ৰং বং তেৰাঙৰ ‘ৰংমিলিৰ হাঁহি’ উপন্যাসত প্ৰতিফলিত কাৰ্বি জনজীৱন – দৰ্শনা দত্ত

Pc Assam Prakashan Parishad

ৰং বং তেৰাঙৰ ‘ৰংমিলিৰ হাঁহি’ উপন্যাসত প্ৰতিফলিত কাৰ্বি জনজীৱন

দৰ্শনা দত্ত
দেৰগাঁও,গোলাঘাট 

অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰা জনজাতীয় লেখকসকলৰ ভিতৰত ৰং বং তেৰাঙৰ নাম উল্লেখযোগ্য।ঔপন্যাসিক হিচাপে তেওঁ কেইবাখনো উপন্যাস ৰচনা কৰিছে।’ৰংমিলিৰ হাঁহি'(১৯৮১),’নীলা আৰ্কিড'(২০০১),’জাক হেৰুওৱা পক্ষী'(২০০৫), ‘ক্ৰান্তিকালৰ অশ্ৰু'(২০০৫),’মিৰবিন'(২০০৯) আদি তেৰাঙৰ উল্লেখযোগ্য উপন্যাস।ইয়াৰ ভিতৰত ‘ৰংমিলিৰ হাঁহি'(১৯৮১)তেওঁৰ প্ৰথমখন উপন্যাস।অসমীয়া সাহিত্যৰ জগতত কাৰ্বি জনজীৱনক উজ্জ্বল ৰূপেৰে চিত্ৰিত কৰা এক প্ৰাণৱন্ত দাপোনস্বৰূপ উপন্যাস হ’ল এই ‘ৰংমিলিৰ হাঁহি’ উপন্যাসখন। বিংশ শতিকাৰ প্ৰাক্ স্বাধীনতা কালত ৰচিত এই উপন্যাসখনে পাহাৰৰ সহজ-সৰল কাৰ্বি মানুহৰ সমাজ ব্যৱস্থা,পৰম্পৰা,ৰীতি-নীতি, লোকবিশ্বাস আদি প্ৰতিফলিত কৰিছে। তাৰোপৰি এচাম ক্ষমতাৰ অপপ্ৰয়োগ কৰা মানুহৰ বিপৰীতে সৰল মন আৰু নব্য চিন্তাৰ বাৰ্তাবাহক লোকৰ কঠিন জীৱন সংগ্ৰামৰ ছবিও উপন্যাসখনত প্ৰকাশিত হৈছে।

পশ্চিম কাৰ্বি আংলঙৰ বৰপানী নদীৰ পাৰৰ ৰংমিলি নামৰ এখন কাৰ্বি গাঁৱক কেন্দ্ৰ কৰি ‘ৰংমিলিৰ হাঁহি ‘ উপন্যাসৰ কাহিনীভাগ ৰচিত। পূৰ্ব স্বাধীনতা কালৰ পটভূমিত লিখা এই উপন্যাস ৰ কাহিনীত দেখা যায় পৰম্পৰাগত ৰীতি- নীতি আৰু ঝুম খেতিৰ মাজেৰেই সহজ,সৰলভাৱে জীৱন নিৰ্বাহ কৰি থকা ৰংমিলি গাঁৱৰ নিৰীহ কাৰ্বি লোকসকলৰ মাজত সময়ৰ সোঁতত বাহ্যিক জগত আৰু আধুনিকতাৰ পৰশ পৰে, যাৰ বাবে মানুহখিনিৰ মাজত জটিলতা,স্বাৰ্থপৰতা আদি আহি পৰে আৰু সমাজতো বিভাজনৰ সৃষ্টি হয়। উপন্যাসখনৰ মূল চৰিত্ৰ ছাৰইক তেৰাঙকে ধৰি তেওঁৰ পত্নী কাছাং ৰংহাপী আদি চৰিত্ৰৰ মাজেৰে কাৰ্বি মানু্হৰ নৈতিকতা,সৰলতা আৰু একতাৰ চিত্ৰ তুলি ধৰা হৈছে। কালক্ৰমত মিছনেৰীসকলৰ আগমন,আধুনিক শিক্ষা তথা প্ৰশাসনৰ প্ৰৱেশ আদিৰ প্ৰভাৱত একতাৰ এনাজৰীৰে বিৰিঙাই থকা ৰংমিলিৰ পুৰণি আৰু নিভাঁজ হাঁহিটো নাইকীয়া কৰি পেলায়। মূলত সৰল আৰু বিশ্বাসী কাৰ্বি জনজীৱনৰ পৰা কালক্ৰমত হেৰাই যোৱা ঐতিহ্যতা আৰু পৰিৱৰ্তনৰ যন্ত্ৰণাই হ’ল ‘ ৰংমিলিৰ হাঁহি’ উপন্যাসৰ মূল সাৰাংশ।

সমাজ ব্যৱস্থা:

‘ৰংমিলিৰ হাঁহি’ উপন্যাসত কাৰ্বি সমাজ ব্যৱস্থাৰ এক পৰম্পৰাগত আৰু সুগঠিত ৰূপ দেখা পোৱা যায়। কাৰ্বি সমাজখন মূলত ‘চাৰ্থে’ অৰ্থাৎ গাঁওবুঢ়াৰ নেতৃত্বত পৰিচালিত। গাঁওবাসীৰ মাজত গভীৰ একতা আৰু ভাতৃত্ববোধ বিৰাজমান। লোক পৰম্পৰা আৰু ধৰ্মীয় বিশ্বাসে মানুহখিনিক একগোট কৰি ৰাখে। তেওঁলোকৰ সমাজৰ যিকোনো বিষয়, সমস্যা আদি আলোচনাৰ বাবে ৰাইজ মেলসমূহ গাওঁবুঢ়াৰ ঘৰতে অনুষ্ঠিত হয়। ‘ৰংমিলিৰ হাঁহি’ উপন্যাসতো দেখা যায় খেতি বাতিৰ সমস্যা, চ’জুন পূজা পতা আদি আলোচনা কৰিবলৈ ৰংমিলি গাঁৱৰ ‘চাৰ্থে’ ছাৰইক তেৰাঙৰ ঘৰত ৰাইজমেল বহিছে –

   ” সাজ লগাৰ সময়।

ছাৰইক তেৰাঙৰ চ’ৰাঘৰত শাৰী শাৰী গাঁৱৰ ৰাইজ বহিছেহি। হংফাৰলাৰ তিনিওফালে বেৰ দিয়া। বেৰবোৰ ইকৰাৰ। সন্মুখফালে বেৰ নাই, মুকলি। সোঁ মাজতে জুইশাল। মৃদু শিখাৰে জ্বলি থকা জুইৰ পোহৰে চ’ৰাঘৰ পোহৰাইছে। ছাৰইক তেৰাঙৰ কাষতে ৰিছ’বাছা আৰু লিন্দক দুয়ো বহিছে। ছাৰইকহঁতে বহা সিটো মূৰত ফেৰাংকে, বুৰতিমেন, মুতিয়াৰ – এওঁলোক বহিছেহি। চোতালৰ ফালে মুখ কৰি গাঁৱৰ বয়োবৃদ্ধ লংফিৰি ইংতি আৰু লগত গাঁৱৰে আন মানুহবোৰ বহি আছে।”(পৃষ্ঠা-১৭,ৰংমিলিৰ হাঁহি – ৰং বং তেৰাং,নৱম সংস্কৰণ,ডিচেম্বৰ,২০১৫)।

উপন্যাসখনৰ এই বিশেষ অংশটোৰ যোগেদি কাৰ্বি সমাজৰ জীৱন সংগ্ৰামৰ অতি সৰল অথচ গভীৰ ছবি এখনো প্ৰতিফলিত হৈছে। চ’ৰাঘৰৰ বেৰবোৰ ‘ইকৰা’ৰে নিৰ্মিত হোৱা আৰু জুহালৰ জুইৰ পোহৰেৰে ঘৰটো পোহৰাই তোলাৰ বৰ্ণনাই তেওঁলোকে কেনেকৈ প্ৰাকৃতিক সম্পদৰ ওপৰতে সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰি নিজৰ বাসস্থান আৰু জীৱনৰ প্ৰয়োজনসমূহ পূৰণ কৰিছিল তাক প্ৰমাণ কৰে। পাহাৰীয়া দুৰ্গম পৰিৱেশত একতা অবিহনে জীয়াই থকাটো সম্ভৱ নহয়, সেয়েহে গাঁৱৰ ৰাইজ ‘শাৰী শাৰী’কৈ একগোট হৈ বহি কৰা সামাজিক আলোচনাৰ মাজেৰে তেওঁলোকৰ সামূহিক সংগ্ৰামৰ মনোভাৱ প্ৰকাশ পাইছে। লগতে ছাৰইক তেৰাং, ৰিছ’বাছা বা লিন্দকৰ দৰে পৰম্পৰাগত পদবীধাৰী ব্যক্তিসকলৰ উপস্থিতিয়ে সূচায় যে বাহ্যিক জগতৰ পৰা বিচ্ছিন্ন হৈও তেওঁলোকে নিজৰ স্বকীয় প্ৰশাসনিক আৰু সামাজিক অনুশাসনৰ বলত অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম চলাই গৈছিল। এক কথাত ক’বলৈ গ’লে, প্ৰকৃতিৰ লগত ওতঃপ্ৰোত সম্পৰ্ক আৰু সামাজিক ঐক্যই আছিল কাৰ্বিসকলৰ সংগ্ৰামী জীৱনৰ প্ৰকৃত শক্তি।

আনহাতে কাৰ্বি সমাজত ‘চাৰ্থে’ই যিদৰে গাঁওখনৰ মানু্হৰ ওপৰত দায়িত্ব পালন কৰে,সেইদৰে তেওঁৰ পত্নী ‘চাৰ্থে – পী’ অৰ্থাৎ গাঁওবুঢ়ানীয়েও একেই দায়িত্ব পালন কৰে। তেওঁ গাঁৱৰ তিৰোতাসকলৰ প্ৰতি দায়বদ্ধ। ‘ৰংমিলিৰ হাঁহি’ উপন্যাসত গাঁৱৰে তিৰোতা কাৰেং ৰংহাপীয়ে ধান বিচাৰি আহোঁতে ছাৰইক তেৰাঙৰ পত্নী কাছাং ৰংহাপীয়ে চিন্তা কৰাৰ মাজত গাঁওবুঢ়ানী হিচাপে তেওঁৰ দায়িত্ববোধ প্ৰকাশ পাইছে।

উৎসৱ – পাৰ্বণ:

কাৰ্বি সমাজত বছৰৰ ভিন ভিন সময়ত উৎসৱ- অনুষ্ঠান,পূজা-পাতল আদি অনুষ্ঠিত কৰে।এই উৎসৱ- অনুষ্ঠানসমূহৰ যোগেদি সমাজৰ সকলো মানু্হৰ মাজত ভাতৃত্ববোধৰ এনাজৰীডাল অধিক দৃঢ় হৈ পৰে। ঝুম খেতি কৰাৰ আগে আগে কাৰ্বিসকলে চ’জুন নামে এটা কৃষিভিত্তিক পূজা অনুষ্ঠিত কৰে। ‘ৰংমিলিৰ হাঁহি’ত চ’জুন পূজা অনুষ্ঠানৰ বৰ্ণনা পোৱা যায়। ছাৰইক তেৰাঙৰ ঘৰতে ৰংমিলিৰ ৰাইজে চ’জুন পূজা অনুষ্ঠিত কৰিছে। পূজাৰ বাবে সামগ্ৰী যেনে – বাঁহৰ চুঙা কটা, বেদী স্থাপন কৰা, বনশাক বিচৰা, লাওপানী, ফটিকা,সাজ আদি গোটাবৰ বাবে সকলোকে কামবোৰ ভগাই দিয়া হৈছে। পূজাৰ দিনাও সকলোৰে ব্যস্ততাৰ অন্ত নাই। ডেকা-গাভৰু সকলো মিলি হাতে-কামে কাম – কাজ চলাই নিছে –

১. ” বাঁহৰ দীঘল চুঙাৰে কাৰ্বি লাংপিৰ নিৰ্মল পানী কঢ়িয়াই গাঁৱৰ গাভৰুসকলে পূজাথলীৰ ৰাইজক পানীৰ যোগান ধৰিছে অক্লান্তভাৱে।”(পৃষ্ঠা- ৩১)

২. “ডেকাসকল ব্যস্ত হৈ পৰিল। ল’ৰূপাত, কলপাত, বাঁহৰ চুঙা এফালৰ পৰা ডেকাসকলে বিলাই যাবলৈ ধৰিলে। ছেং তেৰণ, লুমজং, ফানকুহঁতে মদৰ বটলবোৰ হাতত লৈ মান অনুসৰি মাননি মদ বিলাই গ’ল।”(পৃষ্ঠা -৩৩)

চ’জুন পূজাৰ উপৰিও ৰংকেৰ পূজা, চমাংকান, হেমফু উৎসৱ, বল- কেতেৰ পূজা আদি অনুষ্ঠানো উপন্যাসখনত বৰ্ণিত হৈছে।

খাদ্যাভাস:

কাৰ্বি সমাজৰ প্ৰকৃতি নিৰ্ভৰ আৰু পৰম্পৰাগত খাদ্যাভ্যাসৰ এক সুন্দৰ ছবি ‘ৰংমিলিৰ হাঁহি ‘ উপন্যাসত ফুটি উঠিছে। চাউলৰ পৰা প্ৰস্তুত কৰা ‘ হৰআলাং ‘ অৰ্থাৎ লাওপানী তেওঁলোকৰ ধৰ্মীয় অনষ্ঠানসমূহত অতিথি আপ্যায়নৰ অবিচ্ছেদ্য এবিধ পানীয়। ইয়াৰোপৰি ভাত,মদ,কুকুৰা আৰু গাহৰিকে ধৰি আন বিভিন্ন সিজোৱা মাংস,শুকান মাছ,বিভিন্ন শাক আদি কাৰ্বি খাদ্যসম্ভাৰৰ অন্তৰ্গত। ‘ৰংমিলিৰ হাঁহি’ত কাৰ্বি খাদ্যসম্ভাৰৰ বৰ্ণনা পোৱা যায় –

১.” কুকুৰা চৰাইৰ মূৰ, ঠেংসহ কৰঙন, গাহৰিৰ ওঁঠ আদিৰে মানী ব্যক্তিসকললৈ আগবঢ়ালে।বিধে বিধে সিজোৱা মঙহৰ আঞ্জাবোৰ ভাতৰ পাতত বিলাই দিয়া হ’ল।”(পৃষ্ঠা -৩৩)

২.”ছেং তেৰণ, লুমজং, ফানকুহঁতে মদৰ বটলবোৰ হাতত লৈ মান অনুসৰি মাননি মদ বিলাই গ’ল।(পৃষ্ঠা -৩৩)

গীত- মাত:

কাৰ্বি লোকসংস্কৃতিৰ এক অপৰিহাৰ্য অংগ হিচাপে গীত-মাতৰ এক সুন্দৰ চিত্ৰণ ‘ৰংমিলিৰ হাঁহি’ উপন্যাসত পোৱা যায়। এই গীত- মাতবোৰ কাৰ্বি জনজীৱনৰ কেৱল এক বিনোদনেই নহয়, বৰঞ্চ এইসমূহ তেওঁলোকৰ পৰম্পৰা, বিশ্বাস আৰু জীৱন দৰ্শনৰো বাহক।

উপন্যাসখনৰ আৰম্ভণিতে ছাৰইক তেৰাঙে ৰংমিলিৰ কোনোবা ডেকাই সন্ধিয়াৰ সময়ত গোৱা এফাকি গীত শুনিবলৈ পাইছে –

” বংঅ’ ই মিৰ তামপে
নাংছনথত কেমে।
আৱে দাক পিৰথে,
ইথাক মানাইকে
দ’লাং অপ্ৰিনপ্ৰে।
ই – হু- হু -হু -(পৃষ্ঠা- ৪)

প্ৰকৃতি জগতখন কাৰ্বিসকলৰ অতিকে আপোন। উপন্যাসখনত নতুন বছৰৰ বাৰ্তাবাহক কেতেকীজনীৰ সৈতে কাৰ্বি কৃষকে গোৱা এফাকি গীত পোৱা যায় – “কেতেকীজনীৰ লগত সুৰ মিলাই কাৰ্বি কৃষকে গায় স্বতঃস্ফুৰ্তভাৱে-

অ থং কাংক’
ৰিত নং মেল’
বতৰ দেৰপ’।”(পৃষ্ঠা-৬২)

উপন্যাসখনত এইসমূহ গীতৰ উপৰি চ’মাংকানৰ গীত,ঋতু পৰিৱৰ্তনৰ গীত, বৰ্ষা দেৱীৰ গীত,হেমফু পূজাৰ গীত আদিয়ে কাৰ্বি লোকসংস্কৃতি তথা পৰম্পৰাৰ সহজ-সৰল ছবিখন দাঙি ধৰে।

লোকবিশ্বাস:

‘ৰংমিলিৰ হাঁহি’ উপন্যাসত কাৰ্বি সমাজত প্ৰচলিত গভীৰ লোকবিশ্বাসৰ প্ৰতিফলন ঘটিছে। তেওঁলোকৰ পূজা- পাতলসমূহত গাহৰি আৰু কুকুৰা উচৰ্গা কৰাটো এক পৰম্পৰা। পূজাত উচৰ্গা কৰা গাহৰিৰটোৰ কলিজা আৰু হাওঁফাওঁ যদি স্পষ্ট হয়,তেতিয়া সেইটো তেওঁলোকে মংগলদায়ক বুলি ভাৱে। সেইদৰে কুকুৰা কাটিও তেওঁলোকে দেৱতালৈ আগবঢ়ায়। আগবঢ়োৱা কুকুৰাটো যদি ভাল হয়, তেতিয়া শস্য উৎপাদনো ভাল হয় বুলি তেওঁলোকে বিশ্বাস কৰে। উপন্যাসখনত কাৰ্বি সমাজৰ এনে লোকবিশ্বাস প্ৰকাশিত হৈছে –

” পিৰথাৎ গাহৰি কটাতো চ’জুন পূজাৰ এক উল্লেখযোগ্য দিশ। গাহৰিৰ কলিজা আৰু হাওঁফাওঁৰ অন্তৰালত নিহিত থাকে গৃহস্থৰ ৰহস্যময় কলিজাটো। কলিজা আৰু হাওঁফাওঁ উলিয়াই মানে পূজাৰীয়ে বাকীবোৰ দেৱতালৈ কুকুৰা চৰাই কাটি পূজাৰ নৈবেদ্য আগবঢ়ালে। হাৰাতা দেৱতালৈ আগবঢ়োৱা চৰাই মূট – অৱস্থানটো চমৎকাৰ। খেতি-পথাৰ ভাল হোৱাৰ ইংগিত। কাৰণ হাৰাতা হ’ল – মাটিৰ পলস নষ্ট কৰা অপদেৱতা। এইজন দেৱতা সন্তুষ্ট হোৱা মানেই খেতি পথাৰো ভাল হোৱা বুলি কাৰ্বিসকলে বিশ্বাস কৰে।”(পৃষ্ঠা -২৯-৩০)

কাৰ্বিসকলৰ বনদেৱতাক গভীৰ বিশ্বাস কৰে। কাৰণ প্ৰকৃতিয়েই তেওঁলোকৰ একমাত্ৰ আশ্ৰয়থল। বনদেৱতাৰ প্ৰতি থকা তেওঁলোকৰ বিশ্বাস উপন্যাসখনত প্ৰকাশ পাইছে এনেদৰে – ” সুদূৰ পাহাৰীয়া অঞ্চলৰ পৰা ভৈয়ামলৈ নামি অহাৰ একমাত্ৰ প্ৰধান পথ এই টীকা পাহাৰেই । ভৈয়ামমুখী কাৰ্বিসকলে বাট নাপাহৰিবলৈ দাখনেৰে গছৰ গাত পূৰণ চিন কাটি থৈ যায়।গছ পাতকেইখিলামান গছৰ গুৰিত দি টীকা ছাৰপলৈ সেৱা আগবঢ়ায়। ভয় ভক্তিৰে টীকা ছাৰপলৈ শিৰণত কৰে সিহঁতে। দুৰ্ঘোৰ বনাঞ্চলত সেইজনা দেৱতাৰ বাহিৰে কোনে বাৰু আৰলেংসকলক ৰক্ষা কৰিব। দানস্বৰূপে প্ৰকৃতিৰ সামান্য গছ-পাত আগবঢ়াই দি সিহঁতে প্ৰাৰ্থনা কৰে:হে মহান দেৱতা, টীকা ছাৰপ’ গৃহ প্ৰত্যাৱৰ্তনৰ পথ যেন দেখুৱাই দিয়া।”(পৃষ্ঠা- ৭২-৭২)

প্ৰকৃতি চিত্ৰণ:

‘ৰংমিলিৰ হাঁহি’ উপন্যাসত প্ৰকৃতি কেৱল এক পটভূমি হিচাপে চিত্ৰণ হোৱা নাই, ই কাৰ্বি জনজীৱনৰ অবিচ্ছিন্ন অংগ হিচাপে প্ৰতিফলিত হৈছে। বৰপানী নৈৰ পাৰৰ সেউজীয়া,ঘন অৰণ্য আৰু পাহাৰীয়া নিজৰাই উপন্যাসখনক এক সুকীয়া মাত্ৰা প্ৰদান কৰিছে। কাৰ্বিসকলৰ প্ৰতিটো দিনেই প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰশীল। পাহাৰৰ বুকুত কৰা ঝুম খেতিৰ পৰা আৰম্ভ কৰি ধৰ্মীয় বিশ্বাস আদি সকলোতে প্ৰকৃতি দেৱতাই তেওঁলোকৰ মাজত বিৰাজমান। ঋতু পৰিৱৰ্তনৰ লগে লগে প্ৰকৃতিৰ যি ৰূপ সলনি হয়, তাৰ লগত সংগতি ৰাখিয়েই গঞাসকলৰ সুখ আৰু দুখ দুয়োটাই নিৰ্ভৰ কৰে।

সামৰণিত ক’ব পাৰি যে ৰং বং তেৰাঙৰ ‘ৰংমিলিৰ হাঁহি’কেৱল এটা কল্পিত কাহিনীয়েই নহয়,বৰঞ্চ ই কাৰ্বি পাহাৰৰ জনজীৱনৰ এখন সতেজ আৰু নিভাজ ছবি। এই উপন্যাসখনৰ জৰিয়তে অসমীয়া সাহিত্যত প্ৰথমবাৰৰ বাবে এটা জনজাতিৰ সংস্কৃতি,ধৰ্মীয় বিশ্বাস,পৰম্পৰা,খাদ্যাভাস আৰু তেওঁলোকৰ কষ্ট আৰু সংগ্ৰামী সত্তাটোৱে এক মৰ্যাদাপূৰ্ণ স্থান লাভ কৰিছে।তেৰাঙৰ নিপুণ বৰ্ণনাত প্ৰকাশিত হৈছে কিদৰে ৰংমিলিৰ নিভাজ হাঁহিটোৱে এটা জাতিৰ উত্থান-পতন,সৰলতা আৰু পৰিৱৰ্তনৰ কাহিনীক প্ৰতিনিধিত্ব কৰিছে। ৰংমিলি গাঁৱৰ মানুহ আৰু পৰিৱেশৰ মাজেৰে লেখকে দেখুৱাইছে যে প্ৰকৃতি আৰু মানুহৰ মাজৰ নিবিড় সম্পৰ্কই কেনেকৈ এটা জাতিক জীয়াই থকাৰ প্ৰেৰণা যোগায়। যদিও আধুনিকতাৰ স্পৰ্শত সমাজখনৰ পুৰণি গাঁথনি আৰু এনাজৰীক ঠুনুকা কৰিছে আৰু চহৰীয়া যান্ত্ৰিকতাই তেওঁলোকৰ নিভাজ হাঁহিটো ম্লান কৰি পেলাইছে,তথাপিও উপন্যাসখনত প্ৰতিফলিত হোৱা কাৰ্বি সংস্কৃতিৰ মনোৰম দৃশ্য আজিও অম্লান হৈ আছে। এক কথাত ক’বলৈ গ’লে,কাৰ্বি সমাজৰ স্বকীয়তা আৰু আধুনিক সভ্যতাৰ সংঘাতৰ এক কৰুণ অথচ বাস্তৱবাদী দলিল হিচাপে ‘ৰংমিলিৰ হাঁহি’ অসমীয়া সাহিত্যৰ এক অমূল্য সম্পদ আৰু কালজয়ী সৃষ্টি।

সহায়ক গ্ৰন্থপঞ্জী:

মুখ্য গ্ৰন্থ

১. তেৰাং,ৰং বং: ৰংমিলিৰ হাঁহি,অসম প্ৰকাশন পৰিষদ, গুৱাহাটী,নৱম সংস্কৰণ,ডিচেম্বৰ,২০১৫

সহায়ক গ্ৰন্থ

১. ঠাকুৰ,নগেন(সম্পা):এশ বছৰৰ অসমীয়া উপন্যাস, জ্যোতি প্ৰকাশন গুৱাহাটী,পুনৰ মুদ্ৰণ:নৱেম্বৰ,২০১৮

২. বড়ো,ধীৰেণ: জনজাতীয় পটভূমিত ৰচিত অসমীয়া উপন্যাস,পূৰ্বায়ন প্ৰকাশন,গুৱাহাটী,প্ৰথম প্ৰকাশ: ডিচেম্বৰ,২০১৬

৩. শইকীয়া,অজিৎ:জনজাতীয় জীৱনভিত্তিক অসমীয়া উপন্যাস,সাৰদা প্ৰকাশ,গুৱাহাটী,প্ৰথম প্ৰকাশ: জুলাই,২০০৫

৪. শইকীয়া,চিত্ৰজিৎ (সম্পা): জনজাতীয় মূলৰ অসমীয়া ঔপন্যাসিকৰ উপন্যাস বিচাৰ আৰু বিশ্লেষণ,প্ৰকাশক: শ্ৰী প্ৰদ্যুৎ হাজৰিকা,বনলতা,ডিব্ৰুগড়,প্ৰথম সংস্কৰণ: ছেপ্টেম্বৰ,২০১৭

error: Content is protected !!