জালুকবাৰী সমষ্টিত বৃহৎ জয় ড০ হিমন্ত বিশ্ব শৰ্মাৰ

জালুকবাৰী সমষ্টিত বৃহৎ জয় ড০ হিমন্ত বিশ্ব শৰ্মাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ষষ্ঠবাৰৰ বাবে জালুকবাৰী বিধানসভা সমষ্টিত ড০ হিমন্ত বিশ্ব শৰ্মাই পুনৰ এক বৃহৎ বিজয় লাভ কৰিছে।  ৮৭,৭০১ টা ভোটৰ ব্যৱধানত জালুকবাৰী সমষ্টিৰ পৰা বৃহৎ জয় সাব্যস্ত কৰিলে ড০ হিমন্ত বিশ্ব শৰ্মাই ।৩৭ নং জালুকবাৰী সমষ্টিৰ পৰা ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিপৰীতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল কংগ্ৰেছ প্ৰাৰ্থী বিদিশা নেওগ আৰু নিৰ্দলীয় প্ৰাৰ্থী দীপিকা দাসে । ১৮টা ৰাউণ্ডত হোৱা এই ভোট গণনাত প্ৰথম ৰাউণ্ডৰ পৰাই আন দুগৰাকী বিৰোধী প্ৰাৰ্থীতকৈ অগ্ৰগতি লাভ কৰি আছিল শৰ্মাই । ১৮টা ৰাউণ্ডত ডঃ হিমন্ত বিশ্ব শৰ্মাই মুঠ ১,২৪,৯৯৬ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছ প্ৰাৰ্থী বিদিশা নেওগে ৩৭,২৯৫ টা ভোট আৰু নিৰ্দলীয় প্ৰাৰ্থী দীপিকা দাসে ২,৫১ ২ টা ভোট লাভ কৰে । আনহাতে ৩,৩৮৮ টা ভোট ন’টাত পৰে ।উল্লেখযোগ্য যে এইবাৰ ড০ হিমন্ত বিশ্ব শৰ্মা ষষ্ঠবাৰলৈ জালুকবাৰী সমষ্টিৰ পৰা জয়ী হ’ল। দীর্ঘদিন ধৰি এই সমষ্টিত তেওঁৰ জনপ্রিয়তা অব্যাহত থকাৰ লগতে উন্নয়নমূলক কাম-কাজ আৰু ৰাজনৈতিক অভিজ্ঞতাই তেওঁক পুনৰ জয়ৰ শিখৰত উপনীত কৰিছে বুলি ৰাজনৈতিক মহলে মন্তব্য কৰিছে। অসম বিধানসভা নিৰ্বাচনত জালুকবাৰী সমষ্টিৰ পৰা বৰ্তমানলৈকে ষষ্ঠবাৰলৈ নিৰ্বাচিত হোৱা হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক জীৱন আৰম্ভ হৈছিল ২০০১ চনৰ পৰা । অসম গণ পৰিষদৰ নেতা ভৃগু কুমাৰ ফুকনক পৰাস্ত কৰি কংগ্ৰেছ দলৰ পৰা ২০০১ চনত তেওঁ প্ৰথমবাৰৰ বাবে জালুকবাৰীৰ পৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল । ইয়াৰ পৰৱৰ্তী সময়ত ২০০৬ আৰু ২০১১ চনত কংগ্ৰেছ দলৰ পৰা একেটা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হয় । ২০১১ চনত হিমন্ত বিশ্ব শৰ্মাৰ জোৰতেই ৭৮ খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল কংগ্ৰেছ দলে ।২০১১ চনত জালুকবাৰী সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা শৰ্মাই ২০১৫ চনৰ ২৩ আগষ্টত কংগ্ৰেছত ২২ বছৰীয়া ৰাজনৈতিক জীৱনৰ অন্ত পেলাই যোগদান কৰে ভাৰতীয় জনতা পাৰ্টিত । ইয়াৰ পাছত ২০১৬ আৰু ২০২১ চনত ভাৰতীয় জনতা পাৰ্টীৰ পৰা জয়ী হয় শৰ্মা ।২০২১ চনত তেওঁ অসমৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হয় ।  এই ফলাফলৰ পিছত বিজেপি কর্মীসকলৰ মাজত আনন্দৰ ঢৌ দেখা গৈছে। সমষ্টিৰ বিভিন্ন স্থানত বিজয় উল্লাস পালন কৰা হৈছে।