ৰাজনীতিৰ আশ্ৰয় লৈ ক্ষুদ্ৰ বাতৰি কাকতসমূহক ন্যায্য অধিকাৰৰ পৰা বঞ্চিত কৰাৰ অভিযোগ

pc Huffpost

ৰাজনীতিৰ আশ্ৰয় লৈ ক্ষুদ্ৰ বাতৰি কাকতসমূহক ন্যায্য অধিকাৰৰ পৰা বঞ্চিত কৰাৰ অভিযোগ

ৰঙিলী বাৰ্ত্তাসেৱা-  লৱীকেন্দ্ৰিক ৰাজনীতিৰ আশ্ৰয় লৈ ক্ষুদ্ৰ বাতৰি কাকতসমূহক ন্যায্য অধিকাৰৰ পৰা বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰিছে অল ইন্দিয়া স্মল এণ্ড মেডিয়াম নিউজপেপাৰছ ফেডাৰেশ্বন,আসাম ষ্টেট আৰু অল ইন্দিয়া স্মল নিউজপেপাৰছ এছ’চিয়েশ্বন,আসাম ষ্টেট,নৰ্থ-ইষ্ট জ’ন সংগঠন দুটাই৷ এক প্ৰেছ বিবৃতি যোগে উক্ত সংগঠন দুটাৰ সভাপতি দেবজিৎ সৰকাৰ আৰু সভাপতি পন্দিত সঞ্জীৱ নাৰায়ন দাসে কয়-সোমবাৰৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ বাজেট অধিৱেশন৷ প্ৰতিবাৰে অনুষ্ঠিত হৈ অহা এনে অধিৱেশনত ৰাজ্যৰ সংবাদ মাধ্যমসমূহে বাতৰি পৰিৱেশন কৰি জনসাধাৰণক অৱগত কৰি আহিছে৷ এইক্ষেত্ৰত ব্যতিক্ৰম নহয় ৰাজ্যৰ ক্ষুদ্ৰ বাতৰি কাকতসমূহো৷ সীমিত পৰিসৰেৰে চলা এনে সংবাদ পত্ৰ সমূহে অসমৰ সংবাদ জগতত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷ লগতে অসম বিধানসভাতো বাতৰি পৰিৱেশন কৰি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰূপে গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি আহিছে৷ কিন্তু লক্ষণীয় বিষয়টো হ’ল যে চলিত বাজেট অধিৱেশনৰ বাবে বিধানসভা চৌহদৰ সাংবাদিক বীথিকাত প্ৰৱেশৰ ক্ষেত্ৰত ক্ষুদ্ৰ বাতৰি কাকতসমূহে প্ৰৱেশৰ ক্ষেত্ৰত ভীষণ সমস্যাত পৰিবলগীয়া হৈছে৷ উল্লেখ্য যে বিধানসভাৰ বীথিকাত প্ৰৱেশ কৰিবলৈ অসম বিধানসভাৰ অধ্যক্ষৰ নেতৃত্বত এখন প্ৰেছ ৰিপ’টাৰ্ছ সমিতি আছে৷ এই সমিতিখনে সাংবাদিকসকলক প্ৰৱেশপত্ৰ প্ৰদানৰ বিষয়টো চোৱাচিতা কৰি আহিছে৷ এইবাৰ  ক্ষুদ্ৰ বাতৰিকাকতসমূহক এই সমিতিয়ে বঞ্চনা কৰি আহিছে৷ ক্ষুদ্ৰ বাতৰি কাকতসমূহে বাৰম্বাৰ অনুৰোধ কৰাৰ পাছতো সমিতিয়ে নিজৰ সদস্যপদত নৰখাৰ উপৰিও সমিতিৰ সদস্যপদতো কোনো ক্ষুদ্ৰ কাকতৰ প্ৰতিনিধিক অন্তৰ্ভুক্ত কৰা নাই৷ ইয়াৰ আঁৰৰ ৰহস্য কি সেয়া এতিয়া ক্ষুদ্ৰ বাতৰি কাকতৰ লগত জড়িত সাংবাদিক তথা সংবাদকৰ্মীসকলৰ মাজত প্ৰশ্নৰ উত্থাপিত হৈছে৷ অসম বিধানসভাৰ অধ্যক্ষৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা জনসংযোগ মন্ত্ৰীগৰাকীয়ে ক্ষুদ্ৰ বাতৰি কাকতসমূহক উদ্ধাৰ কৰাৰ বাবে যথেষ্ট সঁহাৰি প্ৰদান কৰিছে৷  কিন্তু কি অজ্ঞাত কাৰণত অসম বিধানসভাৰ প্ৰেছ ৰিপ’টাৰ্ছ সমিতিয়ে ক্ষুদ্ৰ বাতৰি কাকত সমূহক ভাৰত চৰকাৰৰ আৰ এন আই বিভাগৰ পঞ্জীয়নভুক্ত হোৱাৰ পাছতো তথা অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ অনুমোদন থকাৰ পাছতো বঞ্চনা কৰিছে সেয়া ৰহস্যৰ আৱৰ্তত৷