ৰাজ্যত যান-বাহনৰ গতিবেগ নিয়ন্ত্ৰণৰ বাবে নীতি-নিৰ্দেশনা জাৰি

ক’ত, কিমান স্পীডত চলাব পাৰিব গাড়ী? ৰাজ্যত যান-বাহনৰ গতিবেগ নিয়ন্ত্ৰণৰ বাবে নীতি-নিৰ্দেশনা জাৰি

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যত যান-বাহনৰ গতিবেগ নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ নীতি-নিৰ্দেশনা জাৰি।ৰাজ্যৰ পথ সমূহক মুঠ ১২ টা ভাগত ভাগ কৰি সৰ্বোচ্চ গতিবেগ নিৰ্ধাৰণ কৰিছে।গুৱাহাটী মহানগৰৰ উপৰিও ৰাজ্যৰ অন্যান্য নগৰ এলেকাত প্ৰতি ঘণ্টাত ৪০ কিলোমিটাৰ বেগত যান-বাহন চলাব লাগিব।চাৰিলেন যুক্ত ৰাজ্যিক ঘাইপথৰ বাবেও ঘণ্টাত সৰ্বাধিক ৮০ কলোমিটাৰ গতিবেগ নিৰ্ধাৰণ কৰিছে।ৰাজ্যিক ঘাইপথসমূহত ঘণ্টাত ৮০ কিলোমিটাৰ বেগত যান-বাহন চলাচন কৰিব পাৰিব।ৰাজ্যিক ঘাইপথ সমূহ সৰ্বনিম্ন গতিবেগ ২০ কিলোমিটাৰ ধাৰ্য কৰা হৈছে।গুৱাহাটীৰ পথ বিভাজক থকা পথ সমূহত প্ৰতি ঘণ্টাত ৫০ কোলিমিটাৰতকৈ অধিক গতিত যান-বাহনসমূহ চলাচল কৰিব পাৰিব।পথ বিভাজক নথকা গুৱাহাটীৰ পথসমূহত প্ৰতি ঘণ্টাত ৪০ কিলোমিটাৰ বেগত যানবাহন চলাচল কৰিব পাৰিব।অৱশ্যে এয়া এক খচৰা অধিসূচনাহে।এই নিৰ্দেশনাৰ ওপৰত সংশ্লিষ্ট কৰ্তৃপক্ষসমূহে লোকনিৰ্মাণ বিভাগক নিজৰ ওজৰ আপত্তি তথা পৰামৰ্শ আগবঢ়াব পাৰিব।