মৰিয়নীত জয়লাভ কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে
ৰঙিলী বাৰ্ত্তাসেৱা- অসম বিধানসভা নিৰ্বাচনত ধূলিসাৎ হোৱাৰ দিশে কংগ্ৰেছৰ নেতৃত্বাধীন বিৰোধী ঐক্য। মৰিয়নীত পুনৰ জয়লাভ কৰিলে ৰূপজ্যোতি কুৰ্মীয়ে। ৰাজনীতিৰ পথাৰত খোজ পেলাই মুখথেকেচা খালে ডঃ জ্ঞানশ্ৰী বৰাই। মৰিয়নিৰ ১৫টা ৰাউণ্ডৰ ভোটগণনা সম্পন্ন হোৱাৰ পাছত ২৬,৮৪৭টা ভোটৰ ব্যৱধানত জয়ী হয় বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মী।বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীয়ে ৭৮,৯৫৯টা ভোট লাভ কৰিছে। সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ৰাইজৰ দলৰ প্ৰাৰ্থী জ্ঞানশ্ৰী বৰাই ৫২,১১২টা ভোট লাভ কৰে নিৰ্দলীয় প্ৰাৰ্থী সিদ্ধাৰ্থ বৰাই লাভ কৰে ১০৩৭টা ভোট। পঞ্চমবাৰলৈ মৰিয়নি সমষ্টিৰ বিধায়ক হ’ল ৰূপজ্যোতি কুৰ্মী
