ৰিয়েলিটি শ্ব’ মাষ্টাৰচেফত বিজয়ী অসমৰ নয়নজ্যোতি

Pc Times of India

ৰিয়েলিটি শ্ব’ মাষ্টাৰচেফত বিজয়ী অসমৰ নয়নজ্যোতি

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতৰ জনপ্ৰিয় ৰন্ধন ৰিয়েলিটি শ্ব’ মাষ্টাৰচেফ ইণ্ডিয়া চিজন ৭ত উজলিল অসমৰ দুগৰাকী সন্তান। এগৰাকীয়ে এই প্ৰতিযোগিতাৰ খিতাপ অৰ্জন কৰাৰ লগতে আনগৰাকীয়ে প্ৰথম ৰানাৰ্চ আপ হিচাপে জয় লাভ কৰিলে। দৰ্শকৰ সমাদৰ লাভ কৰা ৰিয়েলিটি শ্ব’টোৰ এই চিজনত অসমৰ পৰা তিনিগৰাকী প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল আৰু নিজৰ ৰন্ধন প্ৰতিভা প্ৰদৰ্শনেৰে তেওঁলোকৰ মাজৰে দুগৰাকীয়ে শীৰ্ষ দুটা স্থান দখল কৰিবলৈ সক্ষম হয়। এই অনুষ্ঠানটোত অসমৰ নয়নজ্যোতি শইকীয়াই মাষ্টাৰচেফ ইণ্ডিয়া চিজন ৭ৰ খিতাপ অৰ্জন কৰিছে। তেওঁৰ লগতে অসমৰ শান্তা শৰ্মাই প্ৰথম ৰানাৰ্চ আপ হিচাপে জয় লাভ কৰে। নয়নজ্যোতিয়ে হাঁহৰ মাংস ৰান্ধি বিচাৰকৰ মন জয় কৰিলে আৰু ফাইনেলত ট্ৰফী লাভ কৰিবলৈ সক্ষম হয়। লগতে তেওঁ ২৫ লাখ টকা পুৰস্কাৰ হিচাপে লাভ কৰিছে।ৰিয়েলিটি শ্ব’টোৰ বিচাৰক হিচাপে বিকাশ খান্না, ৰণবীৰ ব্ৰাৰ আৰু গৰিমা অৰোৰা আছিল। ইয়াৰ ফাইনেলত চেফ সঞ্জীৱ কাপুৰে অন্য এক বিচাৰক হিচাপে অংশ লৈছিল।