ব্রহ্মপুত্র–বৰাক উপত্যকাৰ চাহ শ্রমিকৰ মজুৰি ২০৫ টকালৈ বৃদ্ধি

PC_TheSENTINALASSAM

অনলাইন বাৰ্ত্তাসেৱা- শুকুৰবাৰে অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত বৈঠকত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সৈতে চাহ বাগিচাৰ মালিক পক্ষক প্রতিনিধিত্ব কৰা একাংশ সংগঠন আৰু কেইবাটাও চাহ শ্রমিক সংগঠনৰ সৈতে হোৱা আলোচনাৰ অন্তত এই সিদ্ধান্ত গ্রহণ কৰা হয় যে চাহ শ্রমিকৰ দৈনিক মজুৰি ৩৮ টকাকৈ বৃদ্ধি হৱ৷ ইয়াৰ লগে লগে ব্রহ্মপুত্র উপত্যকাত চাহ শ্রমিকসকলৰ দৈনিক মজুৰি ১৬৭ টকাৰ পৰা ২০৫ টকালৈ বৃদ্ধি পাব৷ সমান্তৰালভাৱে বৰাক উপত্যকাত চাহ শ্রমিককসকলৰ মজুৰি ১৪৫ টকাৰ পৰা ১৮৩ টকালৈ বৃদ্ধি পাব৷