ৰাজ্যৰ শিক্ষা বিভাগত পুনৰ পদ পূৰণক লৈ সৃষ্টি হৈছে ব্যাপক খেলিমেলি

PC The sentinel assam

ৰাজ্যৰ শিক্ষা বিভাগত পুনৰ পদ পূৰণক লৈ সৃষ্টি হৈছে ব্যাপক খেলিমেলি

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ শিক্ষা বিভাগত ২,২৭২টা পদ পূৰণক লৈ শেহতীয়াকৈ সৃষ্টি হৈছে ব্যাপক খেলিমেলি।উচ্চতৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত বিজ্ঞাপন প্ৰকাশ কৰি স্নাতকোত্তৰ ২,২৭২টা শিক্ষকৰ পদ পূৰণৰ বাবে আবেদন বিচাৰিছিল।বিজ্ঞাপনত স্পষ্ট কৰি দিয়া হৈছিল যে স্নাতক আৰু স্নাতকোত্তৰ স্তৰত যিটো বিষয় গুৰু বিষয় হিচাপে লৈ অধ্যয়ন সম্পূৰ্ণ কৰিছে, সেই বিষয়টোতহে এগৰাকী প্ৰাৰ্থীয়ে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। সেই ভিত্তিত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰাৰ্থীসকলে আবেদন দাখিল কৰে। আবেদনসমূহ পৰীক্ষা কৰাৰ বাবে যোৱা ২৫ নৱেম্বৰত প্ৰতিখন জিলাতে শিক্ষা বিভাগে গঠন কৰি দিয়ে নথিপত্ৰ নিৰীক্ষণ প্রক্রিয়া। এই নথিপত্ৰ নিৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। কিন্তু এইক্ষেত্ৰত একাংশ প্ৰাৰ্থীয়ে কৰা খেলিমেলিয়ে সমগ্ৰ বিষয়টো অনিশ্চয়তালৈ ঠেলি দিছে। উত্থাপিত অভিযোগ অনুসৰি একাংশ প্ৰাৰ্থীয়ে বিজ্ঞাপনত স্পষ্ট নির্দেশনা থকাৰ পিছতো নিজৰ গুৰু বিষয়ৰ উপৰি আন আন বিষয়ৰ পদত আবেদন কৰিছে। বিজ্ঞান, কলা শাখাত এই খেলিমেলি পৰিলক্ষিত হৈছে যদিও বাণিজ্য শাখাত এনেধৰণৰ আবেদন সর্বাধিক। মূল সমস্যাটো হৈছে জিলা ভিত্তিত গঠন কৰি দিয়া নথিপত্ৰ পৰীক্ষণ সমিতিয়ে বিজ্ঞাপনৰ নিৰ্দেশনাৰ পিছতো গুৰু বিষয়ক বিশেষ অগ্ৰাধিকাৰ দিয়া নাই। এনেস্থলত যিসকল আবেদনকাৰীয়ে নিজৰ গুৰু বিষয়ৰ নিৰ্দিষ্ট এটা পদতহে আবেদন কৰিছে, সেইসকল প্রার্থী তথা আবেদনকাৰী বঞ্চিত হোৱাৰ শংকা গঢ়ি উঠিছে। নিৰীক্ষণ সমিতিসমূহে বিজ্ঞাপনৰ নিৰ্দেশনাক অমান্য কৰাৰ ফলত বহু প্রার্থী বঞ্চিত হোৱাটো প্রায় নিশ্চিত হৈছে। এইক্ষেত্ৰত একাংশ প্রার্থীয়ে শিক্ষা বিভাগ, শিক্ষামন্ত্রী ডাঃ ৰণোজ পেণ্ড আৰু মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপৰ দাবী তুলিছে।