৰ হিতাধিকাৰীৰ সংখ্যা ১৬ হাজাৰৰ পৰা ২৬ হাজাৰলৈ বৃদ্ধি কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। ঔবাৰীত অনুষ্ঠিত নির্বাচনী সভাৰ পূর্বে সভাস্থলীৰ নিকটৱর্তী শিৱ মন্দিৰ দৰ্শন কৰি ৰাজ্যবাসীৰ কুশল-মংগল কামনাৰে সেৱা আগবঢ়ায়। আনহাতে লক্ষীনাৰায়ণপুৰৰ আঙাৰকাটাত আয়ােজিত আন এখন নির্বাচনী সভাত মুখ্যমন্ত্ৰীয়ে কয় যে তামুলপুৰক অচিৰেই জিলা হিচাপে উন্নীত কৰা হ’ব। চৰকাৰে পাগলাদিয়া নদীৰ ওপৰত এখন দলং নিৰ্মাণ কৰিছে আৰু আন এখন দলং অচিৰেই নির্মাণ হ’ব। আঙাৰকাটাত উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপন কৰা হ’ব বুলিও তেওঁ কয়। তামুলপুৰ অচিৰেই অসমৰ এক উন্নত সমষ্টিত পৰিগণিত হ’ব বুলিও তেওঁ ভাষণ প্রসংগত কয়। এই নির্বাচনী সভা সমূহ বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমােদ বড়াে, উপ-মুখ্যকাৰ্যবাহী সদস্য গােবিন্দ বসুমতাৰী, কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলী, মন্ত্রীসকল ক্ৰমে ৰঞ্জিত কুমাৰ দাস, ইউ জি ব্রহ্ম, অংশােক সিংহল, অসম বিধান সভাৰ উপাধ্যক্ষ ডাঃ নােমল মমিন, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, সাংসদ ভুৱনেশ্বৰ কলিতা, বিধায়কসকল ক্রমে লৰেন্স ইছলাৰী, ভাস্কৰ শৰ্মা, গণেশ লিম্বু, দিগন্ত কলিতা, মিহিৰ কান্তি সােম, জিতু গােস্বামী, প্রাক্তন বিধায়ক অশ্বিনী ৰায় সৰকাৰ, অশােক সিংহী, ইমানুৱেল মুছাহাৰী, সত্যব্রত কলিতা, গােসাইগাঁও আৰু তামুলপুৰ বিধান সভা উপ-নির্বাচনৰ মিত্ৰজোঁটৰ প্রার্থী ক্রমে জিৰণ বসুমতাৰী, জলেন দৈমাৰী আৰু মিত্ৰজোঁটৰ দলসমূহৰ শীর্ষ নেতাসকলে অংশ গ্রহণ কৰে।