বিশিষ্ট সাহিত্যিকলৈ সাহিত্য পৰিষদৰ সন্মানীয় সদস্য সন্মান

pc khas khabar

বিশিষ্ট সাহিত্যিকলৈ সাহিত্য পৰিষদৰ সন্মানীয় সদস্য সন্মান

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ যশস্বী সংস্কৃত পণ্ডিত , সাহিত্যিক অধ্যাপক উমাকান্ত দেৱ শৰ্মা শাস্ত্ৰী, বিশিষ্ট গৱেষক- সাহিত্যিক কনক চন্দ্ৰ শৰ্মা আৰু মৰণোত্তৰভাৱে গৱেষক-পণ্ডিত অধ্যাপক ড° বাণীকান্ত শৰ্মালৈ অখিল ভাৰতীয় সাহিত্য পৰিষদ,অসমে পৰিষদৰ নিয়মাৱলী অনুসৰি দি অহা সৰ্বোচ্চ ‘সন্মানীয় সদস্য সন্মান’ এইবাৰ এই তিনিগৰাকী বিশিষ্ট ব্যাক্তিক প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। সাহিত্য পৰিষদৰ ২ আৰু ৩ এপ্ৰিলত গুৱাহাটীৰ শিল্পগ্ৰামত হ’বলগীয়া পঞ্চম ত্ৰি -বাৰ্ষিক অধিৱেশনৰ সভাত উক্ত বিশেষ সন্মান প্ৰদান কৰা হ’ব। অসমৰ ভাষা- সাহিত্য-সংস্কৃতিলৈ বিশিষ্ট বৰঙনি আগবঢ়োৱা ড° প্ৰতাপ চন্দ্ৰ চৌধুৰী, শিৱ প্ৰসাদ বৰুৱা, ড° প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য, ৰাম নিৰঞ্জন গোৱেঙ্কা, যতীন গোস্বামী , অধ্যাপক ভৱপ্ৰসাদ  চলিহা,ড° নবীন চন্দ্ৰ শৰ্মা, ড° দেবেন চন্দ্ৰ দাস আৰু বাসুদেৱ গোস্বামীক ইতিমধ্যে পৰিষদৰ এই বিশিষ্ট সন্মান আগবঢ়োৱা হৈছে। অখিল ভাৰতীয় সাহিত্য পৰিষদৰ স্মাৰক ,অভিনন্দন পত্ৰ ,অঙ্গ বস্ত্ৰ আদিৰে বিশেষ ধৰণে ’সন্মানীয় সদস্য সন্মান’ প্ৰদান কৰা হ’ব বুলি পৰিষদৰ সভাপতি ধীৰেণ  শৰ্মা আৰু সচিব প্ৰধান কমল কলিতাই জানিবলৈ দিছে৷