৬৩ শতাংশলৈ বৃদ্ধি পাব পাৰে নতুন ডিএৰ হাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেন্সনাৰসকলৰ বাবে সু-খবৰ। চলিত বৰ্ষৰ এক জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীসকলৰ মৰগীয়া বানচ পুনৰ ৩ শতাংশ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। সকলো ঠিকে থাকিলে আগন্তুক উৎসৱৰ বতৰ আৰম্ভ হোৱাৰ প্ৰাকমুহূৰ্ততে মোদী চৰকাৰে মৰগীয়া বানচ সন্দর্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। চৰকাৰী নিয়ম অনুসৰি ১২ মাহৰ অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্স ফৰ ইণ্ডাষ্ট্ৰিয়েল ৱৰ্কছ (এআইচিপিআই-আইডব্লিউ)ৰ মুদ্রাস্ফীতিৰ তথ্যৰ ওপৰত ভিত্তি কৰি বছৰত দুবাৰ কৰ্মচাৰীৰ মৰগীয়া বানচ সংশোধন কৰা হয়। শেহতীয়া তথ্য অনুসৰি জুন মাহৰ এআইচিপিআই-আইডব্লিউৰ সূচক আছিল ১৫১.৯, যাৰ ফলত যোৱা ১২ মাহৰ গড়সূচক ১৪৮.৬৫লৈ বৃদ্ধি পায়। ইয়াৰ ভিত্তিত ডিএ নিৰ্ধাৰণৰ হাৰ ৬৩.৭৬ শতাংশ হয়গৈ। যিহেতু চৰকাৰে মৰগীয়া বানচৰ অংশ সদায় পূর্ণ সংখ্যাত গণনা কৰে। সেয়েহে নতুন ডিএৰ হাৰ ৬৩ শতাংশ হোৱাটো নিশ্চিত। উল্লেখ্য যে চলিত বৰ্ষৰ এপ্রিল মাহত চৰকাৰে দুই শতাংশ ডিএ বৃদ্ধি কৰাত এই হাৰ ৫৮ শতাংশৰ পৰা ৬০ শতাংশ হৈছে। এতিয়া অতিৰিক্ত ৩ শতাংশ বৃদ্ধি কৰিলে মূল দৰমহা (বেছিক পে’)ৰ ভিত্তিত কৰ্মচাৰীসকলৰ উপাৰ্জন উল্লেখযোগ্যভাবে বৃদ্ধি পাব। উদাহৰণস্বৰূপে ১৮,০০০ টকা বেছিক পে’ পোৱা কৰ্মচাৰীয়ে মাহে ৫৪০ টকা, ৩০,০০০ বেছিক পে’ পোৱাসকলে ৯০০ টকা আৰু ৫০,০০০ টকা বেছি পোৱাসকলে মাহে ১,৫০০ টকাকৈ অতিৰিক্তভাৱে লাভ কৰিব।
